Rupaliparda.com
বিহুলৈ মাজত কেইটামান দিনঃ নীল আকাশ আৰু দীপলিনা ডেকাৰ প্ৰথম duet- 1

বিহুলৈ মাজত কেইটামান দিনঃ নীল আকাশ আৰু দীপলিনা ডেকাৰ প্ৰথম duet-

ৰঙালীক আদৰিবলৈ সাজু অসমীয়া; এইপিনে আকৌ নিজ নিজ বিহুগীতৰ সৈতে সাজু হৈ উঠিছে কন্ঠশিল্পী কেইগৰাকীও। শেহতীয়াকৈ কন্ঠশিল্পী দীপলিনা ডেকাৰ এটি পোষ্টে সকলোকে উৎসাহিত কৰি তুলিবলৈ সক্ষম হৈ উঠিছে। আকৌ এটি নতুন বিহুৰ সৈতে অনুৰাগীৰ কাষ চাপিব জনপ্ৰিয় কন্ঠশিল্পী গৰাকী। “চেংকন” শীৰ্ষক এটি নতুন বিহু গীতক কাইলৈ অৰ্থাৎ ১০ এপ্ৰিল তাৰিখে মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰে কন্ঠশিল্পী দীপলিনাই। দীপলিনা ডেকাৰ গীত বুলিলেই সুখী হোৱা এচামলৈ আচলতে আনিছো আন এক সুখবৰো; এই গীতটিত দীপলিনাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিব আন এগৰাকী অসমীয়া জনপ্ৰিয় কন্ঠশিল্পীয়ে। তেওঁ হৈছে নীল আকাশ; অৰ্থাৎ দীপলিনা ডেকা আৰু নীল আকাশৰ যুঁটীয়া কন্ঠৰে মুক্তি পাবলগীয়া “চেংকন” হৈছে তেওঁলোকৰ প্ৰথমটো অফিচিয়েল গীত। কন্ঠশিল্পী দুয়োগৰাকীৰে নতুন যুঁটি আৰু “চেংকন” ৰ বাবে বৰ্তমান উৎসাহী কন্ঠশিল্পী দুগৰাকীৰ অনুৰাগী। গীতটিৰ বিষয়ে শ্বেয়াৰ কৰি দীপলিনাই কয়,

বিহুলৈ মাজত কেইটামান দিনঃ নীল আকাশ আৰু দীপলিনা ডেকাৰ প্ৰথম duet- 2


“বহুতে কৈ আছিল এটি বিহুসুৰীয়া গীত লাগে য’ত মই নিজে অভিনয় বা এপাক বিহু নাচো, যদিও হেঁপাহৰ বিহুটি আহি পালেহিয়ে তথাপিও অতি কম সময়ৰ ভিতৰত মৰমেৰে কৰা এটি প্ৰচেষ্টা আগবঢ়াব ওলাইছো ‘চেংকণ’ মোৰ লগতে আপোনালোকৰ প্রিয় কন্ঠশিল্পী নীল আকাশৰ কণ্ঠত অহা ১০ তাৰিখে আহি আছে, পিছে officially আমাৰ এইটো হ’ব প্ৰথম duet ❤️”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.