Rupaliparda.com
"আমাৰ বেণ্ড, ব'হেমিয়ান ব্লুজৰ 'ফুটপাথৰ গান' এলবামটোৰ কামত লাগিম"- মৃণাল পি জ্যােতি 1

“আমাৰ বেণ্ড, ব’হেমিয়ান ব্লুজৰ ‘ফুটপাথৰ গান’ এলবামটোৰ কামত লাগিম”- মৃণাল পি জ্যােতি

২০১৫ চনত সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজলৈ অহা এটা বেণ্ড; বেণ্ডটোৰ দ্বাৰা মুক্তিপ্ৰাপ্ত প্ৰায় আটাইবোৰ গীতেই জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। “ব’হেমিয়ান ব্লুজ” হৈছে এই বেণ্ডটোৰ নাম। একঘেয়ামী অসমীয়া গীতৰ পৰা সামান্য আঁতৰি প্ৰায় মৌলিক গীতৰ চৰ্চা কৰা উক্ত বেণ্ডটোৰ সদস্যসকলে অসমৰ দুই ঠাই ক্ৰমে গুৱাহাটী আৰু বৰপেটাত নিজৰ সংগীত প্ৰক্ৰিয়াবোৰৰ আৰম্ভণি কৰিছিল যদিও সেইটো সময়ত তেওঁলোকৰ বেণ্ডৰ নাম দিয়া হোৱা নাছিল। এই বেণ্ডটোৰ সৈতে জড়িত তথা গীতসমূহত কথা দিয়া সংগীতশিল্পী গৰাকীৰ নাম হৈছে মৃণাল পি জ্যােতি; “জেপত গুজি দিওঁতে বকুল”, “শীৰ্ণ কফিন”, “নীলা শিয়াল”, “তোমাৰ জোনাকেৰে”, “নীড়হাৰা”, ৰুমমেট আদিকে আৰম্ভ কৰি আন বহু অসমীয়া জনপ্ৰিয় কন্ঠশিল্পীৰ গীতত কথা দিয়া এই গৰাকী সংগীত শিল্পীৰ প্ৰতিটো গীততেই জনসাধাৰণৰ বহু ইচ্ছা তথা সমাদৰ পৰিলক্ষিত হয়। তেওঁৰ শেহতীয়াকৈ কথা দিয়া Cultivators ৰ গীত “বিচাৰৰ শেষ ৰাতি” টো শ্ৰোতাই বহুল সঁহাৰি জনাইছে। গীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই; নিজ কথাৰেই গীত সমূহ অধিক উপভোগ্য কৰি তোলা এইগৰাকী সংগীতশিল্পীৰ সৈতে আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলো কিছু কথা; সংগীত ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, ” ২০১৫ চনৰ পৰা গানৰ লগত জড়িত হৈছো; আচলতে, মোক এই ক্ষেত্ৰখনৰ সৈতে আকস্মিকভাৱে জড়িত কৰোৱা হৈছিল। সুকণ্ঠী গায়িকা তৰীয়ে মোৰ কবিতা পঢ়ি মোক তেওঁলোকৰ বেণ্ডত গান লিখিবলৈ কৈছিল। সেয়াই আছিল আৰম্ভণি; তাৰ আগত, এই ক্ষেত্ৰখনৰ লগত জড়িত নাছিলোঁ।

"আমাৰ বেণ্ড, ব'হেমিয়ান ব্লুজৰ 'ফুটপাথৰ গান' এলবামটোৰ কামত লাগিম"- মৃণাল পি জ্যােতি 2
"আমাৰ বেণ্ড, ব'হেমিয়ান ব্লুজৰ 'ফুটপাথৰ গান' এলবামটোৰ কামত লাগিম"- মৃণাল পি জ্যােতি 3


গীতৰ কথা উপৰিও এটা গীতৰ কোনটো উপাদানক মৃণাল পি জ্যোতিয়ে অধিক গুৰুত্ব দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “কথা, কণ্ঠ আৰু সুৰ। তিনিওটাকে গানৰ মূল উপাদান বুলি মই ভাবো। ভূপেন দা, সুমন, জন লেননক শুনিলে গানৰ কথাৰ গুৰুত্বক বুজি পাওঁ। লতা মংগেশকাৰ বা ৰিচাৰ্ড মাৰ্ক্সক শুনিলে কণ্ঠ আৰু গায়কীৰ মহত্ব অনুভৱ কৰোঁ। আকৌ, বিভিন্ন দেশৰ, জাতি-জনগোষ্ঠীৰ লোক-সংগীত শুনিলে সুৰৰ প্ৰভাৱ আৰু বিস্তাৰ সম্পৰ্কে জানিব পাৰোঁ। কিন্তু, এই তিনিওটাৰ উপৰিও গানত আন এক অপৰিহাৰ্য অৱদান আছে- সেয়া হৈছে ব্যৱস্থাপনা। হেনচ্ জিমাৰ, য়ানি, এ আৰ ৰেহমান বা অমিত ত্ৰিবেদীৰ দৰে মহান মিউজিচিয়ানৰ অনুৰাগী হৈ ব্যৱস্থাপনাকো গানৰ প্ৰধান উপাদান হিচাপেই মানি লওঁ। তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “অনাগত দিনবোৰত আমাৰ বেণ্ড, ব’হেমিয়ান ব্লুজৰ ‘ফুটপাথৰ গান’ এলবামটোৰ কামত লাগিম। আকৌ, দুই-এখন অসমীয়া চলচিত্ৰৰ গান লিখাৰ প্ৰস্তাৱ পাইছো; সেইকেইটা লিখিম। মোৰ নিজৰো দুই-এটা গানৰ কথা-সুৰ কম্পোজ কৰা আছে। মিউজিক প্ৰডাকচনৰ কথাটো চিন্তা কৰিব লাগিব।”

"আমাৰ বেণ্ড, ব'হেমিয়ান ব্লুজৰ 'ফুটপাথৰ গান' এলবামটোৰ কামত লাগিম"- মৃণাল পি জ্যােতি 4
"আমাৰ বেণ্ড, ব'হেমিয়ান ব্লুজৰ 'ফুটপাথৰ গান' এলবামটোৰ কামত লাগিম"- মৃণাল পি জ্যােতি 5


মৃণাল পি জ্যোতিৰ আহিবলগীয়া প্ৰকল্প সমূহৰ বাবে এতিয়া অপেক্ষাৰত হৈ পৰিছে তেওঁৰ অনুৰাগীৰ লগতে সংগীতপ্ৰেমী শ্ৰোতা। এই সংগীতশিল্পী গৰাকীৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply