Rupaliparda.com
গীতিকাৰ তথা সুৰকাৰ চন্দন কাকতিৰ দেহাৱসানঃ 1

গীতিকাৰ তথা সুৰকাৰ চন্দন কাকতিৰ দেহাৱসানঃ

২০০১ চনৰ পৰা বৰ্তমানলৈ সংগীত ক্ষেত্ৰখনত সক্ৰিয়তাৰে জড়িত হৈ থকা শিল্পী চন্দন কাকতিক হয়টো আপুনি নিশ্চয় চিনি পায়। তেওঁৰ কথাৰে নিৰ্মিত একোটা গীতত যেতিয়া জনপ্ৰিয় কন্ঠশিল্পীৰ কন্ঠৰ মোহৰ লাগে তেতিয়া ই আৰু অধিক উপভোগ্য হৈ পৰে। কি জুবিন; কি বাবু; অধিকাংশ কন্ঠশিল্পীয়ে এই গীতিকাৰ তথা সুুৰকাৰ গৰাকীৰ ৰচনা আকোঁৱালি গীতসমূহে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু, মনোৰঞ্জন ক্ষেত্ৰখনলৈ আকৌ এক বেয়া খবৰ; সোমবাৰে পুৱা প্ৰায় ৪.৩৬ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে চন্দন কাকতিয়ে। নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ থকা অৱস্থাত দেহাৱসান ঘটে সংগীতশিল্পী গৰাকীৰ; তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে। ২০০১ চনৰে পৰা এই সংগীতক্ষেত্ৰখনৰ সৈতে জড়িত চন্দন কাকতি প্ৰথমটো এলবাম “গীত” তেওঁৰ কথা আৰু সুৰেৰে মুক্তিপ্ৰাপ্ত গীতটিত কন্ঠদান কৰিছিল কন্ঠশিল্পী শান্তা উজীৰে। তাৰ পিছতেই কন্ঠশিল্পী বাবুৰ প্ৰায় সংখ্যক গীতৰ জনপ্ৰিয়তাৰ আঁৰত লুকাই থকা ব্যক্তি আছিল চন্দন কাকতি। তেওঁৰ মৃত্যুত শেহতীয়াকৈ আকৌ এবাৰ শোকস্তব্ধ হৈ পৰিছে শিল্পী সমাজ তথা মনোঞ্জন ক্ষেত্ৰখন। তেওঁৰ সাংগীতিক জীৱনৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,

গীতিকাৰ তথা সুৰকাৰ চন্দন কাকতিৰ দেহাৱসানঃ 2
গীতিকাৰ তথা সুৰকাৰ চন্দন কাকতিৰ দেহাৱসানঃ 3


“২০০১ চনত মই জড়িত হৈছিলো। তেতিয়াই “গীত” নামে এক এলবামৰ মুকলি হৈছিল আৰু তাতেই মোৰ কথা আৰু সুৰেৰে ৰচনা কৰা গীতটিত অসমৰ স্বনামধন্য কন্ঠশিল্পী শান্তা উজীৰ বাইদেউৱে কন্ঠদান কৰিছিল। আচলতে, মই যথেষ্ট সোভাগ্যৱানো যে মোৰ জীৱনৰ প্ৰথমটো গীতকেই এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে আকোঁৱালি লৈছিল।তাৰ পিছত ২০০৩ চনত কন্ঠশিল্পী বাবুৰ এখন “ৰ’দ” নামৰ এলবাম মুক্তি লাভ কৰিছিল। এলবামটোৰ সৰহ সংখ্যক গীতেই মোৰ আছিল লগতে ই জনপ্ৰিয় হৈ পৰিছিল অধিক পৰিমাণে। ইয়াৰ পিছত, মই এন.কে প্ৰডাকচনৰ বেনাৰতো মই বহু কাম কৰিলো; তাৰ মাজতেই মই সুৰ কৰা এটি গীত “দুচকুয়ে হাঁহে” বৰ্তমানেও জনপ্ৰিয় গীত বুলি পৰিগণিত কৰিব পাৰি। জুবিন দা আৰু বাবুৰ কন্ঠৰ “বাৰিষাৰে বানত” লগতে বাবুৰ “চেনীমাই”, “নাহৰ” আদিক জনসাধাৰণে দিয়া সঁহাৰিয়ে মোক আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিছিল। বিগত বছৰৰ মোৰ জনপ্ৰিয় হোৱা গীতটি আছিল সীমান্ত শেখৰ আৰু জ্যোতিস্না গৌতমৰ কন্ঠৰে মুক্তি লাভ কৰা “লিপিকা” শীৰ্ষক গীতটি। এনেকৈয়ে প্ৰায় সমূহ গীত আছে; আচলতে মই সোভাগ্যৱান যে মোৰ কথাৰে ৰচিত গীত সমূহত অধিকাংশ কন্ঠশিল্পীয়ে কন্ঠ দান কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.