Rupaliparda.com
অইন ভাষাৰ লগতে অসমীয়া গীতৰ ক্ষেত্ৰতো সুখ্যাতি অৰ্জন কৰা শিল্পী মহালক্ষ্মী আয়াৰ 1

অইন ভাষাৰ লগতে অসমীয়া গীতৰ ক্ষেত্ৰতো সুখ্যাতি অৰ্জন কৰা শিল্পী মহালক্ষ্মী আয়াৰ

হিন্দী, তামিল, তেলেগু, মাৰাঠী, বঙালী, গুজৰাটী আৰু কন্নড়কে ধৰি অসমীয়াৰ কেইবাটাও গীতত কন্ঠদান কৰা এগৰাকী ভাৰতীয় গায়িকা মহালক্ষ্মী আয়াৰ। ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি “ৰং” ত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে “ৰং তুমি হোৱানে” গীতটিত কন্ঠদান কৰি জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল কন্ঠশিল্পী গৰাকীয়ে।

অইন ভাষাৰ লগতে অসমীয়া গীতৰ ক্ষেত্ৰতো সুখ্যাতি অৰ্জন কৰা শিল্পী মহালক্ষ্মী আয়াৰঃ 2
অইন ভাষাৰ লগতে অসমীয়া গীতৰ ক্ষেত্ৰতো সুখ্যাতি অৰ্জন কৰা শিল্পী মহালক্ষ্মী আয়াৰঃ 3


ইয়াৰ পিছতেই তেওঁ বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালক শংকৰ-এহছান লয় তথা মণি ৰত্নম আৰু এ.আৰ.ৰহমানৰ পৰিচালনাৰ কেইবাটাও গীতত কন্ঠদান কৰাৰ সুবিধা লাভ কৰে। “দিল চে”, “মিছন কাশ্মীৰ”, “য়াঁদে, “চাথিয়া” আদি জনপ্ৰিয় ছবিত কন্ঠদান কৰা মহালক্ষ্মীয়ে অসমীয়া শ্ৰব্যকেছেট “জুবিনৰ গান” আৰু ছবি “গানে কি আনে” ৰ গীতত নিজ কন্ঠ নিগৰায়। এ.আৰ.ৰহমানৰ দ্বাৰা পৰিচালিত একাডেমী বঁটাপ্ৰাপ্ত গীত “জয় হো” ত সুখৱিন্দৰ সিংৰ সৈতে সহশিল্পী ৰূপে কন্ঠদান কৰে মহালক্ষ্মী আয়াৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.