Rupaliparda.com
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 1

কোন আছে কল্পজ্যোতি দাসৰ “ৰমিঅ’ ইন জেং” ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ

সৰু মানুহৰ সৰু চিন্তাৰে পৰিচালিত প্ৰকল্প এটাক চলিত বৰ্ষৰ এপ্ৰিল মাহত ডিজিটেল প্লেটফৰ্ম Niri9 ত মুকলি কৰি দিয়া হৈছিল; প্ৰকল্পটোৰ নামে দৰ্শকক আকৰ্ষণ কৰাৰ সমান্তৰালকৈ ইয়াৰ কাহিনীভাগতো জনসাধাৰণে পাইছিল নতুন সোঁৱাদ। প্ৰকল্পটোৰ নাম হৈছে “ৰমিঅ’ ইন জেং”; নিশ্চয় নামটো শুনাৰ পিছতেই আপোনালোকে প্ৰকল্পটোৰ কিছু আভাস পাবলৈ সক্ষম হৈছে। Niri9 ৰ স্বত্বাধিকাৰী জোনমণি দেৱী খাউণ্ডে আৰম্ভ কৰা এই ডিজিটেল প্লেটফৰ্মটোত উক্ত চিৰিজখনৰ ৰেটিঙত আপোনালোকে দেখিবলৈ ৫ ষ্টাৰ; আনহাতে, চিৰিজখনৰ সৈতে জড়িত শিল্পী, কলা-কুশলীক দৰ্শকে প্ৰদান কৰা ধনাত্মক কমেন্টো আছিল লেখত ল’বলগীয়া। কোনো এটা প্ৰকল্প সুন্দৰকৈ জনসাধাৰণৰ সমুখত উপস্থাপন হ’বলৈ বাৰু কেনেদৰে ইয়াক তৈয়াৰ কৰা হয়? আচলতে, ইয়াত এগৰাকী পৰিচালকৰ পুংখানুপুংখ দিশৰ পৰিচালনাৰ লগতে প্ৰয়োজন হয় অভিনেতা-অভিনেত্ৰীৰ হৃদয়স্পৰ্শী অভিনয়ৰ। আমি পূৰ্বেও,উক্ত প্ৰকল্পটোৰ সৈতে জড়িত পৰিচালক কল্পজ্যোতি দাসৰ পৰিচালনাৰ দিশটোক লৈ কথা পাতিছিলো। কিন্তু, আজি কিছু ব্যতিক্ৰম; আজি আমি কথা পাতিম “ৰমিঅ’ ইন জেং” ৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰীৰ বিষয়েহে। তেওঁলোকৰ বিষয়ে জানিম কিছু কথা; এইখিনিতে আপোনালোকক এই প্ৰকল্পটোক লৈ ক’বলৈ বিচাৰিছো আন এক ভাললগা কথা। চিৰিজখনত অন্তৰ্ভূক্ত অভিনেতা-অভিনেত্ৰীৰ এই দলটোৰ প্ৰায়ে চিনাকী মুখ নহয় যদিও তেওঁলোকৰ কৰ্মস্পৃহাই তেওঁলোকক দৰ্শকৰ সমুখত অধিক প্ৰাধান্য দিবলৈ সক্ষম হৈছে। পৰিচালক গৰাকীয়েও পূৰ্বতেই জনাইছিল যে এই চিৰিজ খনত তেওঁ কোনোধৰণৰ সুন্দৰ মুখ অথবা সুঠাম দেহৰ একোজন অভিনেতা নাইবা অভিনেত্ৰীক বিচৰা নাছিল। বিচাৰিছিল প্ৰতিভাসম্পন্ন একোগৰাকী নৱপ্ৰজন্মক; আহক চোন এই চিৰিজখনৰ সৈতে জড়িত সকলৰ বিষয়ে অকণমান জানো-

নিশিৰঞ্জন কে মল্লিকাঃ দৰং জিলাত ১৫ আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাক নিশ্চয় আপোনালোকেও চিনি পাইছে। অভিনয় ক্ষেত্ৰখনত সপ্তম শ্ৰেণীৰ পৰা অৰ্থাৎ প্ৰায়ে ২০০৮ চনৰ পৰাই জড়িত নিশিৰঞ্জন কে মল্লিকাক “দুটি মনৰ জোনাক” শীৰ্ষক ৰং যোগে সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিকখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰতো দেখিবলৈ পোৱা গৈছিল। প্ৰায়ে নাটকৰ সৈতে জড়িত নিশিৰঞ্জনে “ৰমিঅ’ ইন জেং” ত ৰূপায়ন কৰিছে মূখ্য ভূমিকা। তেওঁৰ অভিনয়ৰ অৱশ্যে অনুৰাগী হৈ উঠিছে এতিয়া বহুকেইগৰাকী দৰ্শকবৃন্দ।

কৰিশ্মা পূজাৰীঃ আন দহজন শিশুৰ দৰে কৰিশ্মা পূজাৰীকো তেওঁৰ মাতৃয়ে সৰুতেই মঞ্চত উঠাই দিছিল; তিনি বছৰ ছয় মাহ মানতেই কৰিশ্মাই পোন প্ৰথমবাৰৰ বাবে মঞ্চত বিহু নাচিছিল। তেনেকৈয়ে একক অভিনয়, আবৃত্তি, নৃত্য আদিত ভাগ লৈ লৈ ভয় আৰু ফুৰ্টিৰে এই মঞ্চখনৰ প্ৰেমত পৰিছিল কৰিশ্মা । ২০০৭ চনত প্ৰথম নাটক “ফৰিং” ৰ ৰাজ সিংহাসন লাভ আৰু কৰিশ্মাই দুৱৰীৰ চৰিত্ৰ এটা ৰূপায়ন কৰিছিল ক্লাছ ফাইভ ত পঢ়ি থাকোতে। তেতিয়াৰ পৰা আজিলেকে কৰিশ্মাই এই অভিনয় ক্ষেত্ৰখনত নিৰৱিচ্চিন্ন সাধনা কৰিছে, শিকি আছে লগতে কৰি গৈ আছে।”

দীপজ্যোতি মালিঃ নেশ্বনেল স্কুল অৱ ড্ৰামাৰ চিকিম চেন্টাৰৰ পৰা পাছ কৰি অহা দীপজ্যোতি মালি অসমলৈ অহা পিছত “ৰমিঅ’ ইন জেং” হৈছে তেওঁৰ অভিনয় কেৰিয়াৰৰ প্ৰথমটো কাম।

জিৎ বৰুৱাঃ ২০১৪/১৫ চনৰ নেশ্বনেল স্কুল অৱ ড্ৰামাৰ চিকিম চেন্টাৰৰ পৰাই ওলাই অহা জিৎ বৰুৱাই ইতিমধ্যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত যথেষ্ট কাম কৰি অহাৰ লগতে তেওঁ ইতিমধ্যে দৰ্শকৰ আগত নিজৰ কামক চিনাকী কৰোৱাই দিবলৈ সক্ষম হৈছে।


উল্লেখ্য যে, আপোনালোকক এতিয়া চিৰিজখনৰ সৈতে জড়িত আন যিকেইজন অভিনেতা-অভিনেত্ৰীৰ নাম ক’ম; তেওঁলোক আটাইকেইজন হৈছে নৱাগতা প্ৰতিভা। অভিনয়ৰ দিশটোত যথেষ্ট ধাউতি থকাৰ সমান্তৰালকৈ এই মনোৰঞ্জন দিশটোত দৰ্শকক নতুন কিবা এটা দিয়াৰ স্বাৰ্থত ওলাই অহা এই সকল নৱপ্ৰজন্মৰ প্ৰতিভাক লৈয়ে পৰিচালক কল্পজ্যোতি দাসে তেওঁৰ প্ৰকল্প “ৰমিঅ’ ইন জেং” ক সফলতাৰ শিখৰলৈ লৈ গৈছিল। এনে নৱপ্ৰজন্মৰ প্ৰতিভাকেইজন হৈছে ক্ৰমে বিবেক বৰুৱা, ভাৰ্গৱ কে নাথ, ৰিকি আহমেদ, মধুস্মিতা দাস, নীলোৎপল ৰাজবংশী, ৰাহিল, ডিউক, পূজা বৰ্মণ, মৈত্ৰেয়ী বৰুৱা, বন্দনা গগৈ, মিনহাজ, মণিমুগ্ধি ৰাজখোৱা, প্ৰাঞ্জল প্ৰতিম মহন্ত, নয়ন জ্যোতি কলিতাৰ লগতে আন একাংশ প্ৰতিভা। গতিকে, নৱাগতা একাংশক কেমেৰা আগত তথা জনসাধাৰণৰ আগত চিনাকী কৰোৱাই দিয়াৰ যি উদ্দেশ্য লৈ পৰিচালক কল্পজ্যোতি দাস ওলাই আহিছিল তাত নিশ্চিতভাৱে তেওঁ সফল হৈছে বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। তলত তেওঁলোক আটাইৰে ফটো সমূহ দি দিয়া হৈছেঃ

কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 2
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 3
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 4
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 5
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 6
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 7
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 8
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 9
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 10
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 11
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 12
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 13
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 14
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 15
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 16
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 17
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 18
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 19

Add comment

Leave a Reply