এখন ৱেব চিৰিজ আৰু বহুল ভাৱে চৰ্চিত ইয়াৰ কাহিনী; অসমীয়া ৱেব চিৰিজ সমূহৰ ভিতৰত বৰ্তমানলৈ ইমান অধিক প্ৰশংসিত হয়টো ৱেব চিৰিজ আমি দেখাই নাছিলো। কিয়নো, আজি আমি আলোচনা কৰিবলৈ বিচৰা এই ৱেব চিৰিজখনে কেৱলমাত্ৰ সাধাৰণ ৰাইজকেই নহয় আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসমীয়া চিলেব্ৰেটী সকলকো। আপোনালোকে নিশ্চয় এই চিৰিজখনৰ নামটোৰ কিছু আভাস পাইছে; হয় এই চিৰিজখনৰ নাম হৈছে “ফিছা”। সংকল্পজিৎ হাজৰিকাৰ দ্বাৰা পৰিচালিত এই ৱেব চিৰিজখনক কৰা প্ৰশংসাৰ যদি আপুনি এক পৰ্যালোচনা চাবলৈ বিচাৰে তেতিয়াহ’লে এই পৰিচালক গৰাকীৰ ফেচবুক প্ৰফাইলতেই দেখিবলৈ পাব। পৰিচালক সংকল্পজিতে নিজেও কৈছে যে এই ৱেব চিৰিজখনৰ স্ক্ৰীপ্ট নিৰ্মাণত তেওঁলোক দীৰ্ঘদিন ব্যস্ত হৈছিল; বহুকেইটা দিনে-ৰাতিয়ে তেওঁ আৰু চিত্ৰনাট্য ৰচক প্ৰণৱ বৰুৱাই কৰা আলোচনাৰ দ্বাৰাহে “ফিছা” খনক এনে এক পৰ্যায়লৈ তুলি লৈ যাবলৈ সক্ষম হৈছিল। ডিজিটেল প্লেটফৰ্মত ৰীলড্ৰামাত মুক্তিপ্ৰাপ্ত এই ৱেব চিৰিজখন আছিল ৰোমাঞ্চ, ৰহস্য, ষড়যন্ত্ৰ তথা পুংখানুপুংখ কাহিনীৰ উপস্থাপনেৰে পৰিপূৰ্ণ। এগৰাকী প্ৰখ্যাত সমাজসেৱকৰ হত্যাৰ “অপেন এণ্ড শ্বাট” কেছক কেনেদৰে মাছৰ ফিছাৰ অস্তিত্বৰ সৈতে তুলনা কৰি দৰ্শকৰ মনস্তাত্বিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৈতে সংলগ্ন কৰা হৈছে, তাৰ সুন্দৰ উপস্থাপনত সফল সংকল্পজিৎ হাজৰিকাক প্ৰত্যেকে কৰা প্ৰশংসাৰ কিছু স্ক্ৰীণছট্ আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিম। চাওঁচোন আহকঃ















ৱেব চিৰিজখনত এগৰাকী প্ৰশিক্ষিত তথা অভিজ্ঞ অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰ সমান্তৰালকৈ ইয়াত একোগৰাকী নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ো আছিল খুবেই গ্ৰহণযোগ্য। বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা, ৰাজীৱ গোস্বামীৰ লগতে কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰাৰ লগতে পৰাগ শৰ্মা আদি বিভিন্ন শিল্পীৰ অভিনয়ত মুগ্ধ হৈছে জনসাধাৰণো। সেইবাবেই হয়টো চচিয়েল মিডিয়াত একাংশ দৰ্শকে চচিয়েল মিডিয়াত এই ৱেব চিৰিজখনত অভিনীত অভিনেতা-অভিনেত্ৰী সকলৰ অভিনয়ক নিঁখুত বুলি দাবী কৰিছে। আনহাতে, এয়া সঁচাকৈ ভাল লগা কথা যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত এগৰাকী পৰিচালকে আনগৰাকী পৰিচালকৰ প্ৰকল্পসমূহক গুৰুত্ব সহকাৰে উপভোগ কৰাৰ উপৰিও প্ৰকল্পটোক লৈ ধনাত্মক বাৰ্তা প্ৰেৰণ কৰাৰো চেষ্টা কৰে। সেইবাবেই হয়টো “ফিছা” ক লৈ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছিল পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে অনুপম কৌশিক বৰুৱাকো। ৱেব চিৰিজখনৰ কাৰিকৰী দিশটো অৰ্থাৎ বেকগ্ৰাউণ্ড স্কৰ, সম্পাদনা আদিকো গ্ৰহণ কৰিছিল দৰ্শকে।

এই ৱেব চিৰিজখনৰ উচ্চ মানদণ্ডৰ হোৱাৰ বাবেই হয়টো পৰিচালকগৰাকীৰ ওপৰত এতিয়া দৰ্শক সমাজে বহুল আশা প্ৰকাশ কৰিছে। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।
Add comment