Rupaliparda.com
নিজ কৰ্মস্পৃহা আৰু প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰা পৰিচালক জাহিদ খানঃ 1

নিজ কৰ্মস্পৃহা আৰু প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰা পৰিচালক জাহিদ খানঃ

নিজ কৰ্মস্পৃহা আৰু প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰি নিৰৱিচ্চিন্ন ভাৱে কৰ্ম সম্পাদন কৰি যোৱা একোগৰাকী পৰিচালকক লৈ এতিয়া জনসাধাৰণৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। তেওঁলোকৰ প্ৰকল্প সমূহত একোটা সচৰাচৰ কাহিনীক অন্তৰ্ভূক্ত কৰা হয় যদিও সেইসমূহৰ উপস্থাপন শৈলীয়ে বাৰুকৈ আকৃষ্ট কৰে প্ৰত্যেককে। জাহিদ খান; ৰূপালীপৰ্দাৰ জৰিয়তেও বহুবাৰ এই নৱপ্ৰজন্মৰ পৰিচালক গৰাকীৰ প্ৰকল্পসমূহক আপোনালোকৰ মাজলৈ লৈ অনা হৈছিল। ২০১৫ চনৰ পৰা বৰ্তমানলৈ পৰিচালনাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত জাহিদ খানে কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত মনোনয়ন লাভ কৰাত সক্ষম হৈছে। ২০১১ চনত মুম্বাইলৈ গৈ Advance Animation & Film Making ৰ শিক্ষা গ্ৰহণ কৰা জাহিদ খানৰ প্ৰথম খন ছবি আছিল “Sand-The Love without Trust”। ৪৭ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন সম্পূৰ্ণ কৰি তুলিবলৈ যদিও পৰিচালক গৰাকীক ৬ মাহ দিন সময়ৰ প্ৰয়োজন হৈছিল তৎস্বত্বেও এই ছবিখনৰ দ্বাৰাই এক বৃহৎ অংকৰ দৰ্শকে তেওঁক চিনি পাবলৈ সক্ষম হৈছিল। পৰিচালক গৰাকীৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা হোৱা চমু কথা-বতৰা যোগে তেওঁক যেতিয়া সোধা হৈছিল যে আগলৈ তেওঁৰ কোন গৰাকী অভিনেতা/ অভিনেত্ৰীৰ সৈতে কাম কৰাৰ ইচ্ছা? তেতিয়া তেওঁ উত্তৰত আদিল হুচেইন, নৱাজুদ্দিন চিড্ডিকী তথা ৰাহুল বসৰ নাম লয়।

নিজ কৰ্মস্পৃহা আৰু প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰা পৰিচালক জাহিদ খানঃ 2


আগন্তুক প্ৰকল্প বুলিবলৈ তেওঁৰ কেইবাখনো চুটি ছবি দৰ্শকে উপভোগ কৰিবলৈ সক্ষম হ’ব। The Evening Gush তথা Pins & Needles নামে দুখনকৈ চুটি ছবিৰ ইতিমধ্যে কামসমূহ সমাপ্তিৰ দিশলৈ আগবঢ়াৰ সমান্তৰালকৈ তেওঁৰ আন এখন চাচপেন্স থ্ৰীলাৰ চুটি ছবি The Wild Avenue ৰ কামো তেওঁ আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এগৰাকী শিল্পী মানে তেওঁ কি বুজে বুলি প্ৰশ্ন কৰাত জাহিদে কয় যে, “আচলতে এই শব্দটোৰ সঠিক উত্তৰ দিব পৰাকৈ মই এতিয়াও সক্ষম হোৱাগৈ নাই। ইয়াৰ সাৰাংশ দিয়াটো বৰ অসুবিধা কাৰণ এই শিল্পী বোলা ব্যক্তিজনৰ পৰিসৰটো যথেষ্ট বহল। যেতিয়া ইয়াৰ সংজ্ঞা দিব পৰাকৈ মই উপযুক্ত হ’ম, মই নিশ্চয় দিম।” জাহিদ খানৰ প্ৰকল্পসমূহৰ দ্বাৰা তেওঁ জনসাধাৰণক কেনে ধৰণৰ নতুনত্ব দিবলৈ সক্ষম হৈছে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “নতুনত্ব দিব পাৰিছোনে নাই মই ক’ব নোৱাৰিম সেয়া মোৰ দৰ্শকেহে ক’ব। মোৰ কল্পনা ৰাজ্যখনত যি ভাৱ-ধাৰণাই ক্ৰিয়া কৰে সেইসমূহক মই দৰ্শকৰ ওচৰত উপস্থাপন কৰিবলৈ বিচাৰো।”

নিজ কৰ্মস্পৃহা আৰু প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰা পৰিচালক জাহিদ খানঃ 3

জাহিদ খানৰ দৰে এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক তথা তেওঁলোকৰ প্ৰতিভাৰ বাবে আমাৰ এই মনোৰঞ্জন ক্ষেত্ৰখন আৰু অধিক সুন্দৰ হৈ উঠাত সক্ষম হৈছে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তেওঁৰ আগন্তুক প্ৰতিটো কৰ্মৰ বাবে জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform