কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও, বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে। এই সংগীত ক্ষেত্ৰখনলৈ বৰ্তমান বহুত ন-ন শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে; ইয়াত একাংশৰ সৃষ্টিও হৈছে লেখত ল’বলগীয়া। এই ক্ষেত্ৰখনত থকা গীতিকাৰ সমূহৰ ভিতৰত এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা হৈছে দৰ্পন শৰ্মা; নৱম শ্ৰেণীতেই প্ৰথমটো গীত “মনে মনে” ক লিখি উলিয়াইছিল প্ৰতিভা গৰাকীয়ে। বৰ্তমানলৈ আন একাংশ গীতেৰে শ্ৰোতা-দৰ্শকৰ কাষ চাপিবলৈ নিৰৱিচ্চিন্ন চেষ্টা অব্যাহত ৰাখিছে দৰ্পনে। আজিৰ নৱপ্ৰজন্মৰ চেষ্টা সঁচাকৈ লেখত ল’বলগীয়া; কিয়নো তেওঁলোকে প্ৰায়ে ইটোৰ পিছত সিটো উন্নত কাম ৰাইজক প্ৰদান কৰাত সক্ষম হৈছে।

এইখিনিতে, আপোনালোকক জনাওঁ যে তেওঁ লিখা দুটা গীত ক্ৰমে “উতনুৱা মন” তথা “শাৰদী জোন” ক ইতিমধ্যে বহুল অংকত শ্ৰোতা-দৰ্শকে সমাদৰ দিয়া দেখিবলৈ পোৱা গৈছিল। ইয়াৰে প্ৰথমটো গীত “উতনুৱা মন” ত কন্ঠদান কৰিছিল ৰাজ আলম্য়ান আৰু আস্থাই; সমান্তৰালকৈ দ্বিতীয়টো গীত “শাৰদী জোন” ত কন্ঠদান কৰিছিল দীপশিখা দাসে। দৰ্পন শৰ্মাই নিজেও কৈছে যে, “আহিবলগীয়া সময়ত লিখনি বোৰে যাতে নতুন মাত্ৰা লাভ কৰে তাৰেই আপ্ৰাণ চেষ্টা কৰি আছো; গান লিখাৰ লগতেই গল্প বা উপন্যাস এখন লিখি উলিওৱাৰ হাবিয়াস আছে।আৰু, নিজেও গান এটি গোৱাৰ পন কৰিছো। চাওঁচোন কেনেদৰে আগবাঢ়িব পাৰো; শ্ৰোতাৰ সঁহাৰিয়েই আমাৰ দৰে একোগৰাকী নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা।” কম বয়সতে কিছুমান গুৰু-গম্ভীৰ দায়িত্ব লৈ আগবঢ়া বহু ব্যক্তি আমি দেখিছো। কোনোৱে হয়টো তেনেকৈয়ে আগবাঢ়ি আজি নিজ পৰিয়ালটো পোহপাল দি আছে আৰু কোনোৱে সফলতাৰ শিখৰলৈ এখোজ দুখোজ আগবাঢ়ি যাবলৈ চেষ্টা চলাইছে। এনে বহু উদাহৰণ আছে আৰু আচলতে এনেকুৱা বোৰ উদাহৰণে প্ৰত্যেককে উৎসাহিত কৰাত সহায় কৰে। মনোৰঞ্জন এনে এক বস্তু; যি কেতিয়াও থমকি নৰয়। প্ৰতিটো বস্তুত বিৰাম লাগিলেও আচলতে এই ক্ষেত্ৰখনত কোনোদিন বিৰাম নালাগে; সেইবাবেই হয়টো এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিতও হৈছে বিভিন্ন জন।

সৰুৰ পৰাই এটা গীত শিকি লৈ দৰ্শকৰ মাজত উপস্থাপন কৰি পোৱা হাত চাপৰিয়ে জনা নোহোৱাৰ পৰাই এই ক্ষেত্ৰখনৰ প্ৰতি শ্ৰদ্ধাৰ সৃষ্টি কৰি আহিছে। ঠিক এনে এগৰাকী প্ৰতিভা দৰ্পন শৰ্মালৈও ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।
Add comment