বৰ্তমান কেৱল মাত্ৰ ঋণাত্মক খবৰে গ্ৰাস কৰিছে চাৰিওকাষ। সাম্প্ৰতিক সময়ছোৱাত কেৱল “ক’ৰ’ণা ভাইৰাছ” ৰ সন্ত্ৰাস জনসাধাৰণে অনুভৱ কৰিছে। বেয়া খবৰ বোৰেই যেন বাট ভেঁটিছে নতুন ভাল খবৰবোৰক। কিন্তু কোৱা হয় নহয়; বেয়া যিমানেই শক্তিশালী নহওঁক কিয়; জয় হেনো এদিন হ’লেও ভালৰ হোৱাটো নিশ্চিত। ঠিক তেনেদৰেই; অসমবাসীয়ে আশা কৰা অনুযায়ী আমি এদিন “ক’ৰ’ণা ভাইৰাছ” ক হৰুৱাবলৈ সক্ষম হ’ম। এইখিনিতে, আমি আপোনালোকলৈ লৈ আনিছো এক আন খবৰহে। অসমীয়া চুটি ছবি নিৰ্মাণৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছে অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহো। লগতে, এই পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে সমাদৰ। আটাইবোৰ এই দুঃখবৰ মাজতেই এক সফল মানসিকতাৰে আগবাঢ়িছে বৰ্তমান এগৰাকী নৱাগতা পৰিচালক। কিছুদিন পূৰ্বৰে পৰা চচিয়েল মিডিয়াত এখন ফটোৱে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই ফটোখনত থকা নামটোৱে হয়টো আপোনালোকৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল! এইগৰাকী নৱাগত পৰিচালক প্ৰস্তুত হৈছে তেওঁৰ প্ৰথমখন ছবি “নিৰ্বাণা” ৰ বাবে; পৰিচালক গৰাকীৰ নাম হৈছে সমৰজ্যোতি সৰকাৰ। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খন ইতিমধ্যে জনসাধাৰণৰ সমুখত উলিয়াই দিয়া হৈছে। Dr. Bhupen Hazarika Regional Govt Film & Television Institute ৰ অভিনয় বিভাগত অধ্যয়ন কৰি সুখ্যাতিৰে পাছ কৰি অহা নৱপ্ৰজন্মৰ অভিনেতা, মুকাভিনয় শিল্পী, পৰিচালক সমৰজ্যোতি সৰকাৰ বৰ্তমানলৈ অসমীয়া চলচিত্ৰ ক্ষেত্ৰখনৰ প্ৰায় ১০ খনতকৈও অধিক ছবি তথা ধাৰাবাহিকত সহঃপৰিচালক ৰূপে নিজ কৰ্ম সম্পাদন কৰি আহিছে। SB Production ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে দীপায়ণ বড়া।

উক্ত ছবি “নিৰ্বাণা” ৰ সৈতে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ কেইবাখনো চিনাকী মুখ জড়িত হৈ থকা বুলি জানিব পৰা গৈছে। সপোনৰ পম খেদি প্ৰতিটো বছৰে বহু সংখ্যক প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰী মহানগৰী গুৱাহাটীলৈ নিজ কেৰিয়াৰ গঠনৰ বাবেই হওঁক অথবা উচ্চ শিক্ষাৰ বাবে হওঁক ঢাপলি মেলে; কিন্তু এই সপোনক বাস্তৱ ৰূপলৈ প্ৰতিফলিত কৰোতে কৰোতে একাংশ এনেও প্ৰতিভা আছে যিয়ে এক নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত হেৰাই যোৱা প্ৰতিফলিত হয়। এই “নিৰ্বাণা” ছবিখনতো এগৰাকী এনে যুৱকৰ কাহিনীকেই উপস্থাপন কৰা হৈছে; যিগৰাকীয়ে নিজ সপোনৰ বাবে গুৱাহাটীলৈ ধাৱমান হয় যদিও পৰৱৰ্তী সময়ত ধ্বংসৰ গৰাহলৈ গুচি যায়। আৰু,একেৰাহে নিশ্চুপ হৈ এই আটাইবোৰ পৰিদৰ্শন কৰে ব্ৰহ্মপুত্ৰ খনে। সাক্ষী হৈ ৰয় এই সমগ্ৰ ঘটনা-পৰিঘটনাসমূহৰ; ছবিখনৰ কাহিনী নেশ্বনেল স্কুল অব ড্ৰামা, চিকিম কেন্দ্ৰৰ কুল কুলদীপৰ আৰু চিত্ৰনাট্য তথা সহঃ পৰিচালনাৰ দায়িত্বত আছে অংকুৰ ডেকা। সংগীতৰ দায়িত্বত আছে FTII ৰ পৰা অহা নিশান্ত ৰামটেকেৰ। ছবিখনত তিনিটা মূখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে দীপায়ণ বড়া, দীপান্বিতা দাস আৰু দীক্ষিতা বৰাই। আনহাতে, ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে চাংকু নিৰঞ্জন নাথ, নৱজ্যোতি নাথ, অতনু মহন্ত, অংকুৰিমা দাস আৰু ইব্ৰাহিম খলিলে। লগতে, শিশু অভিনেতা ৰূপে অভিনয় কৰিছে ক্ৰমে হাফিজুল ৰহমান আৰু ৰাছিদুল ইছলামে। দৃশ্যগ্ৰহণ কৰিছে ৰূপমজ্যোতি শইকীয়াই। ছবিখনৰ লোকেশ্বন চাউণ্ড মনজিৎ নাথৰ, চাউণ্ড মিক্সিং ৰুক্মজিৎ বৰুৱাৰ লগতে সম্পাদনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ আৰু ৰং ধীৰু কলিতাৰ, প্ৰযোজনা নিয়ন্ত্ৰক মিনাংক ডেকা।

ৰূপসজ্জা পলী গগৈৰ, পোষ্টাৰ ডিজাইন সাগৰিকা বি ৰিকুৰ, সাজসজ্জা অজবীথি মহন্তৰ লগতে কলা নিৰ্দেশনা ধ্ৰুৱজ্যোতি তালুকদাৰৰ। ক্ৰিয়েটিভ প্ৰডিউচাৰ অশ্বিন কেলকাৰৰ। ছবিখনক বৰ্তমানেও ডিজিটেল প্লেটফৰ্মত মুকলি কৰি দিয়া কোনোধৰণৰ পৰিকল্পনা নাই বুলি জানিবলৈ দিয়ে পৰিচালক গৰাকীয়ে; ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহলৈ প্ৰেৰণ কৰা হ’ব “নিৰ্বাণ” ক।
https://rupaliparda.com/archives/25849
Thank you so much.
My name is Ibrahim Khalil not Ibrahim khali (ইব্ৰাহীম খলিল) plz this correction my name
Thank you