“শক্ত লউণ্ডা” আহি আছে গুৱাহাটীলৈ। অহা ২২ জুন তাৰিখে গুৱাহাটীস্থিত মাছখোৱাৰ আই.টি.এত এটা লাইভ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব “শক্ত লউণ্ডা” খ্যাত জাকিৰ খানে। দৈনন্দিন জীৱনত সাধাৰণ জনৰ পৰা ব্যৱহৃত কিছু ভাৱনাক লৈয়ে তেওঁ প্ৰস্তুত কৰে “ইউনিক ইণ্ডিয়ান” ষ্টাইলৰ কমেডী।

তেওঁৰ এই “ইউনিক” ষ্টাইলেই মোহাচ্ছন্ন কৰি ৰাখিছে দেশবাসীক। অলপতে ষ্টাৰ প্লাছত হৈ যোৱা কমেডি শ্ব “গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ” ত তেওঁক জৰ্জ ৰূপে দেখা পোৱা গৈছিল। এমেজ’ন প্ৰাইম ভিডিঅ’ ত অহা বছৰৰ জানুৱাৰী মাহত আহিবলগীয়া “হামাৰ চাছা বিধায়ক” নামে অইন এটা শ্ব’ ৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে কমেডিয়ান গৰাকী।
অহা ২২ জুনত আই.টি.এত তেওঁৰ লাইভ প্ৰগ্ৰেম উপভোগ কৰিবলৈ পাছৰ ব্যৱস্হা কৰা হৈছে যাৰ মূল্য হৈছে ৪৯৯ ৰ পৰা ১২৯৯ টকালৈ।
Add comment