Rupaliparda.com
বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট! কাক দিছিল ভোট? শুনক Cultivators ৰ "বিচাৰৰ শেষ ৰাতি"- 1

বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট! কাক দিছিল ভোট? শুনক Cultivators ৰ “বিচাৰৰ শেষ ৰাতি”-

তৃতীয়টো পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ শেষৰটো পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ক্ষমতাসম্পন্ন প্ৰভাৱশালী নেতাৰ সমান্তৰালকৈ সাধাৰণজনে প্ৰত্যেকটো ৰাজনৈতিক দলকে বিগত দিনকেইটাত পুংখানুপুংখভাৱে পৰীক্ষা কৰিবলৈ সক্ষম হৈছে। অসমখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অথবা নিজ জাতিটোৰ হিত হোৱাৰ স্বাৰ্থত প্ৰতিজন বিবেকবান ৰাইজে প্ৰদান কৰিছিল নিজৰ বহুমূলীয়া ভোট। নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতেই এইবাৰ মনোৰঞ্জন ক্ষেত্ৰখনত সন্নিৱিষ্ট শিল্পী, কলা-কুশলীয়ে নিৰ্বাচন কেন্দ্ৰিক কেইবাটাও প্ৰকল্পৰ সৃষ্টি কৰি উলিয়াইছিল; যি প্ৰকল্পৰ দ্বাৰা সৰুকৈ হ’লেও এটা ৰাজনৈতিক বাৰ্তা দিবলৈ চেষ্টা কৰিছিল তেওঁলোকে। আমি জনগণৰ কোনেও কাঢ়ি নিব নোৱাৰা এক অস্ত্ৰ হৈছে ভোটাধিকাৰ; কোনো অইন সা-সম্পত্তিৰে পৰিপূৰ্ণ নহ’লেও একোজন জনসাধাৰণৰ লগত থকা ভোটৰ অধিকাৰে তেওঁক এগৰাকী সচেতন নাগৰিক হিচাপে চিনাকী কৰোৱায়। নিৰ্বাচনক লৈ সৃষ্টি হোৱা একাংশ প্ৰকল্পৰ মাজৰে এটি উল্লেখনীয় প্ৰকল্প হৈছে Cultivators ৰ দ্বাৰা মুক্তিপ্ৰাপ্ত গীত “বিচাৰৰ শেষ ৰাতি।” গীতটি সন্দৰ্ভত তেওঁলোকে কয় যে, “মানুহৰ উৰ্ধত সমাজ। সমাজেই ৰাজনীতিৰ দিশ নিৰ্ণয় কৰে। দুৰ্নীতি আৰু আদৰ্শহীন ৰাজনীতিত গণতন্ত্ৰই কক্ষচ্যুৎ হয় বুলি শংকা হয়। এই ভীতি অথবা বিভ্ৰান্তি দূৰ কৰি, গণতন্ত্ৰৰ সমতা আৰু ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে আমি জনগনৰ আছে এক আমোঘ অস্ত্ৰ- ‘ভোটাধিকাৰ’। যাক শাসক-শোষক, বণিক-বিৰোধী কোনোৱেই প্ৰলোভনেৰে কিনিব নোৱাৰে, যাক বিক্ৰী কৰাতো নৈতিকতা নাথাকে। যাতে বিচাৰ আৰু বিবেচনাৰে, চিন্তাৰে, দূৰদৰ্শিতাৰে সমাজত একোজন সৎ আৰু দক্ষ জন-প্ৰতিনিধি নিৰ্বাচিত কৰা হয়, সেয়া গুৰুত্বপূৰ্ণ কথা।


ৰাজনীতিৰ পৰিবৰ্তন আৰু পৰিব্যপ্তিত জাতি আৰু ভাষাৰ অস্তিত্বলৈ প্ৰত্যাহ্বান নামি আহিছে, এয়াও চিন্তনীয়। সেয়েহে জাতীয়তাবাদী আবেগকো নাঃ ক’ব নোৱাৰোঁ।” গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ কৰিছে অৰূপ জ্যোতি বৰুৱাই; গীতটিত কথা মৃণাল পি জ্যোতিৰ আৰু সংগীত প্ৰযোজনা, গীতাৰৰ দায়িত্বত আছে ইশানু। বাঁহী ভাস্কৰ জ্যোতি কলিতাৰ লগতে শব্দ-সংমিশ্ৰণ ভাস্কৰ শৰ্মাৰ। Cultivators ৰ এগৰাকী সদস্য অৰূপ জ্যোতি বৰুৱাৰ এই সংগীত ক্ষেত্ৰখনত অৱদান সমূহৰ বিষয়ে আকৌ এবাৰ নতুনকৈ আপোনালোকক জনোৱাৰ হয়টো নিশ্চয় প্ৰয়োজন নাই। “সংগ নহ’লে সংগীত নহয়” বুলি থকা কথাষাৰৰ ওপৰতেই বিশ্বাস কৰিয়েই অৰূপ জ্যোতি বৰুৱাই আন কেইবাগৰাকীও উদীয়মান শিল্পীক লগত লৈ “Cultivators” নামে বেণ্ডৰ গঠন কৰি কামসমূহ আৰম্ভ কৰিবলৈ লৈছিল। থলুৱা সংগীতৰ সৈতে ইলেক্ট্ৰনিক সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা অৰূপ জ্যোতি বৰুৱাৰ পাৰদৰ্শিতাই আচলতে গীত সমূহ আৰু অধিক উপভোগ্য কৰি তোলে।

বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট! কাক দিছিল ভোট? শুনক Cultivators ৰ "বিচাৰৰ শেষ ৰাতি"- 2


“Cultivators” ৰ এই জয়যাত্ৰা অব্যাহত থাকক। তেওঁলোকৰ প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.