Rupaliparda.com
দুবাৰকৈ গৰ্ভপাত হোৱাৰ পিছত স্বামীৰ সঁহাৰি পোৱা মহিমা চৌধুৰীয়ে! 1

দুবাৰকৈ গৰ্ভপাত হোৱাৰ পিছত স্বামীৰ সঁহাৰি পোৱা মহিমা চৌধুৰীয়ে!

৯০ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ নাম হৈছে মহিমা চৌধুৰী। কেৰিয়াৰৰ প্ৰথমাৱস্থাতেই অভিনেত্ৰী গৰাকীয়ে কেইবাগৰাকীও জনপ্ৰিয় তাৰকাৰ সৈতে অভিনয়ৰ সুবিধা লাভ কৰিছিল। কিন্তু পিছলৈ তেওঁ হঠাৎ হেৰাই গৈছিল আৰু তেওঁক কোনো ছবি অথবা কোনো অইন প্ৰকল্পৰ সৈতে দৰ্শকৰ উপভোগ কৰিবলৈ পোৱা নাছিল; শেহতীয়াকৈ মহিমা চৌধুৰীয়ে এক ৱেব পৰ্টেল যোগে নিজ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ কৰে। তেওঁৰ বৈবাহিক জীৱনত হোৱা খেলি-মেলিৰ কথা ব্যক্ত কৰি অভিনেত্ৰী গৰাকী মানসিক ৰূপে ভাগি পৰা বুলি কয়। তেওঁ কয় যে, “মোৰ বিবাহ ভঙাৰ ক্ষেত্ৰত কিছু সৰু সৰু কাৰণ আছিল। মোৰ স্বামীৰ সৈতে প্ৰায়ে কাজিয়া হৈছিল; যিবোৰ কাজিয়াৰ বিষয়ে মই অইনৰ আগত কেতিয়াও প্ৰকাশ কৰা নাছিলো। মোৰ দুবাৰকৈ গৰ্ভপাত হৈছিল যদিও মই সেই সময়খিনিত স্বামীৰ সঁহাৰি পোৱা নাছিলো; মই মানসিক ভাৱে সুস্থিৰ হ’ব পৰা নাছিলো।” অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “মোৰ বেয়া সময়ত মোক সঁহাৰি জনোৱা মূখ্য দুগৰাকী ব্যক্তি আছিল মোৰ মাতৃ আৰু মোৰ ভগ্নী।” আনকি মহিমা চৌধুৰীয়ে নিজ ছোৱালী জনীক ডাঙৰ-দীঘল কৰিবলৈ তেওঁ তেওঁৰ মাতৃৰ ওচৰত নিজ ছোৱালী জনীক থৈ আহিছিল।

দুবাৰকৈ গৰ্ভপাত হোৱাৰ পিছত স্বামীৰ সঁহাৰি পোৱা মহিমা চৌধুৰীয়ে! 2
দুবাৰকৈ গৰ্ভপাত হোৱাৰ পিছত স্বামীৰ সঁহাৰি পোৱা মহিমা চৌধুৰীয়ে! 3


ববী মূখাৰ্জীয়ে প্ৰতিটো সৰু কথাত কাজিয়া কৰাৰ বাবে মহিমা চৌধুৰীয়ে সেই ঠাইত নিজ ছোৱালীজনীক ৰাখিবলৈ বিচৰা নাছিল আৰু পিছলৈ তেওঁৰ মাতৃৰ বিয়োগ হোৱাত তেওঁ আকৌ হতাশাৰ মাজলৈ ঘূৰি গৈছিল। তেওঁ নিজেও প্ৰকাশ কৰিছে যে “মাৰ বিয়োগৰ পিছত মোক কোনোবাই যদি সৰুকৈও কিবা এটা কৈছিল মই তেতিয়াই কান্দি পেলাইছিলো।” উল্লেখ্য যে,২০০৬ চনত মহিমাৰ ববীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল কিন্তু পিছলৈ দুয়োৰে বিবাহ-বিচ্চদ হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.