Rupaliparda.com
জানেনে "জনপ্ৰিয়" হ'বলৈ দীপিকা পাডুকনে কৰিছিল কিমান কষ্ট! 1

জানেনে “জনপ্ৰিয়” হ’বলৈ দীপিকা পাডুকনে কৰিছিল কিমান কষ্ট!

বি-টাউন অভিনেত্ৰী সমূহৰ ভিতৰত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে দীপিকা পাডুকন। কিন্তু এই জনপ্ৰিয়তা তেওঁ অনায়সে পাই যোৱা নাছিল; “জনপ্ৰিয়তা” পাবলৈ তেওঁ অজস্ৰ কষ্ট, সাধনা কৰিবলগীয়া হৈছিল; ৰামলীলা, বাজীৰাওঁ মষ্টানীৰ দৰে আন একাংশ ছবিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অনুৰাগীৰ সংখ্যা আজি সঁচাকৈ দীঘলীয়া। শেহতীয়াকৈ, অভিনেত্ৰী দীপিকা পাডুকনৰ স্বামী তথা জনপ্ৰিয় অভিনেতা ৰণৱীৰ সিঙৰ এটা ভিডিঅ’ ভাইৰেল হৈছে চচিয়েল মিডিয়াত; য’ত অভিনেতাগৰাকীয়ে নিজৰ পত্নীৰ কষ্ট তথা সাধনাৰ এক উদাহৰণ জনসাধাৰণৰ মাজত ব্যক্ত কৰে। “ৰামলীলা” ছবিখনৰ শ্বুটিং কৰা সময়ছোৱাত হোৱা এটা ঘটনাৰ কথা ৰণৱীৰে ব্যক্ত কৰে চচিয়েল মিডিয়াত; এটা গানৰ শ্বুট হৈ থকা সময়ত দীপিকা পাডুকনে হঠাৎ ভৰিত আঘাত পায়। কিন্তু, আঘাতপ্ৰাপ্ত ভৰিখনেৰেই তেওঁ উক্ত গীতটোৰ শ্বুটিং সম্পূৰ্ণ কৰে। ৰণৱীৰে কয় যে, “দীপিকাই গীতটোৰ বাবে যথেষ্ট কষ্ট কৰিছিল; গতিকে আঘাত পালেও তেওঁ গীতটো সম্পূৰ্ণ কৰিহে ৰৈছিল। আমি নিজেই দেখিছিলো যে গীতটোৰ বাবে য’ত য’ত তেওঁ খোজ পেলাইছিল তাতেই তেজৰ চেঁকুৰাবোৰ দেখিবলৈ পোৱা গৈছিল। আৰু, তেতিয়াই বুজি উঠিছিলো তেওঁৰ সাধনা কিমান মজবুত।”

https://www.instagram.com/p/CLrxPtbpJAN/?utm_source=ig_web_copy_link
জানেনে "জনপ্ৰিয়" হ'বলৈ দীপিকা পাডুকনে কৰিছিল কিমান কষ্ট! 2


আনহাতে, কিছুদিন পূৰ্বে আমি পঢ়িবলৈ পাইছিলো যে দীপিকা পাডুকনৰ সফলতাৰ আঁৰত লুকাই আছে কেটৰিণা কাইফৰো নাম। কিয়নো কেটৰিণাই গ্ৰহণ নকৰা একাংশ ছবিয়েই গ্ৰহণ কৰিছিল দীপিকা পাডুকনে। “চেন্নাই এক্সপ্ৰেছ” ৰ পৰা আৰম্ভ কৰি “য়ে জাৱানী হে দীৱানী”, “বাজীৰাওঁ মষ্টানী” লৈ প্ৰতিখন ছবিৰ অফাৰ গৈছিল কেটৰিণা কাইফৰ ওচৰলৈহে। কিন্তু তেওঁ গ্ৰহণ নকৰাত দীপিকা পাডুকনে আটাইকেইখন ছবিত অভিনয় কৰি জনপ্ৰিয় হৈ পৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform