Rupaliparda.com
সুশান্তৰ অনুৰাগীৰ দ্বাৰা "#BoycottRadhe" ৰ ট্ৰেণ্ড চচিয়েল মিডিয়াতঃ 1

সুশান্তৰ অনুৰাগীৰ দ্বাৰা “#BoycottRadhe” ৰ ট্ৰেণ্ড চচিয়েল মিডিয়াতঃ

বলীউডৰ বহু প্ৰত্যাশিত ছবি “ৰাধে য়’ৰ মষ্ট ৱান্টেড ভাই” ক শেহতীয়াকৈ মুকলি কৰি দিয়া হৈছে; অৰ্থাৎ ছলমান খানে ঈদত তেওঁৰ ছবি মুকলি কৰা কথা জনসাধাৰণক যেনেদৰে আশ্বাস দিছিল ঠিক তেনেদৰে তেওঁ মুক্তি দিছে ছবিখনক। “ৰাধে” ৰ মুক্তিৰ কিছু পিছত এই ছবিখনক একাংশই পচন্দ কৰিছে আৰু আন একাংশই ছবিখনক সমালোচনাও কৰিছে; কিন্তু ইয়াৰ ভিতৰত এনেও একাংশ আছে যিয়ে ছলমান খানৰ “ৰাধে” ৰ সৈতে “#BoycottRadhe” ৰ এক ট্ৰেণ্ড চচিয়েল মিডিয়াত আৰম্ভ কৰিছে। আৰু, উল্লেখ্য যে এই ট্ৰেণ্ডৰ আঁৰত আছে অভিনেতা সুশান্ত সিং ৰাজপুতৰ একাংশ অনুৰাগী। বিগত বৰ্ষত হোৱা সুশান্তৰ মৃত্যুৰ পিছত এনে একাংশ আছে যিয়ে বৰ্তমানেও কিছু সংখ্যক বলীউড চিলেব্ৰেটীৰ ওপৰত নিজ ক্ষোভ উজাৰি আছে; আৰু তাৰ মাজত এজন হৈছে ছলমান খানো। গতিকে, যেতিয়া ছলমান খানৰ ছবিয়ে মুক্তি লাভ কৰিলে তেতিয়াই এই ট্ৰেণ্ডৰ আৰম্ভণি হ’ল। আনহাতে, ছবিখনৰ তিনিটা সপ্তাহ পূৰ্বে যেতিয়া ট্ৰেইলাৰ মুকলি কৰা হৈছিল তেতিয়াও অৱশ্যে দৰ্শকৰ এনে বহিষ্কাৰৰ ডিমাণ্ড পৰিলক্ষিত হৈছিল।

https://twitter.com/comradeShalu27/status/1392872948545982468?s=20
https://twitter.com/comradeShalu27/status/1392881216031006723?s=20
https://twitter.com/comradeShalu27/status/1392881216031006723?s=20


সুশান্তৰ মৃত্যুৰ পিছত বলীউডত যি খেলি-মেলিৰ সৃষ্টি হৈছিল সেয়া অৱশ্যে বৰ্তমানেও অব্যাহত আছে। তেওঁৰ মৃত্যুৰ তদন্ত অব্যাহত থকা উপৰিও নতুন নতুন মূৰ এই ঘটনাত প্ৰায়ে দেখিবলৈ পোৱা গৈছে। সুশান্তৰ ছবিসমূহক লৈয়ে যেন অনুৰাগী সুখী; তেওঁৰ অনুৰাগী সমূহক প্ৰায় চচিয়েল মিডিয়াত তেওঁক লৈ ভিন্ন ধৰণৰ আপডেট দিয়া দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Most popular