Rupaliparda.com
বিগত ক'ভিড কালৰ স্মৃতি ৰোমন্থন গৰিমা শইকীয়া গাৰ্গৰঃ 1

বিগত ক’ভিড কালৰ স্মৃতি ৰোমন্থন গৰিমা শইকীয়া গাৰ্গৰঃ

বিগত বৰ্ষৰ প্ৰায়খিনি সময়ত জুবিন গাৰ্গ সূস্থ হৈ উভতিছিল অসমলৈ। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত হঠাৎ জুবিন গাৰ্গ অসূস্থ হৈ পৰাত তেওঁক সূস্থ কৰি তুলি আৰু অকণমান জিৰণি দিবলৈ মুম্বাইলৈ লৈ যোৱা হৈছিল যদিও বিশ্বত ক’ভিড পৰিস্থিতি ভয়াৱহ হোৱাৰ ফলত স্তব্ধ হৈ পৰিছিল সকলোবোৰ আৰু বহুদিনলৈ মুম্বাইতে ৰৈ যাবলগীয়া হৈছিল জুবিন গাৰ্গ সহিতে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সেই সময়ছোৱাৰ এইখিনি কথাকেই মনত পেলাই শেহতীয়াকৈ চচিয়েল মিডিয়াত স্মৃতি ৰোমন্থন কৰিছে পত্নী গৰিমাই। বিপদৰ সময়ছোৱাত মুম্বাইত থাকিলেও অসমবাসীৰ হাতে হাত থৈ থিয় দিয়াৰ উপৰিও জুবিন গাৰ্গে বিগত দিনত “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ এক লাখ টকাৰ অনুদান। ইয়াৰ সমান্তৰালকৈ বিগত ৰঙালী বিহুত অসমবাসীৰ ওচৰত নাথাকিলেও তেওঁ চচিয়েল মিডিয়া যোগে লাইভ গীত পৰিৱেশন কৰি অনুৰাগীৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল। দৈনন্দিন ৰূপত বিভিন্ন গৰাকী অসমীয়া কন্ঠশিল্পীৰ সৈতে লাইভ আহি গীতো পৰিৱেশন কৰিছিল তেওঁ। ইয়াৰ লগতে, ফেচবুক পেজ যোগে তেওঁ উভতি অহা খবৰ অনুৰাগীক দিয়াৰ উপৰিও জনসাধাৰণৰ সাহস বৃদ্ধিৰো চেষ্টা কৰিছিল।

বিগত ক'ভিড কালৰ স্মৃতি ৰোমন্থন গৰিমা শইকীয়া গাৰ্গৰঃ 2


এইবাৰ যেনেদৰে তেওঁ অসমবাসীৰ সৈতে একেলগে ক’ভিডৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে; ঠিক তেনেদৰে তেওঁ বিগত বৰ্ষতো কৰিছিল এনে কাম। উল্লেখ্য যে, কিছুদিন পূৰ্বে গৰিমা শইকীয়া গাৰ্গে তেওঁলোকৰ দুমহলীয়া ঘৰটোক ক’ভিড কেয়াৰ চেন্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল এতিয়া চৰকাৰ তথা প্ৰশাসন ব্যৱস্থাক। গৰিমা শইকীয়া গাৰ্গৰ এনে পদক্ষেপক লৈ বৰ্তমান উৎসাহিতও হৈ পৰিছিল জনসাধাৰণ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform