আমি একোজন এনে নৱপ্ৰজন্মক লগ পাইছো যিয়ে প্ৰতিখন তেওঁলোকৰ ঘৰৰ কাষতেই হোৱা নাটক অথবা থিয়েটাৰ উপভোগ কৰিবলৈ ইমানেই অধিক উত্ৰাৱল হৈ পৰে যে সেইসমূহত কৰা অভিনয় সমূহ দেখি তেওঁলোকে নিজৰ জীৱনৰ লক্ষ্য ঠিৰাং কৰাৰ মানসিকতা গঢ়ি তোলে। বৰ্তমান আমাৰ সমুখলৈ অহা একোজন অভিনেতা-অভিনত্ৰীয়ে সৰুৰে পৰা কৰা তেওঁলোকৰ নিৰৱিচ্চিন্ন প্ৰচেষ্টাৰ ফলত আজি মনোৰঞ্জন ক্ষেত্ৰখনৰ এনে এক পৰ্যায়ত উপনীত হৈছে য’ৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনক আৰু এঢাপ ওপৰলৈ তুলি নিয়াত সক্ষম হৈছে। আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা শেহতীয়াকৈ কথা পাতিছিলো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০১৬/১৭ বৰ্ষৰ যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেতা মিন্তু হাজৰিকাৰ সৈতে। অভিনয়ৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “তেতিয়া সৰু আছিলোঁ; স্কুলত পঢ়ি আছিলো। যোৰহাট মোৰ জন্ম স্থান। আমি য’ত আছিলোঁ তাৰ ওচৰতে এটা প্ৰেক্ষাগৃহ আছিল আৰু তেতিয়া তাত প্ৰায়ে নাটক বা বিভিন্ন অনুষ্ঠানবোৰ হৈ থাকে। যেতিয়া নাটক হয় বা নাটকৰ আখৰা চলি থাকে মই সদায়ে তালৈ যাওঁ আখৰা চাবলৈ আৰু ঘৰত আহি ঘৰৰ বিচনাৰ ওপৰত উঠি তেওঁলোকে কৰা অভিনয় বোৰ কৰি থাকোঁ। ক’ব গ’লে, ঘৰৰ বিচনাখনেই মোৰ প্ৰথম মঞ্চ; এনেকৈ এইবোৰেই মোৰ মনত ক্ৰিয়া কৰিছিল। এদিন এখন পেপাৰত যোৰহাটৰ প্ৰতিষ্ঠিত অনুষ্ঠান সূৰুজ ড্ৰামা প্ৰডাকচনৰ এটা নাট্য কৰ্মশালাৰ কথা পাইছিলো; অভিনয় অথবা নাটক এইবোৰ একো নজনাকৈ তাত যোৱাৰ কথা ভাবিলো। সেয়াই আছিল আৰম্ভণি, তাতে লগ পালো সকলোৰে চিনাকী বিশিষ্ট নাট্যকৰ্মী মানবেন্দ্ৰ শৰ্মা ছাৰক; এওঁলোকেই এই নাট্য কৰ্মশালাৰ আয়োজন কৰে । তাত শিকিছিলোঁ প্ৰথম মঞ্চৰ কথা, নাটকৰ কথা আৰু জীৱনৰ প্ৰথম খন নাটক কৰিছিলোঁ আৰু তাৰ পৰাই আৰম্ভ হৈছিল নাটকৰ যাত্ৰাৰ। বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তিক তেনেকৈ লগ পাইছিলোঁ, শিকি গৈ আছিলোঁ। এনেকৈ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিলোঁ। পিছলৈ, যোৰহাট নাট্য বিদ্যালয়ৰ সৈতে এদিন জড়িত হ’বলৈ সুবিধা পাইছিলোঁ; তাত আৰু বহল পৰিসৰত বহুত কথা শিকিব পাৰিছিলো । তাত কৰ্মশালা কৰি নাটক কৰিছিলোঁ, সকলোৰে পৰিচিত দেৱব্ৰত মহন্ত ছাৰ সহিতে কৰ্মশালাত NSD ৰ কিছু অভিজ্ঞ লোকক লগ পাইছিলোঁ আৰু তেওঁলোকৰ সৈতে কৰ্মশালা কৰি নাটক কৰাৰ সুবিধা পাইছিলোঁ ।
তেওঁ আগলৈ কয় যে, “যোৰহাট ড্ৰামা একাডেমী ,নাট্যকৰ্মী ৰাজীৱ কুমাৰ দত্তৰ পৰিচালিত , জনসাংস্কৃতিক মঞ্চ ইত্যাদি ঠাইত নাটক কৰাৰ সুবিধা পাইছিলো। যোৰহাটত প্ৰায় প্ৰতিষ্ঠিত সকলোৰে লগত কাম কৰাৰ সুবিধা পাইছিলোঁ, যেনে ধৰক দেৱব্ৰত মহন্ত ছাৰ, মানবেন্দ্ৰ শৰ্মা,জেতবন বৰুৱা ছাৰ, ৰাজীৱ কুমাৰ দত্ত , ইত্যাদি। ঠিক এনেকৈ বিভিন্ন নাটক , একাংকিকা প্ৰতিযোগিতা আদি বোৰত জড়িত হৈ পৰিছিলোঁ; পিছলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ নাটক প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলো।মহাবিদ্যালয়ৰ প্ৰতিযোগিতাটো বঁটা পাইছিলোঁ; নাটক মোৰ কাৰণে যেন এৰাব নোৱাৰা অংগ হৈ পৰিছিল। এনেকৈ এদিন সংস্কাৰ ভাৰতীৰ সহযোগত উত্তৰ প্ৰদেশ এল্লাহবাদত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মঞ্চতটো অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলো। এতিয়ালৈকে এনেদৰেই নাটক কৰি অহা হৈছে যদিও সংগীতৰ প্ৰতিও কিছু দূৰ্বলতা থকাৰ বাবে মাজে মাজে সুবিধা পালে গীত গোৱা হয়; এনেকৈ মনোৰঞ্জন ক্ষেত্ৰখনত নিজকে জড়িত কৰিবলৈ চেষ্টা কৰি আছো আৰু কৰি যাম।” ভৱিষ্যতে কেনেধৰণৰ চৰিত্ৰ ৰূপায়ন অথবা কেনে প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ ইচ্ছা বুলি প্ৰশ্ন কৰাত মিন্তু হাজৰিকাই কয় যে,
” নতুনত্বই সকলোকে আকৰ্ষণ কৰে; ঠিক তেনেকৈ নতুনত্বৰ সৈতে কাম কৰিব বিচাৰো। বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰো; একেধৰণৰ কাম হ’লে অকণমান মই আমনি পাওঁ । অপেছাদাৰী মঞ্চত অভিনয় কৰি আছোঁ আৰু কৰি যাম ঠিক তেনেকৈ কেমেৰা , ভ্ৰাম্যমাণ সকলোতে অভিনয় কৰাৰ ইচ্ছা আছে যিহেতু সকলোৰে অভিনয় শৈলী কিছু ভিন্ন । চুটি ছবিত অভিনয় কৰা হৈছে যদিও বহল পৰিসৰত কাম কৰাৰ হেঁপাহ এটা আছে; বিশেষকৈ ডাৰ্ক, থ্ৰীলাৰ আদি এনেকুৱা বিষয় বোৰে বেছিকৈ আকৰ্ষণ কৰে। সুবিধা পালে নিশ্চয় কৰিম । আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত প্ৰতিভাগৰাকীয়ে কয় যে, “মনত বহুত ইচ্ছা আছে যদিও কিছু ক্ষেত্ৰত কিছু নিজৰ সমস্যাৰ বাবে ক’ৰবাত নহয় ক’ৰবাত থমকি কেতিয়াবা ৰ’ব লগা হয়; এয়া সময়ৰ আহ্বান। আমি সময়ক লৈয়ে চলিব লাগিব; সম্পূৰ্ণ পেচাগত ভাবে এতিয়াও ল’ব পৰা নাই এই দিশটো যদিও নিচা হিচাপে কাম কৰি গৈ আছোঁ।”
আগলৈ কয় যে, “আগন্তক কিছু পৰিকল্পনা আছে, সেয়া নাটক তথা চুটি ছবি আদি বা তাতকৈ বহল পৰিসৰত কাম কৰাৰ। বিশেষকৈ, অসমীয়া উদ্যোগটোক লৈ বিভিন্ন চৰ্চা কৰি কিছু ক্ষেত্ৰত কিছু নতুন কাম কৰাৰ হেঁপাহ আছে। নিশ্চয় এদিন সফল হ’ব বুলি মই আশাবাদী; time will say everything … কাৰণ বহু হাজাৰ বাট যাবলৈ আছে । এই বাটত বহু শিকিবলৈ আছে। মই ভাবো, শিকি থকাৰ বাটতো কেতিয়াও শেষ নহয়। য’ত শেষ হয় বুলি আমি ভাবো তাতেই নতুনৰ সৃষ্টি হয়। গতিকে,, আমি প্ৰথমতে যিমান পাৰোঁ শিকি গৈ থাকিব লাগে, লাগিলে তোমাক মানুহে দুদিনমান দেৰিকৈ তথা কেইটামান মানুহেই চিনি পাওঁক। শিক্ষাই আমাক বেলেগতকৈ কিছু হ’লেও পৃথক কৰি ৰাখিব বুলি মোৰ বিশ্বাস।”
Add comment