উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে। মুঠতে, পূৰ্বেও উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। ৰূপালীপৰ্দাৰ ফালৰ পৰা আমি কথা পাতিছিলো শেহতীয়াকৈ সংগীত ক্ষেত্ৰৰ সৈতে জড়িত নৱপ্ৰজন্মৰ প্ৰতিভা চয়নিকা বৰুৱাৰ সৈতে; নিজ কথা, সুৰেৰে নিৰ্মিত “চিনাকী ফাগুন” শীৰ্ষক গীতটিৰে সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “সংগীতৰ ক্ষেত্ৰখনত বহু সৰুৰে পৰাই জড়িত। ঘৰখনত সংগীতৰ সুবাস সৰুৰে পৰাই পাইছিলো। মাৰ কোলাত শুই যেতিয়া নিচুকনি গীত শুনিছিলো, দেউতাই যেতিয়া বিভিন্ন গীতৰ লহৰ তুলিছিল , ঘৰখনৰ চাৰিওকাষ সংগীতৰ সুবাসেৰে আমোলমোলাইছিল। তেনেকৈয়ে হয়টো মই বুজা নুবুজা হোৱাৰ পৰাই গীত গাইছিলো। প্ৰথমবাৰ স্কুললৈ গৈয়েই থুনুক থানাক মাতটোৰেই দেউতাই শিকাই দিয়া জ্যোতি সংগীত “গছে গছে পাতি দিলে” গাই প্ৰথম পুৰস্কাৰ পাইছিলো; তেনেকৈয়ে মোৰ এই সাংগীতিক যাত্ৰা আৰম্ভ হ’ল।”
আগলৈ তেওঁ কয় যে, “২০০২ চনত ৬ বছৰ মান বয়সতেই মই এখন অসমীয়া ছবি “মহাপুৰুষ” ত সংযোজিত এটি গীত গাবলৈ সুযোগ পাইছিলো। অসমৰ এগৰাকী সুগায়িকা সংগীতা বৰঠাকুৰ বাইদেউৰ লগত “মাজনী সোনজনী হিয়াৰ মণি” শীৰ্ষক গীতটিত কন্ঠদান কৰিছিলো মই; সেয়াই আছিল প্ৰথম অভিজ্ঞতা, সেই অনুভৱ আৰু অভিজ্ঞতা বাখ্যা কৰিবলৈ গ’লে হয়টো শেষেই নহব। তাৰ পাছতেই, মই হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিলোঁ । প্ৰথমে মই মোৰ বা মঞ্জিতা শৰ্মাৰ ওচৰত সা ৰে গা মা পা শিকোঁ আৰু তাৰ পাছতেই মই বিশ্বনাথ চাৰিআলিৰ শব্দম পৰিয়ালৰ লগত জড়িত হৈ তাত অলকানন্দা ৰাজবংশী বাইদেউ আৰু বিজন বৰা ছাৰৰ তত্বাবধানত মই মোৰ B.Mus ডিগ্ৰী লাভ কৰিলো । শিকাৰ পৰিসমাপ্তি নঘটে, সেইহে মই আকৌ বৰগীত শিকিবলৈ আকৃষ্ট হ’লো আৰু তাৰপাছতেই মই অঙ্কুৰ মহন্ত ছাৰৰ ওচৰত বৰগীতৰ চৰ্চা আৰম্ভ কৰিলোঁ। সমান্তৰালকৈ, মই এই যাত্ৰাৰ মাজে মাজে বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। এই প্ৰতিযোগিতা সমূহে মোক বিভিন্ন গীত শুনাৰ আৰু শিকাৰ সুযোগ দিলে। স্কুলৰ পৰা মহাবিদ্যালয় , মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় এই যাত্ৰা এতিয়াও অব্যাহত আছে আৰু থাকিব। মই এতিয়াও ভাবো এইয়া মোৰ যাত্ৰাৰ আৰম্ভণিহে, মই মাত্ৰ কেইখোজমানহে দিছো আৰু বহু দূৰ যাবলৈ আছে লগতে যথেষ্ট শিকিবলৈ আছে। আমি শুনোৱে নহয় “I’m a Learner, I’m still learning and I have way more to learn.”। এটা গীতৰ কোনটো উপাদান চয়নিকা বৰুৱাই কয় যে, “মই ভাবো গীত এটি “গীত” হৈ উঠাৰ আঁৰত কেৱলমাত্ৰ এটায়ে উপাদান জড়িত হৈ নাথাকে; কোনটো উপাদানৰ ওপৰত অধিক গুৰুত্ব দিওঁ বুলি ক’বলৈ গ’লে যদি এটি উপাদানৰ কথাৰে কওঁ না সঠিককৈ আৰম্ভ হ’ব না ভালকৈ শেষ হ’ব। গীতৰ কথা, সুৰ, গায়কী, সংগীত ব্যৱস্থাপনা সকলো জড়িত হৈ থাকে ইটো সিটোৰ লগত যেন এক এৰিব নোৱাৰা সম্বন্ধ। মোৰ দৃষ্টিত এই সকলোবোৰক জীয়াই তুলিছে অনুভৱ আৰু অনুভূতিবোৰে। য’ত অনুভৱ নাথাকে তাত সৃষ্টি নাথাকে আৰু য’ত সৃষ্টি নাথাকে তাত জানো গীতৰ সৃষ্টি হ’ব ! “The more you can feel, the more you can create.”
চয়নিকা বৰুৱাৰ আহিবলগীয়া গীতসমূহৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মোৰ অনুভৱী মনটোৱে সকলোতে উশাহ বিচাৰি ফুৰে আৰু তেনেকৈয়ে জীৱনৰ মধুৰ স্মৃতি আৰু মধুলগনৰ অনুভৱ বোৰে শব্দ হৈ আহি মোৰ ডায়েৰীৰ পৃষ্ঠা বোৰত জীৱনৰ বহুৰঙী ৰঙেৰে সুৰৰ মূৰ্চ্চনা তোলে। লাহে লাহে সেই অনুভৱ বোৰক সকলোৰে লগত চিনাকি কৰাই দিয়াৰ হাবিয়াস পুহি ৰাখিছোঁ। “জীৱন বহুৰঙী আশাবোৰো অনুভৱী” শীৰ্ষক গীতটি মোৰ আহিবলগীয়া গীতসমূহৰ ভিতৰত অন্যতম। And I would love to try songs from different genres।” এগৰাকী শিল্পীৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয়, “মই ভাবো “শিল্পী” কি বুজাব পৰা দৃঢ়তা মোৰ এতিয়াও হোৱা নাই তথাপিও বহুত গভীৰ সংজ্ঞা বোৰৰ মাজত মই নিজেই এটি সংজ্ঞা বিচাৰি পাইছোঁ যে “The one who creates”, অৰ্থাৎ স্ৰষ্টাই শিল্পী আৰু প্ৰতিটো সৃষ্টিয়েই হ’ল শিল্প।”
Add comment