Rupaliparda.com
২২ টাকৈ হাতীত কৰুণ মৃত্যুত শোকস্তব্ধ আইমী বৰুৱাঃ 1

২২ টাকৈ হাতীত কৰুণ মৃত্যুত শোকস্তব্ধ আইমী বৰুৱাঃ

অসমবাসীয়ে ইটোৰ পিছত সিটোকৈ শুনিছে বৰ্তমান কিছুমান বেয়া খবৰ; নিয়তি নিষ্ঠুৰ হৈ পৰিছে নে প্ৰকৃতি মানৱ সমাজৰ পৰা ৰুষ্ট হৈছে সেয়া বুজিব পৰা হোৱা নাই যদিও শেহতীয়াকৈ অহা খবৰ সমূহে কেৱল মাত্ৰ প্ৰত্যেককে কন্দুৱাই গৈছে। বিগত দিনত নগাওঁস্থিত বঢ়মপুৰ এলেকাৰ তপত ব্ৰজপাতৰ ফলত মুঠ ২২ টাকৈ হাতীৰ মৃত্যুৰ বাতৰিয়ে সাধাৰণজনক শিঁহৰিত কৰি গৈছিল। বাতৰিটো লাভ কৰাৰ পিছতেই প্ৰত্যেকে শোক ব্যক্ত কৰাৰ লগতে ভৱিষ্যতলৈ যেন এনে কোনোধৰণৰ খবৰ শুনিবলৈ নাপাওঁ তাৰেই আশা কৰিছে। প্ৰকৃতিৰ এনে মাধমাৰক লৈ শোকাহত হৈছে আইমী বৰুৱাও; বন্যহস্তীৰ এনে কৰুণ মৃত্যুক লৈ তেওঁ নিজেও চচিয়েল মিডিয়া যোগে এটি পোষ্ট শ্বেয়াৰ কৰে। আইমী বৰুৱা বুলিয়ে নহয়; এই খবৰটোক লৈ মৰ্মাহত হৈছে আন একাংশ শিল্পীও। তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত হোৱাৰো ইতিমধ্যে দাবী জনাইছে; কিয়নো উক্ত এলেকাটোত বজ্ৰপাত পৰা চিনস্বৰূপ আন কোনো গছ-গছনিত নাছিল। গতিকে, এই ঘটনাটোত কিছু ক্ষেত্ৰত ৰহস্যৰ গোন্ধ পোৱা বুলিও ব্যক্ত কৰে।

২২ টাকৈ হাতীত কৰুণ মৃত্যুত শোকস্তব্ধ আইমী বৰুৱাঃ 2

আইমী বৰুৱাই ঘটনাটোক লৈ কয় যে, “প্ৰকৃতিৰ নিষ্ঠুৰ পৰিহাস; নগাওঁ জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত ব্ৰজপাতৰ ফলত প্ৰায় ২০টিকৈ বন্যহস্তীৰ কৰুণ মৃত্যুৰ বাতৰি পাই অতিকৈ মৰ্মাহত হৈছোঁ। শান্ত সমীহ , জীৱ বিধৰ প্ৰতি সৰুৰে পৰাই আকৰ্ষণ বেছি । সেউজীয়া অৰণ্যক সদায় বন্যপ্ৰাণী সমূহে সমৃদ্ধ অাৰু অনন্য কৰি ৰাখে। এই ঘটনা এক বৃহৎ ক্ষতি। আজিৰ এই বাতৰিটোৰ দৰে বাতৰি যেন কোনো কালে নাপাওঁ তাৰে কামনা কৰিলোঁ। প্ৰভূ ভগৱন্তৰ কৃপা দৃষ্টি থাকক সকলোৰে প্ৰতি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform