Rupaliparda.com
প্ৰেমৰ সোঁৱাদেৰে "অন্বেষণ" 1

প্ৰেমৰ সোঁৱাদেৰে “অন্বেষণ”

কে কে ক্ৰিয়েটিভ লিমিটেডৰ বেনাৰত কৃষাণু শইকীয়া, ৰাজীৱ দত্ত আৰু পলাশ পৰাণৰ প্ৰযোজনা লগতে উৎপল শইকীয়াৰ পৰিচালনাৰে অসমীয়া চিনেমা জগতত সংযোজন হ’বলৈ আহি আছে এখন নতুন চিনেমা “অন্বেষণ”। প্ৰেমৰ পিয়াঁহত আঁতুৰ এজন ব্যক্তি; তেওঁৰ জীৱনৰ বিভিন্ন কাৰ্যকলাপ আৰু ঘটনাক কেন্দ্ৰ কৰিয়েই ঘূৰিব চিনেমাখনৰ কাহনীভাগ।

সম্প্ৰতি দৃশ্যগ্ৰহণৰ কাম চলি থকা “অন্বেষণ” ত অভিনয় কৰিছে আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ফেইৰীপ্ৰিয়া আহমেদ, বিষ্ণু খাৰঘৰীয়া, অৰুণ হাজৰিকা, অংশুমান ভূঞা, জুৰি শৰ্মা, ঋষভ শৰ্মা, কল্যাণজ্যোতি কাশ্যপ, দেৱাশিষ হাজৰিকা,দীপশ্ৰুতি হাজৰিকা আদিয়ে। বোলছবি খনৰ চিত্ৰনাট্য-সংলাপ লিখিছে পলাশ পৰাণে। সংগীত পৰিচালনা কৰিছে ইবচনলাল বৰুৱাই। চলিত বৰ্ষৰ শেষৰ পিনে বোলছবিখন মুক্তি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে পৰিচালক উৎপল শইকীয়াই।

Reema Dutta

Add comment

Leave a Reply

Recent posts

  • Load WordPress Sites in as fast as 37ms!
  • Jetpack

Most popular

Most discussed

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

%d bloggers like this: