Rupaliparda.com
চলিত বৰ্ষৰ শেষৰ ফালে "আদ্ভিত্য"; উৎসাহিত দৰ্শকোঃ 1

চলিত বৰ্ষৰ শেষৰ ফালে “আদ্ভিত্য”; উৎসাহিত দৰ্শকোঃ

অসমীয়া চলচিত্ৰ ক্ষেত্ৰখন বৰ্তমান যদিও স্তব্ধ তৎস্বত্বেও শেহতীয়াকৈ এই ক্ষেত্ৰখনলৈ অহা একোটা নতুন খবৰে কিন্তু আজি পৰ্যন্ত প্ৰত্যেককে উৎসাহিত কৰি ৰাখিছে। ছবি সমূহ যদিও এনে বিভীষিকাৰ সময়ত মুকলি কৰি দিয়াৰ কথা নিৰ্মাতা গোষ্ঠীয়ে ভাবিব পৰা নাই তথাপিও ছবি সমূহত ব্যতিক্ৰমী কাহিনীৰ সংযোজনে এই ছবি সমূহক লৈ দৰ্শকবৃন্দক আকৰ্ষণ কৰাত সক্ষম হৈছে। আহিবলগীয়া ছবি সমূহৰ ভিতৰত এখন উল্লেখনীয় ছবি হৈছে “আদ্ভিত্য”; ছবিখনে অৱশ্যে শেহতীয়াকৈ সচেতন মহলত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে কিয়নো নৱাগতা পৰিচালক অৰিন্দম শৰ্মাৰ উক্ত ছবিখনত সংযোজন কৰিছে এনে এক কাহিনী যিয়ে সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকজন দৰ্শককেই আকৃষ্ট কৰি ৰখাত সক্ষম হ’ব। “Why not in Jollywood then?” এটি প্ৰশ্নৰে নতুনৰ আৱিষ্কাৰ কৰিবলৈ বিচৰা এই ছবিখন চলিত বৰ্ষৰ শেষৰফাললৈ মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। High Voltage Actions ৰে পৰিপূৰ্ণ এখন ছুপাৰহিৰো’ ছবি হৈছে “আদ্ভিত্য”; য’ত দৰ্শকৰ বাবে মূল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব ছবিখনত থকা বহুল হাৰৰ VFx। অসমীয়া ছবি ক্ষেত্ৰখনতো যে এনে এক বিষয় সন্মিলিত কৰি এখন ছবিৰ নিৰ্মাণ হ’ব পাৰে তাক দেখুওৱাবৰ বাবে এনে এখন ছুপাৰহিৰো’ ছবিৰ পৰিকল্পনা কৰিছিল অৰিন্দম শৰ্মাই। ইয়াত আপোনালোকে দৃশ্যগ্ৰহণ, সম্পাদনা তথা অসমীয়া ছবিত কৰা VFxৰ ক্ষেত্ৰত “আদ্ভিত্য” য়ে দৰ্শকক নতুনৰ সন্ধান দিবলৈ সক্ষম হ’ব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

চলিত বৰ্ষৰ শেষৰ ফালে "আদ্ভিত্য"; উৎসাহিত দৰ্শকোঃ 2
চলিত বৰ্ষৰ শেষৰ ফালে "আদ্ভিত্য"; উৎসাহিত দৰ্শকোঃ 3


কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচনচ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে ব্ৰজেন নাথ শৰ্মা; পোষ্ট প্ৰডাকচনত ব্যস্ত এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ণৱ আয়ানে লগতে খলনায়কৰ চৰিত্ৰ ৰূপায়ন কৰিছে প্ৰাঞ্জল শইকীয়াই। নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে নিহা ৰাণী দাসে। সমান্তৰালকৈ, ছবিখনৰ দৃশ্যগ্ৰহণ অৰিন্দম, কৈলাশ দুৱৰা তথা নাছিৰুল হুচেইনৰ। স্ক্ৰীপ্টৰ ক্ষেত্ৰত প্ৰশ্ন কৰাত পৰিচালক গৰাকীয়ে এবাৰ নিজেই কৈছিল যে, “স্ক্ৰীপ্ট খন ফাইনেল কৰাৰ আগেয়ে বহুবাৰ সম্পাদনা কৰা হৈছিল; উদ্দেশ্য এটাই আছিল যাতে দৰ্শকে কোনো কাৰণেই অলপো আমনি অনুভৱ নকৰে; আচলতে মোৰ মনতো নাই যে স্ক্ৰীপ্ট খন কিমানবাৰ সম্পাদনা কৰা হৈছিল। কিন্তু, কমেও ৩০-৪০ বাৰ সম্পাদনা কৰা হৈছিল। আমি ২০২০ চনৰ আৰম্ভণিতে ছবিখনৰ প্ৰথম “schedule” ৰ দৃশ্যগ্ৰহণ কৰিছিলোঁ। তাৰপাছতে লকডাউন হৈছিল; পিছলৈ আকৌ, আমি সকলো নিয়ম মানি দৃশ্যগ্ৰহণ কৰিছিলো।”

চলিত বৰ্ষৰ শেষৰ ফালে "আদ্ভিত্য"; উৎসাহিত দৰ্শকোঃ 4
চলিত বৰ্ষৰ শেষৰ ফালে "আদ্ভিত্য"; উৎসাহিত দৰ্শকোঃ 5

আহিবলগীয়া সময়ৰ এখন উন্নত মানদণ্ডৰ ছবি ৰূপে পৰিগণিত হ’ব এইছবিখন। নৱাগতা পৰিচালক গৰাকীৰ সৈতে ছবিখনৰ সৈতে জড়িত কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform