Rupaliparda.com
ভাৰতলৈ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাসৰ সহায়ৰ হাতঃ 1

ভাৰতলৈ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাসৰ সহায়ৰ হাতঃ

ক’ভিড ১৯ য়ে ধাৰণ কৰা সংহাৰী ৰূপে প্ৰত্যেকজন ব্যক্তিকেই সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে। ক’ভিড ১৯ ৰ এই প্ৰকোপৰ পৰা ভাৰতক বচাবলৈ বি- টাউনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জোনাসেও জমা কৰিছে টকা। তেওঁলোকে নিজ অনুৰাগীসমূহক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই চচিয়েল মিডিয়াত একোটাকৈ পোষ্ট শ্বেয়াৰ কৰিছিল। অৱশ্যে এই আহ্বানৰ পিছতেই তেওঁলোকৰ তাত জমা হৈছে প্ৰায় ২ কোটি ৫০ লাখ টকা। সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি উক্ত যুঁটিটোৱে কয় যে, “টুগেদাৰ ফৌৰ ইণ্ডিয়া”। আপোনালোক আটাইৰে সহায়, সঁহাৰি তথা সহযোগিতাৰ বাবে বহু বহু ধন্যবাদ। এয়া আপোনালোক প্ৰত্যেকৰে সহায়ে ভাৰতত বৃদ্ধি হৈ অহা ক’ৰোণা ভাইৰাছৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে।” বিগত দিনত প্ৰিয়ংকাই নিজৰ ৬৩ মিলিয়ন ফল’ৱাৰ্চক ১০ ডলাৰ কৈ দিবলৈ আহ্বান কৰিছিল যাতে তেওঁলোকে ভাৰতত হোৱা এনে বিভীষিকাৰ সময়ত সহায় আগবঢ়াব পাৰে। তেওঁ কয় যে, “যেতিয়ালৈ সকলো সুৰক্ষিত নহয়; তেতিয়ালৈ কোনো সুৰক্ষিত নহয়। আমাৰ তাত জমা হোৱা ধন ৰাশি ক’ভিড কেয়াৰ চেন্টাৰ, আইছো’লেশ্বন চেন্টাৰ আৰু অক্সিজেন গ্ৰহণত সহায়ক হ’ব।”


প্ৰিয়ংকা চোপ্ৰা অথবা নিক জোনাস বুলিয়ে নহয়; শেহতীয়াকৈ পৰিস্থিতি ভয়ংকৰ হৈ অহাৰ ফলত প্ৰায় প্ৰতিজন জনসাধাৰণৰ লগতে চিলেব্ৰেটী সমূহো চিন্তাগ্ৰস্ত হৈ পৰিছে। পৰিস্থিতি সমূহ সূস্থ হোৱাৰ বাবে প্ৰাৰ্থনা জনাই এতিয়া প্ৰতিজনেই ইজনে আনজনক যেনেদৰে যিদৰে পাৰে সহায় আগবাঢ়িবলৈ আহ্বান জনাইছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.