Rupaliparda.com
অংগৰাগ পাপন মহন্তই মুকলি কৰিছে ক'ভিড হেল্পলাইন নম্বৰ! 1

অংগৰাগ পাপন মহন্তই মুকলি কৰিছে ক’ভিড হেল্পলাইন নম্বৰ!

ক’ভিডৰ ভয়াৱহতাৰ মাজতেই ফুটি উঠিছে একাংশ শিল্পী, কলা-কুশলীৰ মহানুভৱতা; ইজনে আনজনক কৰা সহায়ৰ পৰা আৰম্ভ কৰি অনুদান দিয়ালৈ বৰ্তমান এই শিল্পী সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ক’ৰোণাই আকৌ এবাৰ কৰা পৰিস্থিতিক লৈ শংকিত অংগৰাগ পাপন মহন্তই কিছুদিন পূৰ্বে জনসাধাৰণক প্লাজমা ড’নেট কৰিবলৈ আহ্বান জনাইছিল। সমান্তৰালকৈ, শেহতীয়াকৈ তেওঁ সাধাৰণ ৰাইজৰ বাবে মুকলি কৰিছে ক’ভিড হেল্পলাইন নম্বৰ। চচিয়েল মিডিয়া যোগেই এই কথা স্পষ্ট কৰে পাপনে। হেল্পলাইন নম্বৰটোত ফোন কৰিলেই চিকিৎসকৰ পৰা আৰম্ভ কৰি ক’ভিড কেয়াৰ চেন্টাৰলৈ গোটেইখিনি তথ্য জনসাধাৰণে লাভ কৰিব পাৰিব বুলি প্ৰকাশ কৰে কন্ঠশিল্পী গৰাকীয়ে। আনহাতে তেওঁ কয় যে, “প্ৰাৰ্থনা কৰিছো যাতে আমি সকলো কুশলে থাকো। জীৱনৰ এই জটিল সময়ত আমি নিজৰ লগতে আপোনজনক সুৰক্ষিত কৰি ৰখাৰ বাবে চেষ্টাৰ ক্ৰটি কৰা নাই। প্ৰত্যেকেই নিজ সামৰ্থ্য অনুসাৰে সহায়ৰ বাবে আগবাঢ়ি আহিছে। এয়াই মানৱতা, এয়াই মানৱ ধৰ্ম। আমিও আৰ্থফুল ফাউণ্ডেচনৰ তৰফৰ পৰা বিভিন্ন প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত অসমবাসীৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰি আহিছো। এনে আন্তৰিক প্ৰয়াসৰ অংশ হিচাপে এইবাৰ আমি কভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিত সহায়ক হোৱাকৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছো। ইয়াৰ দ্বাৰা কভিড আক্ৰান্তসকলে আমাক ফোন কৰিলে আমি চিকিৎসক, অক্সিজেন, কভিড কেয়াৰ চেন্টাৰকে আদি কৰি সম্ভৱপৰ সকলোখিনি তথ্য আগবঢ়াম। এনে তথ্য আৰু উৎস যাতে সম্পূৰ্ণৰূপে কাৰ্যক্ষম আৰু নিৰ্ভৰযোগ্য হয়, তাৰ বাবে আমাৰ স্বেচ্ছাসেৱকসকলে দিনে-নিশাই সেৱা আগবঢ়াই আছে।”

অংগৰাগ পাপন মহন্তই মুকলি কৰিছে ক'ভিড হেল্পলাইন নম্বৰ! 2
অংগৰাগ পাপন মহন্তই মুকলি কৰিছে ক'ভিড হেল্পলাইন নম্বৰ! 3


তেওঁ আগলৈ কয় যে, “তথ্য-প্ৰযুক্তিৰ পৰা এতিয়াও বহু নিলগত থকা আমাৰ বহুজনৰ বাবে এই ফোন নম্বৰটো যথেষ্ট সহায়ক হ’ব বুলি আমি বিশ্বাসী। আমাৰ এই হেল্পলাইন নম্বৰটোৰ বিষয়ে আপোনাৰ আপোনজনকো জনাওক যাতে আমি প্ৰয়োজনত তেওঁলোকক সেৱা আগবঢ়াব পাৰো। ধন্যবাদ।” বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰতিজন সাধাৰণ নাগৰিকৰ সৈতে চিন্তাগ্ৰস্ত হৈছে শিল্পী সকলো। সেইবাবেই তেওঁলোকে যিসকলে যেনেদৰেই পাৰে আনজনক সহায় কৰাৰ সমান্তৰালকৈ নিজ নিজ অনুৰাগীকো সহায় কৰিবলৈ আহ্বান জনাইছে। ক’ৰোণাই আকৌ এবাৰ ইয়াতকৈ পৰিস্থিতি বেয়া নকৰাৰ আশা কৰিছে এতিয়া সকলোৱে।তথ্য-প্ৰযুক্তিৰ পৰা এতিয়াও বহু নিলগত থকা আমাৰ বহুজনৰ বাবে এই ফোন নম্বৰটো যথেষ্ট সহায়ক হ’ব বুলি আমি বিশ্বাসী। আমাৰ এই হেল্পলাইন নম্বৰটোৰ বিষয়ে আপোনাৰ আপোনজনকো জনাওক যাতে আমি প্ৰয়োজনত তেওঁলোকক সেৱা আগবঢ়াব পাৰো। ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform