Rupaliparda.com
নৱপ্ৰজন্মৰ প্ৰতিভা ভাস্কৰ হাজৰিকা; "বাদ্যযন্ত্ৰী" তেওঁৰ চিনাকীঃ 1

নৱপ্ৰজন্মৰ প্ৰতিভা ভাস্কৰ হাজৰিকা; “বাদ্যযন্ত্ৰী” তেওঁৰ চিনাকীঃ

আজিৰ নৱপ্ৰজন্মৰ মাজত প্ৰতিভাৰ কোনো এটা দিশেই কম নহয়; মনোৰঞ্জন দিশটোৰ প্ৰত্যেকটো দিশতেই সক্ৰিয় এওঁলোক। সংগীত, অভিনয়, নৃত্য বুলিয়েই নহয়; থলুৱা বাদ্যযন্ত্ৰ বজাই বহুঠাইত এনে নৱপ্ৰজন্মই পাৰদৰ্শিতা দেখুওৱাও পৰিলক্ষিত হৈছে। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, চলিত বৰ্ষটোত সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে। আজি আমি আচলতে আপোনালোকৰ ওচৰত কোনো কন্ঠশিল্পী, নৃত্যশিল্পী অথবা অভিনেতা তথা অভিনেত্ৰীৰ বিষয়ে নকওঁ; আজি আমি আপোনালোকৰ ওচৰত ক’ম এগৰাকী বাদ্যযন্ত্ৰীৰ বিষয়েহে। ৬ বছৰ বয়সৰ পৰাই থলুৱা বাদ্যযন্ত্ৰসমূহ যেনে ধৰক ঢোল, খোল, নাগাৰা, গগণা, পেঁপা ইত্যাদিকে আন বহুবিধ বজোৱাৰ লগতে কিছুমান যন্ত্ৰ এই প্ৰতিভাগৰাকীয়ে নিজেও তৈয়াৰ কৰি উলিয়াইছিল। এই প্ৰতিভাগৰাকীৰ নাম হৈছে ভাস্কৰ হাজৰিকা; বাদ্যযন্ত্ৰ বজোৱাক লৈ থকা তেওঁৰ মোহে ইতিমধ্যে তেওঁক প্ৰত্যেকৰে ওচৰত গ্ৰহণযোগ্য কৰি তুলিছে।

নৱপ্ৰজন্মৰ প্ৰতিভা ভাস্কৰ হাজৰিকা; "বাদ্যযন্ত্ৰী" তেওঁৰ চিনাকীঃ 2


২০১৮ চনত সমগ্ৰ অসমৰ যিমানবোৰ ঢুলীয়া শিল্পী আছে তেওঁলোকৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত “চেমনীয়া ঢোল বাদন” প্ৰতিযোগিতাত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল ভাস্কৰ হাজৰিকা ।প্ৰায় ৮ বছৰ মান বয়সতেই পংকজ বৰা দেৱৰ সৈতে “ঢোল বাই ক’ত” নামে এক এলবামত নিজৰ পাৰদৰ্শিতা দেখুওৱা ভাস্কৰ হাজৰিকাই বজাব পৰা আন বাদ্যযন্ত্ৰ সমূূহ হৈছে কংগ, জেম্বা, দাৰুবোকা, পিয়ানো’, গীতাৰ , কেচিঅ’ পেদ তথা ঢোলক। ১৬ বছৰ বয়সত নিজেই লিখা গানৰ বাবদ লাভ কৰা মাননিৰে তেওঁ পূৰণি লেপটপ এটা ক্ৰয় কৰি মিউজিক প্ৰডাকচন শিকিবলৈ আগ্ৰহ কৰিলে আৰু পৰৱৰ্তী সময়ত ত্ৰিদীপ কাকতিৰ পৰা গান এটাকনো কেনেদৰে প্ৰস্তুত কৰা হয় সেই বিষয়ে জ্ঞান আহৰণৰ চেষ্টা কৰে ভাস্কৰে। জানিব পৰা মতে, ভাস্কৰ হাজৰিকাৰ প্ৰথমটো গীত আছিল অংগৰাগ পাপন মহন্তৰ জনপ্ৰিয় “মন মোৰ” শীৰ্ষক গীতটিৰ ৰিমিক্স কৰা আৰু ইয়াৰ পিছতেই তেওঁ আন এটি গীত “অস্ত বেলি” ৰ সৈতেও জড়িত হৈ পৰিছিল। কেৱল মাত্ৰ এয়াই নহয়, নিচেই কম বয়সতে ভাস্কৰ হাজৰিকাই বহুকেইটা বিহু গীতৰ সমান্তৰালকৈ জড়িত হৈ আছিল ভালেসংখ্যক ভক্তিমূলক গীতৰ সংগীত ব্যৱস্থাপনাৰ সৈতেও। গীত লিখাৰ লগতে গীতসমূহত সুৰ কৰা ভাস্কৰ হাজৰিকাৰ এই কামসমূহৰ প্ৰেৰণাৰ উৎস হৈছে তেওঁৰ মাতৃ জোনটি হাজৰিকা। তেওঁৰ মাতৃয়েই আছিল ভাস্কৰৰ প্ৰথম গুৰু।

নৱপ্ৰজন্মৰ প্ৰতিভা ভাস্কৰ হাজৰিকা; "বাদ্যযন্ত্ৰী" তেওঁৰ চিনাকীঃ 3
নৱপ্ৰজন্মৰ প্ৰতিভা ভাস্কৰ হাজৰিকা; "বাদ্যযন্ত্ৰী" তেওঁৰ চিনাকীঃ 4


থলুৱা বাদ্যযন্ত্ৰ সমূহক উত্তৰ প্ৰজন্মৰ আগত চিনাকী কৰোৱাবলৈ আচলতে এনে এগৰাকী নৱপ্ৰজন্মৰ এই মনোৰঞ্জন ক্ষেত্ৰখনত সঁচাকৈ প্ৰয়োজন হয়। ভাস্কৰ হাজৰিকাৰ আগন্তুক পৰিকল্পনা সমূহৰ বাবে তেওঁলৈ জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform