Rupaliparda.com
"মই সাধাৰণ হৈ থাকিয়ে ঠিকে আছো"- সনু সোদ 1

“মই সাধাৰণ হৈ থাকিয়ে ঠিকে আছো”- সনু সোদ

বলীউড অভিনেতা সুন সোদে প্ৰতিজন ব্যক্তিক কৰা সহায়ৰ কথা কোনোজন ব্যক্তিৰ পৰাই লুকাই থকা নাই। তেওঁ মজদুৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেক সাধাৰণ জনৰ কাষতেই থিয় হৈ থকা দেখিবলৈ পোৱা গৈছিল; এনে পৰিপ্ৰেক্ষিততে, অভিনেত্ৰী ৰাখী সাৱন্তে শেহতীয়াকৈ সাংবাদিকৰ ওচৰত সনু সোদ তথা ছলমান খানক প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ দিবলৈ কয়। সনু সোদ, অমিতাভ বচ্চন, অক্ষয় কুমাৰ, অমিতাভ বচ্চনে দেশখনক যথেষ্ট ভাল পায় বুলিও মন্তব্য কৰে ৰাখী সাৱন্তে; ইয়াৰ পূৰ্বেও বীৰ দাসে সনু সোদক প্ৰধানমন্ত্ৰী ঘোষণা কৰাৰ কথা ব্যক্ত কৰিছিল। কিন্তু, শেহতীয়াকৈ এইক্ষেত্ৰত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিনেতা সনু সোদে। তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, “যি ব্যক্তি য’ত আছে তাতেই ঠিক আছে। মই সাধাৰণ হৈয়ে ঠিকে আছো; আপোনালোকৰ সৈতে থিয় হৈ আছো।” সনু সোদৰ এনে উত্তৰে বৰ্তমান প্ৰত্যেককে সুখী কৰি তুলিছে; তেওঁৰ মহানুভৱতাৰ বাবেই আচলতে তেওঁক সকলোৱে আঁকোৱালি ল’বলৈ সক্ষম হৈছে।

"মই সাধাৰণ হৈ থাকিয়ে ঠিকে আছো"- সনু সোদ 2
"মই সাধাৰণ হৈ থাকিয়ে ঠিকে আছো"- সনু সোদ 3


সনু সোদে প্ৰত্যেকদিনা তেওঁলৈ অহা সহায়ৰ মেছেজক কেন্দ্ৰ কৰি কয় যে, “মোৰ তাত নিতৌ ৪১ হাজাৰ ৬৬০ টা সহায়ৰ বাবে মেছেজ আহে। আমি সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিছো। কিন্তু মই যদি এজনকৈ এজনকৈ সহায় কৰিবলৈ যাওঁ তেতিয়াহ’লে মোৰ ১৪ বছৰ সময়ৰ প্ৰয়োজন হ’ব। যাৰ বাবে এই সময় ২০৩৫ লৈ যাব।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.