Rupaliparda.com
"এটা নিৰ্দ্দিষ্ট মানদণ্ডৰ সংগীত শ্ৰোতা-দৰ্শকক প্ৰদান কৰাটো অধিক গুৰুত্বপূৰ্ণ"- অভিখিত বৰা 1

“এটা নিৰ্দ্দিষ্ট মানদণ্ডৰ সংগীত শ্ৰোতা-দৰ্শকক প্ৰদান কৰাটো অধিক গুৰুত্বপূৰ্ণ”- অভিখিত বৰা

মতলীয়া ২.০ গীতটিক নতুনকৈ আপোনালোকক বুজাই দিয়াৰ হয়টো প্ৰয়োজন নাই। নহয়নে? গীতটিয়ে ইতিমধ্যে তিনি মিলিয়নতকৈও অধিক ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে ইউটিউবত। EDM গীতসমূহৰ মাজৰেই নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে নিৰ্মিত এটি খুবেই জনপ্ৰিয় তথা বহু সমাদৃত গীত ৰূপে পৰিগণিত “মতলীয়া ২.০” এতিয়াও ছাগে কিমানজন শ্ৰোতাৰ হিটলিষ্টত আছে সেয়া আপোনালোকক নক’লেও বুজিব পাৰিব। গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ দিয়া প্ৰতিভাগৰাকীয়ে ইতিমধ্যে শ্ৰোতাৰ হৃদয়ত নিজৰ ঠাই বনাবলৈ সক্ষম হৈছে; আৰু তেওঁ হৈছে সান্নিধ্য ভূঞা। কিন্তু এইবাৰ আপোনালোকৰ মাজলৈ লৈ আনিছো আন এগৰাকী প্ৰতিভাৰ কথাহে; তেওঁৰ নাম হৈছে অভিখিত বৰা (Aarxlan)। যিগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাই উক্ত গীতটিত দিয়া সংগীতেৰে সকলোকে আপ্লুত কৰাৰ প্ৰয়াস কৰিছে। আমি সঁচাকৈ এনে একাংশ প্ৰতিভাক নুই কৰিব নোৱাৰো যিয়ে তেওঁলোকৰ সাধনাৰে কিবা এটা নতুন দিয়াৰ প্ৰয়াস কৰে আৰু য’ত শেহতীয়াকৈ তেওঁলোক সফলো হৈছে। আগন্তুক সময়ছোৱাত এই গৰাকী প্ৰতিভাৰ আন একাংশ প্ৰকল্পক লৈ বৰ্তমান অপেক্ষাৰতও অনুৰাগী; তেওঁৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া সংগীত ক্ষেত্ৰখনত আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত অভিখিত বৰা (Aarxlan) য়ে কয় যে, “মই সৰুৰে পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছো; আৰম্ভণিতে, মই ভাৰতীয় ধ্ৰুপদী কণ্ঠ শিকি আছিলো। পিছলৈ, ২০১৮ চনত মই মোৰ নিজৰ সংগীত ৰচনা আৰু প্ৰযোজনা কৰিবলৈ আৰম্ভ কৰিলো। আৰু, তেতিয়াৰ পৰা মই মোৰ সৰ্বশ্ৰেষ্ঠ কামবোৰ ৰাইজক দিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছো লগতে ৰাইজৰ পৰা ইতিবাচক সঁহাৰিৰো আশা কৰিছো।”

"এটা নিৰ্দ্দিষ্ট মানদণ্ডৰ সংগীত শ্ৰোতা-দৰ্শকক প্ৰদান কৰাটো অধিক গুৰুত্বপূৰ্ণ"- অভিখিত বৰা 2


গীতসমূহৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁলোকৰ দায়িবদ্ধতাৰ বিষয়ে জানিবলৈ বিচৰাত অভিখিতে কয় যে, “হয়, এই সময়ত আমাৰ গান শুনি থকা বৰ্ধিত দৃষ্টিভংগী আৰু লোকৰ সংখ্যাৰ সৈতে এইটো এটা আমাৰ বাবে এক ডাঙৰ দায়িত্ব। মোৰ দৃষ্টিত, শ্ৰোতাৰ এটা ধাৰাবাহিক গোটক আমাৰ সংগীতৰ সৈতে সন্তুষ্ট আৰু সুখী কৰি ৰাখিবলৈ, আমি নৱপ্ৰজন্মৰ প্ৰতিভা ৰূপে সদায় শ্ৰোতাসকলক আমাৰ শব্দত নতুন উপাদানেৰে আৰু প্ৰতিটো গানৰ প্ৰতি অলপ বেলেগ কিবা অনুভৱ কৰি একে ধৰণৰ পুনৰাবৃত্তি কৰাৰ সলনি নতুনত্ব অনাৰ চেষ্টা কৰিব লাগে; মানুহে সদায় নতুন সোঁৱাদ ল’বলৈ ভাল পায়। কিন্তু, লগতে মই বিশ্বাস কৰোঁ যে অধিক পৰিমাণৰ গীতৰ সৈতে অধিক জনপ্ৰিয়তা লাভ কৰাতকৈ এটা নিৰ্দ্দিষ্ট মানদণ্ডৰ সংগীত শ্ৰোতা-দৰ্শকক প্ৰদান কৰাটো অধিক গুৰুত্বপূৰ্ণ; এই সকলোবোৰ বিষয়ে অৱশ্যে আমি দায়ীবদ্ধ হ’ব লাগিব কিয়নো আমিয়ে এই ক্ষেত্ৰখনক অহা প্ৰজন্মলৈ ধৰি ৰাখিব লাগিব।” আহিবলগীয়া গীতসমূহৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “আহিবলগীয়া গীতৰ কথা ক’বলৈ গ’লে কিছু পৰিকল্পনা আছে। প্ৰথমতেই সান্নিধ্য ভূঞাৰ সৈতে এটা গীত কৰি থকা হৈছে যিটো আমি চলিত বৰ্ষতেই মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছো। আনহাতে, মোৰ একক প্ৰকল্প কিছু আছে; য’ত মই এটা এলবাম প্ৰস্তুতিৰ কথা ভাবিছো। এলবামটোত সন্নিৱিষ্ট গীতসমূহত আধুনিক তথা ৱেষ্টাৰ্ণ গীতৰ ফিউজন থাকিব।”

"এটা নিৰ্দ্দিষ্ট মানদণ্ডৰ সংগীত শ্ৰোতা-দৰ্শকক প্ৰদান কৰাটো অধিক গুৰুত্বপূৰ্ণ"- অভিখিত বৰা 3
"এটা নিৰ্দ্দিষ্ট মানদণ্ডৰ সংগীত শ্ৰোতা-দৰ্শকক প্ৰদান কৰাটো অধিক গুৰুত্বপূৰ্ণ"- অভিখিত বৰা 4

আগলৈ তেওঁ কয় যে, “বৰ্তমানলৈ কৰি অহা গীতসমূহতকৈ এই এলবামটোৰ গীতসমূহ কিছু পূৰ্বতকৈ অইন হ’ব বুলি ক’ব পৰা যায়। আৰু আশা কৰো, আহিবলগীয়া সময়ত দৰ্শক-শ্ৰোতাই প্ৰকল্প সমূহক আঁকোৱালি ল’ব।” নৱপ্ৰজন্মৰ এইগৰাকী প্ৰতিভালৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform