Rupaliparda.com
মুম্বাইত নতুন গেংষ্টাৰঃ "মুম্বাই ছাগা" 1

মুম্বাইত নতুন গেংষ্টাৰঃ “মুম্বাই ছাগা”

“বোম্বে” ৰ পৰা “মুম্বাই” লৈ ধাৱমান হোৱা যাত্ৰাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এখন চিনেমা “মুম্বাই ছাগা”। “কাঁটে”, “মুছাফিৰ”, “ছুটআউট এট্ লখনৱালা”, আৰু “কাবিল” আদি চিনেমাৰ পৰিচালক সঞ্জয় গুপ্তাই নিৰ্মাণ কৰিছে গেংষ্টাৰ ড্ৰামা “মুম্বাই ছাগা”। ২৫ বছৰৰ ভিতৰত দিয়া ১৭ খন চিনেমাৰ পিছত গুপ্তাই দৰ্শকক এখন নতুন “ডাঙৰ আৰু ভাল” চিনেমা দিয়াৰ প্ৰচেষ্টা কৰিছে। কুমাৰ টি চিৰিজৰ বেনাৰত নিৰ্মিত ছবিখনে ১৯৮০-৯০ দশকৰ ছবি চিত্ৰিত কৰিব বুলি প্ৰকাশ কৰে প্ৰযোজক ভূষণ কুমাৰে।

মুম্বাইত নতুন গেংষ্টাৰঃ "মুম্বাই ছাগা" 2

উল্লেখ্য যে, উক্ত ছবিখনত সুণীল ছেট্টী, জেকী শ্ৰফৰ লগত দেখা যাব ইমৰাণ হাছমী আৰু জন ইব্ৰাহিমক। “মুম্বাই ছাগা” হৈছে পৰিচালক গুপ্তাৰ বহুদিনীয়া প্ৰচেষ্টা আৰু পৰিকল্পনা। বলীউডৰ পূৰ্বৰ গেংষ্টাৰ চিনেমাবোৰৰ তুলনাত ইয়াত কি নতুনত্বৰ সোৱাদ ল’ব দৰ্শকে; সেয়া হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform