Rupaliparda.com
আলিয়া-ৰণবীৰৰ "ব্ৰহ্মাস্ত্ৰ" 1

আলিয়া-ৰণবীৰৰ “ব্ৰহ্মাস্ত্ৰ”

কিছুদিনৰ পৰা বলীউড জগতত খলকনি তোলা দুটা নাম হৈছে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ। দুই অভিনেতা-অভিনেত্ৰীক “প্ৰেমিক-প্ৰেমিকা” ৰো আখ্যা দিছে বহুতে। বহু ঠাইত তেওঁলোকক একেলগে কেমেৰাই বন্দী কৰাৰ কথাও পোহৰলৈ আহে। কিন্তু এইবাৰ তেওঁলোকক দেখা যাব “নায়ক-নায়িকা” ৰ চৰিত্ৰত। ডিসেম্বরত মুক্তি পাবলগীয়া চিনেমা “ব্ৰহ্মাস্ত্ৰ” ত দেখা যাব দুয়োকে। ১৫০ কোটি টকাৰ বাজেটেৰে আয়ান মূখাৰ্জীৰ পৰিচালনা আৰু কৰণ জহৰৰ প্ৰযোজনৰে বলীউডত আহি আছে এখন “ত্রিলজি” ফিল্ম। উল্লেখ্য যে, উক্ত চিনেমাখনত “বিগ বি” অমিতাভ বচ্চনৰ লগতে দেখা পোৱা মণি ৰয় আৰু নাগাৰ্জুনক।

আলিয়া-ৰণবীৰৰ "ব্ৰহ্মাস্ত্ৰ" 2
আলিয়া-ৰণবীৰৰ "ব্ৰহ্মাস্ত্ৰ" 3


ছবিখনৰ ট্ৰেইলাৰত চিনেমাখনৰ ওপৰত বৰ বেছি আভাষ পোৱা নাযায় যদিও পৰিচালক মুখাৰ্জীৰ মতে “ব্ৰহ্মাস্ত্ৰ” হৈছে প্ৰাচীন জ্ঞান আৰু শক্তি বা একচনৰ পটভূমিত সৃষ্ট চিনেমা। বহু চৰ্চিত “আলিয়া-ৰণবীৰ” ৰ এই যুঁটিয়ে পৰ্দাত দৰ্শকক আকৰ্ষণ কৰিব পাৰে নে নোৱাৰে সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.