Rupaliparda.com

একচন থ্ৰিলাৰঃ “এণ্টনী মোৰ নাম”

নীপ বৰুৱাৰ পৰিচালনাৰে আৰু শইকীয়া এন্টাৰপ্ৰাইজৰ বেনাৰত ধৰ্মকান্ত শইকীয়াই প্ৰযোজনা কৰা এখন অসমীয়া বোলছবি; “এণ্টনী মোৰ নাম”। ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত বোলছবিখনত আছে একচন, থ্ৰিলাৰ আৰু আকস্মিকতাৰ সংযোজন।

একচন থ্ৰিলাৰঃ "এণ্টনী মোৰ নাম" 1


গৰ্ভতে পিতৃমোহৰ পৰা বঞ্চিত “এণ্টনী” ক মাতৃয়েও সৰুতে গটাই দিয়ে ফাডাৰ “যোচেফ” ৰ হাতত। অনাথ অথবা ঘাটমাউৰা হৈ জীয়াই “এণ্টনী” য়ে ডাঙৰ হৈ কেতবোৰ অপৰাধত লিপ্ত হয়। এই “অপৰাধ” সমূহ কিন্তু আইনৰ চকুতহে অপৰাধ অথবা “এণ্টনী” অপৰাধী; সাধাৰণ ৰাইজৰ বাবে “এণ্টনী” ভগৱানস্বৰূপ। “এণ্টনী” য়ে চুৰ, ডকাইত কৰে যদিও সেয়া সমাজৰ হিতৰ বাবে। তথাকথিত কিছু সমাজসেৱক বা বিষয়াই জনসাধাৰণৰ হিতাৰ্থে কাম কৰাৰ বাবে আশ্বাস দিয়ে যদিও সেই আশ্বাসেৰেই তেওঁলোকে সমাজৰ নিম্ন শ্ৰেণীৰ লোকক লুতি খায়। আৰু এনেবোৰ মুখা পিন্ধা ভদ্ৰলোকৰ মুখা খুলিবলৈয়ে “এণ্টনী” য়ে আইন নমনাকৈ কিছু কাম কৰে। শেষত, এণ্টনীয়ে নিজ মাতৃৰ কাকুতিত পুলিচৰ হাতত ধৰা দিয়ে আৰু আদালতৰ পৰা নিৰ্দোষী হিচাপে ওলাই আহি নিজ পৰিয়ালক পুনৰাই বিচাৰি পায়। এয়াই হৈছে বোলছবিখনৰ কাহিনীভাগ।
৮০দশকৰ বোলছবি ৰূপে চিনেমাখন কাৰিকৰী দিশৰ পৰা কিছু নিম্ন শ্ৰেণীৰ যদিও মূল চৰিত্ৰ “এণ্টনী” ৰ অভিনয় কৰা বিজু ফুকনৰ অভিনয় লেখত ল’বলগীয়া। বোলছবিখনত আৰু অভিনয় কৰিছে পূৰৱী শৰ্মা ভট্টাচাৰ্য, আব্দুল মজিদ, ৰেবা গগৈ, কাশ্মিৰী শইকীয়া বৰুৱা,বনীতা শৰ্মা, পৰাথ চলিহা, দূৰ্গেশ্বৰ বৰঠাকুৰ, অনিলা দাছম, দিবাকৰ, লক্ষ্মীনাথ তামুলী, অৰুণ শইকীয়া আদিকে ধৰি বহু কেইজন পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।


৪-৫ টা গানৰ সমাহেৰেৰে নিৰ্মিত বোলছবিখনত সকলো শিল্পীৰে অভিনয় সুন্দৰ। কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰৱন ষ্টুডিঅ’ ত দৃশ্যগ্ৰহণৰ সম্পন্ন কৰা হৈছিল “এণ্টনী মোৰ নাম” বোলছবিখনৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform