এগৰাকী অসমীয়া কন্ঠশিল্পীৰ পৰা আমি কেৱল অসমীয়া গীতেই প্ৰায় শুনিবলৈ পাওঁ, নহয়নে? অৱশ্যে বৰ্তমান পৰিপ্ৰেক্ষিতত, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা একাংশ অসমীয়া সংগীত শিল্পীৰ বিষয়েও অৱশ্যে আমি শেহতীয়াকৈ নজনা নহয়। জুবিন গাৰ্গ, পাপন, নীলোৎপল, অনুৰাগ শইকীয়াকে আদি কৰি কল্পনা পাটোৱাৰীলৈ হিন্দী ভাষাত গীত পৰিৱেশন কৰাৰ সমান্তৰালকৈ হিন্দী সংগীত ক্ষেত্ৰখনত জড়িত হৈ নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে তেওঁলোক। কিন্তু, আজি আমি কেৱল হিন্দী বুলিয়েই নহয়; এনে এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ বিষয়ে আপোনালোকক ক’ম। যিয়ে “লক-ডাউন” অৰ্থাৎ স্তব্ধতাৰ দিনকেইটাৰ সুন্দৰ ব্যৱহাৰেৰে তেওঁ দৰ্শক-শ্ৰোতাক প্ৰদান কৰিছে কেইবাটাও ভাষাৰে গীত। কি হিন্দী; কি ইংৰাজী; এই কন্ঠশিল্পী গৰাকীয়ে শেহতীয়াকৈ গাবলৈ প্ৰয়াস কৰিছে বঙালীকে ধৰি মালায়লম তথা ইটালিয়ান ভাষাৰ গীতো। এই কন্ঠশিল্পী গৰাকীৰ নাম হৈছে ঋতৃষা শৰ্মা; তেওঁৰ চচিয়েল মিডিয়া একাউন্টটোত অকণমান সময়ৰ বাবে চকু ফুৰালেই আপোনালোকৰ বাবে স্পষ্ট হৈ পৰিব এই কথাষাৰ।
ঋতৃষা শৰ্মাই প্ৰয়াস কৰা এই আটাইকেইটা ভাষাৰ প্ৰতিটো গীতেতেই জনসাধাৰণৰ সঁহাৰি আছিল মনকৰিবলগীয়া। আকৌ আন কেইবাটাও ভাষাত গীত গাবলৈ চেষ্টা কৰিবলৈ কোৱাও দেখিবলৈ পোৱা গৈছে তেওঁৰ আন একাংশ অনুৰাগীক। মুঠতে, এক কথাত ক’বলৈ গ’লে আমি প্ৰতিজন জনসাধাৰণে মনোৰঞ্জন বিচাৰো; যিখন ক্ষেত্ৰত স্তব্ধতা কেতিয়াও আহি নপৰে। ইয়াৰ লগতে, আমি নতুনত্বৰ সোঁৱাদ ল’বলৈও চেষ্টা কৰো আৰু তাতেই যদি ঋতৃষা শৰ্মাৰ দৰে একোগৰাকী কন্ঠশিল্পীয়ে আমাক এনেদৰে অকণমান হাঁহিৰ অৱকাশ দিয়ে তেতিয়াহ’লেনো এনে বিভীষিকাৰ দিনত আমাক কিহৰ প্ৰয়োজন! উল্লেখ্য যে, কিছুদিন পূৰ্বে ঋতৃষা শৰ্মাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “বুঢ়া তামোলৰ পাগ” য়ে লাভ কৰিছিল জনসাধাৰণৰ বহুল হাৰত সঁহাৰি। গীতটিৰ মুক্তিৰ প্ৰথমভাগত ইয়াৰ নামটোৱে অৱশ্যে জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। “জুনুকা” ৰ পিছত ঋতৃষা শৰ্মাৰ সংগীত কেৰিয়াৰৰ দ্বিতীয়টো সফল গীত “বুঢ়া তোমালৰ পাগ” বুলি তেওঁৰ অনুৰাগীয়ে কমেন্ট কৰাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত হেঁপাহৰ সৃষ্টি কৰি ৰখা ঋতৃষা শৰ্মাৰ এই গীতটিৰ কেৱল মাত্ৰ অডিঅ’ বুলিয়েই নহয়; গীতটিৰ ভিডিঅ’টিয়ো জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
ৰূপালীপৰ্দাৰ তৰফৰ পৰাও আমি প্ৰত্যেকে তেওঁক আকৌ অইন ভাষা সমূহত গীত গাবলৈ প্ৰয়াস কৰিবলৈ শুভকামনা জ্ঞাপন কৰিছো।







Add comment