ৰাজকুমাৰ ৰাও অভিনীত “স্ত্ৰী” ৰ সফলতাৰ পিছত বলীউডত উজান উঠিছে “ভূত” ক লৈ নিৰ্মিত চিনেমাৰ। “ৰোমাণ্টিক ফিল্ম মেকাৰ” খ্যাত কৰণ জহৰে ৰোমাণ্টিকৰ বাদে এইবাৰ হাত দিছে “ভূত” ৰ ছবি প্ৰস্তুকৰণত। ধৰ্মা প্ৰডাকচনৰ দ্বাৰা নতুন ছবি পৰিকল্পনাৰ আপডেট দিয়া পিছতেই এইবাৰ বিকি কৌশলে মুকলি কৰিছে কৰণ জহৰ দ্বাৰা পৰিচালিত “ভূত পাৰ্ট ১- দা হ’ন্টেড ছিপ” ৰ পষ্টাৰ। অৰ্থাৎ উক্ত চিনেমাখনত বিকি কৌশল থাকিব নায়কৰ চৰিত্ৰত।

“উৰি” চিনেমাখনৰ পিছৰে পৰা নতুন প্ৰজন্মৰ বাবে হাৰ্টথ্ৰৱ হৈ পৰা বিকি কৌশলক এইবাৰ দেখা যাব নতুন ৰূপত। চিনেমাখনৰ পষ্টাৰতো দেখা গৈছে তেওঁৰ ভয়ৰ ভংগিমা, মুখত “ভূত” ৰ আগ্ৰাসন ইত্যাদি।
“ৰোমাণ্টিছিজম” ৰ পৰা ওলাই কৰণ জহৰৰ নতুন প্ৰচেষ্টাই দৰ্শকক কিমান আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব সেয়া ছবিখনৰ মুক্তিৰ পিছতহে জানিব পৰা যাব।

Add comment