আমাৰ সংস্কৃতি ক্ষেত্ৰখন আনতকৈ সুকীয়া হোৱাৰ সমান্তৰালকৈ ই প্ৰতিটো দিশৰ পৰাই যে উন্নত এই কথাষাৰ আমি এনেই অৱশ্যে কৈ নেপেলাওঁ। ইয়াৰ আঁৰত আছে এনে বহু কাৰণ যিয়ে এগৰাকী অসমীয়া ৰূপে আমাক প্ৰতিটো সময়ত উৎসাহিত কৰি ৰাখে। এইখিনিতে, আমাৰ এই ক্ষেত্ৰখনৰ আন এক দুখলগা বিষয় এয়াও যে ইয়াত এনে একাংশ লোকনাট্য কলাৰ সংযোজন আছে; যিসমূহ কেৱল মাত্ৰ এখন নিৰ্দ্দিষ্ট ঠাইৰ লগতে সেই ঠাইৰ এচাম লোকৰ মাজতহে জনপ্ৰিয়। বৰ্তমানলৈ হয়টো ই বহুল হাৰত ৰাইজৰ মাজলৈ ওলাই অহা নাই; আচলতে, ওলাই অহা নাই বুলি আমি ঘপপকৈ কৈ দিয়াতকৈ ৰূপালীপৰ্দাই চেষ্টা কৰিছে এটা পূৰণি লোকনাট্য কলাক আপোনালোকৰ মাজত চিনাকী কৰোৱাই দিবলৈহে। যদিও, প্ৰতিটো দেওবাৰত আপোনালোকে ৰূপালীপৰ্দাৰ জৰিয়তে এটা বিশেষ সাক্ষাৎকাৰ পঢ়িবলৈ পায়; তথাপিও আমি আজিৰ এই দেওবাৰটোত চেষ্টা কৰিছো কিছু ব্যতিক্ৰমৰ। শেহতীয়াকৈ আমাৰ কথা হৈছিল এই নাট্যকলাটোৰ সৈতে শৈশৱৰ পৰা জড়িত অভিনেতা কুল কুলদ্বীপৰ সৈতে; এই নাট্য কলাটোৰ নাম হৈছে দৰঙী খুলীয়া ভাউৰীয়া। গতিকে জানো চোন আহক ইয়াৰ বিষয়ে আন কিছু কথা;
দৰঙী খুলীয়া ভাউৰীয়া হৈছে অসমৰ সৰ্ববৃহৎ লোক নাট্য কলা; এই লোক কলা বিধত ৰামায়ণ, মহাভাৰতকে আৰম্ভ কৰি বধ কাব্য সমূহৰ নাটক প্ৰদৰ্শন কৰা হয়; কৃষিজীৱী লোক শিল্পীৰ এয়া আচৰিত নাট্য প্ৰদৰ্শন। সাধাৰণতে ৩০ জনৰ পৰা ৪০/৪৫ জন লোক শিল্পী থাকে একোটা ভাউৰীয়া দলত; গধূলিৰ পৰা পুৱতি নিশালৈ গোটেই ৰাতি নাট প্ৰদৰ্শন কৰা হয়। এজন ওজা থাকে ,যাক আমি সূত্ৰধাৰ বুলিব পাৰো আৰু তেওঁ লগতে ৪/৫ গৰাকী খুলীয়া, ৩/৪ জন তালুৱৈ থাকে। দৰ্শক আৰু অভিনেতাৰ মাজত কোনোধৰণৰ দূৰত্ব নাথাকে; অভিনয় প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই খন (খোলা) ৰ তিনিও দিশৰ পৰা দৰ্শকে নাট উপভোগ কৰিব পাৰে। এফালে আৰ কাপোৰ থাকে; সেই আৰ কাপোৰৰ পিছত খুলীয়া আৰু পদ ধৰা মানুহ থাকে। অভিনেতা সকল আৰ কাপোৰ আৰু দুই ফালৰ দৰ্শকৰ মাজেৰে প্ৰৱেশ কৰে। ইয়াৰ যাৱতীয় সম্পত্তি মুখা, ধনু, তৰোৱাল, যাঠি, তোন আদি অভিনেতা সকলে নিজাববীয়াকৈ তৈয়াৰ কৰি লয়। আশ্চৰ্য্যকৰ কথা এয়াই যে এই নাট্যকলাটোৰ সৈতে জড়িতশিল্পী সকলৰ প্ৰায়বোৰেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ব্যক্তি; যেনে ধৰক খেতিয়ক, ৰাজমিস্ত্ৰী তথা কাঠ মিস্ত্ৰী আদি জীৱিকাৰ লগত জড়িত। ইয়াৰ এটি প্ৰধান অংগ হল বহুৱা (কমেডিয়ান), যাৰ নাটকৰ লগত কোনো সম্পৰ্ক নাই,কিন্তু দৰ্শকক আমোদ দিবলৈ মাজে মাজে ৰসাল , কৌতুকপূৰ্ণ , ফুচুৰী গীত বা অভিনয় লৈ দৰ্শকৰ মাজলৈ আহে। পূৰ্বতে ইয়াত আৰিয়া জ্বলাই , জুমুঠি জ্বলাই , কোমোৰা খুলি মিঠাতেলেৰে ভোটা জ্বলাই পোহৰৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ গীত আৰু বাদ্যত দেখা পোৱা লোক সংগীতৰ মাদকতা সুকীয়া।
উল্লেখ্য যে, কুল কুলদ্বীপে লাভ কৰা নেচনেল ইয়ং আৰ্টিষ্ট স্কলাৰশ্বিপ এৱাৰ্ড উক্ত বিশেষ নাট্যকলাটোৰ বাবেই তেওঁ লাভ কৰিছিল। দৰৰঙৰ প্ৰায় ৪০/৪৫ টা দলৰ ভিতৰত অন্যতম নবজ্যোতি নাট্য সংঘ খুলীয়া ভাউৰীয়া দল এই দল কুল কুলদ্বীপৰ জন্ম গাওঁৰ। ইয়াৰ তাল, মান, লয়ৰ মাজতে জন্ম। নৱপ্ৰজন্মৰ সৈতে এই কলাবিধক চিনাকী কৰোৱাৰ বাবে কিবা প্ৰচেষ্টা কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “আমি যথেষ্ট প্ৰচেষ্টা চলাইছোঁ। মই ব্যক্তিগত ভাবে নাট্য কৰ্মশালাৰ লগত সংগতি ৰাখি খুলীয়া ভাউৰীয়াৰ কৰ্মশালাও কৰিছো।নব প্ৰজন্ম আহিছে কিন্তু তুলনা মূলক ভাবে যথেষ্ট কম সংখ্যক হে আগ্ৰহী, পঢ়া শুনাৰে অত্যাধুনিক টেকনলজিৰ লগত জড়িত সকল আহিলে তেওঁ লোকে লোক কলাৰ আদৰ আৰু গুৰুত্ব বুজিলে বহুত সুখবৰ হব আৰু সেয়া প্ৰয়োজন। যিসকলে দিন হাজিৰা কৰি কাঠ মিস্ত্ৰী ৰাজ মিস্ত্ৰী কৰি ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকৰ ধৰি ৰখা ক্ষমতা আৰু এই কাম কৰি পোৱা আনন্দ বহুত বেছি। ; আগ্ৰহ বহুত বেছি।” আচলতে, এইখিনি কোৱাৰ পিছতো তেওঁ বিশ্বাস কৰে যে, পৰিশোধন হৈ সময় উপযোগী হৈ লোক কলা জীয়াই থাকিবই। সেয়া roots (শিঁপা); তাৰ পৰা মানুহ আঁতৰি যাব নোৱাৰে । লোক কলা জীয়াই থাকিবই। তাত জীৱন আছে, জাতিৰ পৰিচয়, লোক কালত প্ৰতিভাত হৈছে মানুহ আৰু প্ৰকৃতি । জীৱনৰ উদাত্ব নিচান লোক কলা। আহিবলগীয়া সময়ত এই কলাটোৰ সৈতে জড়িত আন শিল্পীসমূহকো আপোনালোকৰ সমুখলৈ অনাৰ প্ৰয়াস কৰিব ৰূপালীপৰ্দাই।
লোক সংস্কৃতি সমূহ এতিয়া কাৰ পৃষ্ঠপোষকতা জীয়াই থাকিব ? নৱ প্ৰজন্ম সমূহ লোকসংস্কৃতি সমূহৰ প্ৰতি দায়িত্বশীল নে,? সমাজ পৰিবৰ্তনৰ সমান্তৰালকৈ আমি বহু ঠাইত মানুহৰ মানসিকতাত নাগৰিকৰণৰ নামত পাশ্চাত্য সংস্কৃতিৰ শিপাই আৱৰা লক্ষ্য কৰিছোঁ । এই লক্ষণ্যে লোক সংস্কৃতি সমূহক আওকাণ কৰি ইতিহাসৰ এটা পৃষ্ঠালৈ পৰিবৰ্তন নকৰে যাতে । ইয়াৰ সলনি নতুন প্ৰজন্মই এই কলা সমূহক প্ৰযুক্তিৰ দ্বাৰাই বিশ্বায়নৰ পথাৰত আৰু মুকলিকৈ উপস্থাপন কৰি আগুৱাই নিয়াত আদৰ্শ পোষণ কৰিব পাৰে । আজিৰ অসমত, সংস্কৃতিক নিৰাশ কৰিব নুখুজা আদৰ্শপ্ৰাণ দৰঙীয়া শিল্পী সমাজক অভিনন্দন জনাইছোঁ।