ৰঙালী বিহুৰ বাবে শেহতীয়াকৈ নিজ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিজন শিল্পী, কলা-কুশলী। বিহু বুলিলেই সাতখন-আঠখন লাগি থকা অসমীয়ালৈ একোটা সুন্দৰ বিহুগীত উপহাৰ দিবলৈ এতিয়া চেষ্টা কৰিছে একোজন নৱপ্ৰজন্মই। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই চৰকাৰী পক্ষই চলিত বৰ্ষৰ বিহু উদযাপন হ’ব বুলি ঘোষণা কৰাৰ পাছতেই আচলতে এতিয়া প্ৰতি সাধাৰণ জন তথা সংগীতশিল্পী সমূহ উৎসাহিত হৈ পৰিছে। ব’হাগ; বিগত বিহুটো ভালকৈ উলহ-মালহেৰে উদযাপন কৰিবলৈ নোৱাৰি এইবাৰ দুগুণ উৎসাহেৰে ব’হাগ বিহুৰ বাবে সাজু হৈছে প্ৰতি গৰাকী। কিন্তু এইবাৰ বিহু অনুষ্ঠান সমূহ অনুষ্ঠিত কৰিবলৈ গৈ চিন্তাত পৰিছে বিহু কমিটী; বিগত বৰ্ষত বিহু অনুষ্ঠিত নোহোৱাৰ ফলত আৰ্থিক ভাৱে পিছ পৰি ৰৈছিল অসমীয়া কন্ঠশিল্পী তথা সংগীতশিল্পী সকল। সেইবাবে এইবাৰ তেওঁলোকৰ মাননিৰ পৰিমাণৰ পূৰ্বতকৈ কিছু উৰ্দ্ধলৈ গতি কৰা দেখিবলৈ পোৱা গৈছে। “লক-ডাউন”, “ক’ৰোণা” আদিয়ে প্ৰত্যেকগৰাকী ব্যক্তিক ব্যতিব্যস্ত কৰি তুলিছিল; সেইবাবেই হয়টো এই শিল্পী সকলেও নিজৰ আৰ্থিক স্থিতি কিছু উন্নত কৰা স্বাৰ্থতেই হওঁক তেওঁলোকে নিজৰ মাননিৰ হাৰ কিছু পৰিমাণে বৃদ্ধি কৰিছে। য’ত জুবিন গাৰ্গে প্ৰতিখন অনুষ্ঠানৰ বাবদ ল’ব ৫-৮ লাখলৈ টকা; তাতেই অংগৰাগ পাপন মহন্তই গ্ৰহণ কৰিব ৬-৮ লাখলৈ টকা। তৰালী শৰ্মাই গ্ৰহণ কৰিব ২-৪ লাখ, নীল আকাশে ৪.৫০- ৪.৮০ লাখ, প্ৰিয়ংকা ভৰালীয়ে ল’ব ২-৪ লাখ, কৃষ্ণমণি নাথে ২-৩ লাখ টকা, বাবুয়ে ২.৫০ লাখ-৩ লাখ টকা টকা, বৰ্ণালী কলিতাই ২.৫০ লাখ- ৩.৫০ লাখ টকা, নিৰ্মালী দাসে ২.৫০ লাখ-৩ লাখ টকা, জিনা ৰাজকুমাৰীয়ে ১.২০ -১.৮০ লাখ টকাকৈ এইবাৰ গ্ৰহণ কৰিব বিহু অনুষ্ঠান সমূহত।


এনেক্ষেত্ৰত, বিহু কমিটী সকলৰ ওপৰত ৰাম টাঙোন পৰাটো অৱশ্যে স্বাভাৱিক। বিহু বুলিলেই উৎসাহিত হোৱা একাংশৰ বাবে এই বিহুটোৱে এইবাৰ ৰাম টাঙোণ সোধাইছে। আহিবলগীয়া সময়ত কোনে কিমানটা শ্ব’ৰ বাবে কোন কেইগৰাকী শিল্পীক আমন্ত্ৰণ জনাইছে অথবা জনাব সেয়া হ’ব লক্ষ্যণীয়
Add comment