Rupaliparda.com
এক নতুন ৰোমান্টিক গীতৰ সৈতে আকৌ ৰাইজৰ মাজলৈ ৰাকেশ ৰিয়ানঃ 1

এক নতুন ৰোমান্টিক গীতৰ সৈতে আকৌ ৰাইজৰ মাজলৈ ৰাকেশ ৰিয়ানঃ

আন এক নতুন ৰোমান্টিক গীতৰ আকৌ ৰাইজৰ মাজলৈ ৰাকেশ ৰিয়ান। বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ মুক্তি লাভ কৰা গীতটিৰ নাম হৈছে “এখনি সৰু হৃদয়”; গীতটিত ৰাকেশ ৰিয়ানৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে জিলমিল গগৈয়ে। গীতটিত কথা বিভান শৰ্মা আৰু পৰাগ কলিতাৰ লগতে সুৰ কৰিছে ৰাজ কাশ্যপ, দেৱ গীতজে; আনহাতে সংগীত ৰাজ কাশ্যপৰ। শব্দ সংমিশ্ৰণ পলাশ গগৈৰ; ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে।

এক নতুন ৰোমান্টিক গীতৰ সৈতে আকৌ ৰাইজৰ মাজলৈ ৰাকেশ ৰিয়ানঃ 2


তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.