Rupaliparda.com
অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ৰিলিফ ফাণ্ডৰ লক্ষ্য বৃদ্ধি কৰিলে ১১ কোটিলৈঃ 1

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ৰিলিফ ফাণ্ডৰ লক্ষ্য বৃদ্ধি কৰিলে ১১ কোটিলৈঃ

ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শেহতীয়াকৈ সাধাৰণজনৰ সাহস হৈ থিয় দিছে কেইবাগৰাকীও জনপ্ৰিয় তাৰকা। তাৰ ভিতৰত নাম ল’ব পাৰি বি-টাউন অভিনেত্ৰী অনুষ্কা শৰ্মাৰ লগতে স্বামী তথা ক্ৰিকেটাৰ বিৰাট কোহলীৰ। তেওঁলোকে কিছুদিন পূৰ্বে ক’ভিড ৰিলিফ ফাণ্ডৰ কথা ব্যক্ত কৰিছিল; য’ত তেওঁলোকে ৭ কোটি টকা জমা কৰি ক’ভিড ৰোগী সকলৰ বাবে অক্সিজেন যোগানৰ কথা ব্যক্ত কৰিছিল। কিন্তু এইবাৰ ৰিলিফ ফাণ্ডৰ উক্ত ৭ কোটি টকাৰ লক্ষ্য বঢ়াই ১১ কোটি কৰি দিয়া হৈছে; অনুষ্কা শৰ্মাই নিজেই এক টুইটৰ দ্বাৰা এই ৭ কোটিৰ লক্ষ্য বঢ়াই ১১ কোটি কৰি দিয়া কথা স্পষ্ট কৰে। তেওঁ টুইট যোগে কয় যে, “মই আৰু বিৰাট কোহলী এমপিএল স্পৰ্টছ ফাউণ্ডেচনৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে এই মহামাৰী সময়ছোৱাত আমাৰ প্ৰয়াসক শক্তি দিছে। আপোনালোকৰ ৫ কোটি টকাৰ অনুদানে আমাক আগবঢ়াৰ বাবে অনুপ্ৰেৰিত কৰিছে আৰু আমি আমাৰ লক্ষ্য বঢ়াই ১১ কোটিলৈ লৈ গৈছো।” আচলতে এই লক্ষ্য বৃদ্ধি কৰাৰ আঁৰত গুৰুত্বপূৰ্ণ কথাটো এয়াই যে এই ৰিলিফ ফাণ্ডৰ জৰিয়তে বহু অইন লোকেও ক’ভিড ৰোগী সকলক সহায়ৰ বাবে আগবাঢ়িছে।

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ৰিলিফ ফাণ্ডৰ লক্ষ্য বৃদ্ধি কৰিলে ১১ কোটিলৈঃ 2


কেৱল মাত্ৰ বিৰুষ্কা বুলিয়ে নহয়; এই বিভীষিকাৰ কালছোৱাত ইজনৰ পিছত সিজন চিলেব্ৰেটী সহায়ৰ বাবে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। সনু সোদ, প্ৰিয়ংকা চোপ্ৰা, নিক জোনাসকে আৰম্ভ কৰি ছলমান খান পৰ্যন্ত প্ৰত্যেকেই ভাৰতৰ এই সময়ত একাংশ নিৰীহ আৰু অসহায় লোকৰ সহায়ক হৈ থিয় দিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.