আমি বাৰু এটা কথা অনুভৱ কৰিছো নে যে এই পৃথিৱীখনত যেতিয়াই আমি আহিছো তেতিয়াৰ পৰা এখন নাটকত ব্যস্ত হৈছো। যিখন নাটকত আমি সদায় হাঁহিবলগীয়া হয়; যিখন নাটকত কাষৰ পৰা অহা কোনোবা এগৰাকীয়ে যদি “ভাল নে?” বুলি প্ৰশ্ন কৰে তেতিয়া আমি উত্তৰত ভাল বুলিয়ে ক’ব লগীয়া হয়, কিয়নো এয়াই হৈছে নিয়ম! এটা সময়লৈ গৈ আমি জীৱনৰ এনে এটা পৰ্যায়ত উপনীত হওঁ; য’ত আমি প্ৰাপ্তি-অপ্ৰাপ্তিবোৰ এৰি কেৱলমাত্ৰ অনুভৱ কৰো নিসংগতাক। সেই সময়ছোৱাত আমাক সংগ দিবলৈ সংগী নাথাকে; থাকে পূৰণি দিনৰ সুন্দৰ স্মৃতি। এগৰাকী বৃদ্ধকেই আপোনালোকে এদিন মন কৰিব চোন; তেওঁলোকে কেতিয়াবা এনেই বহুত হাঁহি দিয়ে কিন্তু কেতিয়াবা বিনাকাৰণতেই হওঁক এচুকত বহি ভাবি থাকে। সেইটো সময়ত আমি দিয়া এষাৰ মাতেই পূৰ্ণতা আনে তেওঁলোকৰ জীৱনলৈ; এইখিনিতে, আপোনালোকক জনাই দিওঁ যে আহিবলগীয়া এখন চুটি ছবিত এনেধৰণৰ এক কাহিনীকেই প্ৰতিফলিত কৰা হৈছে। চুটি ছবিখনৰ নাম হৈছে “মায়ামৃগ”; ইতিমধ্যে ইয়াৰ ফাৰ্ষ্ট লুক পোষ্টাৰখন জনসাধাৰণৰ মাজত উলিয়াই দিয়া হৈছে। সাম্প্ৰতিক সময়ছোৱাৰ একাংশ বিষয়বস্তুৰ পৰা কিছু সময়ৰ বাবে ফালৰি কাটি এই ছবিখনত এচাম বৃদ্ধাৰ মানসিক স্থিতিক প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে।

Event gallery ৰ প্ৰযোজনাৰে নিৰ্মিত “মায়ামৃগ” ৰ পৰিচালনাৰ দায়িত্বত আছে জ্যোতিপ্ৰসাদ ভূঞা লগতে কাহিনী তথা চিত্ৰনাট্য লিখিছে শুভ্ৰজিত দাসে। চিত্ৰগ্ৰহণ কৰিছে ভাস্কৰ জ্যোতি বৰাই লগতে চুটি ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে বিশ্বজিৎ দাস। আনহাতে, চুটি ছবিসমূহৰ কেইবাটাও চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে যদুমনি গোস্বামী, অম্লানদীপ শইকীয়া আৰু দেৱজিৎ বৰাই। এজন বৃদ্ধৰ অকলশৰীয়া সময়বোৰ আৰু সেই সময়বোৰৰ সৈতে সমান্তৰালকৈ লাগি থকা পূৰণি স্মৃতি; সেই স্মৃতিবোৰক বুকুত বান্ধিয়ে জীয়াই থকাৰ পণ বান্ধে কিছুমান জীৱনে আৰু তেনেকৈয়েই জীৱন নাম এই কিতাপ খন পৰিপূৰ্ণ হৈ গৈ থাকে! অজস্ৰ দুখৰ মাজতে সুখী হোৱাৰ অভিনয় চলে। আকৌ, স্মৃতি বোৰে বেছিকৈ আমনি কৰিলে ভাঙি পৰিব খোজে এগৰাকী বৃদ্ধৰ জীৱন তথাপি যেন জীৱন চলি থাকে; এয়া এক বুজাব নোৱাৰা মায়া; য’ত উলমি থাকে হেঁপাহ কিন্তু হেঁপাহ বোৰৰ কাষ চাপিবলৈও ইচ্ছা নোযোৱা। এনে এক কাহিনীৰেই আগবঢ়া “মায়ামৃগ” ক লৈ আচলতে উৎসাহিত হৈছে দৰ্শক।

চুটি ছবিখন অতিশীঘ্ৰে কাষ চাপিব জনসাধাৰণৰ। এইখন চুটি ছবিৰ সফলতা কামনা কৰিয়েই ৰূপালীপৰ্দাৰ তৰফৰ পৰা ইয়াৰ সৈতে জড়িত নৱপ্ৰজন্মৰ আটাইকেইগৰাকী কলা-কুশলীক শুভকামনা জনাইছো।
ধন্যবাদ ৰীমা দত্ত বা।।।।