Rupaliparda.com
"মোৰ পিতৃয়ে আছিল মোৰ বয়ফ্ৰেণ্ড"- নীনা গুপ্তা 1

“মোৰ পিতৃয়ে আছিল মোৰ বয়ফ্ৰেণ্ড”- নীনা গুপ্তা

বলীউডত এনে বহু অভিনেতা-অভিনেত্ৰী আছে; যিসকল নিজৰ প্ৰফেচনেল জীৱনতকৈ অধিক চৰ্চা লাভ কৰে নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। আৰু, অৱশ্যে এনে অভিনেতা-অভিনেত্ৰীয়েও নিজৰ কথাবোৰ কোনো লুক-ধাক নকৰাকৈয়ে ব্যক্ত কৰে ৰাইজৰ সমুখত। এই আটাইবোৰৰ মাজত এনে এগৰাকী অভিনেত্ৰী হৈছে নীনা গুপ্তা; তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ সমান্তৰালকৈ তেওঁৰ ব’ল্ড অৱতাৰে প্ৰত্যেককে আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এক সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে কয় যে, “জীৱনৰ প্ৰায়ভাগ সময়ে মই অকলশৰীয়া অনুভৱ কৰিছো। এয়া মোৰ জীৱনত বহুবাৰ হৈছে; কিয়নো মোৰ জীৱনত সেই কালছোৱাত কোনো প্ৰেমিক নাছিল আৰু না স্বামী আছিল। কিন্তু মই জীয়াবলৈ পাৰিছিলো কাৰণ মই কোনোদিন অতীতৰ ওপৰত ধ্যান দিয়া নাছিলো। মোৰ অকলশৰীয়া বেছিকৈ অনুভৱ তেতিয়া হৈছিল যেতিয়া কৰ্মস্থানত মোক অপমান কৰা হৈছিল; কিন্তু তেতিয়া মোৰ পিতৃয়ে আছিল মোৰ একমাত্ৰ বয়ফ্ৰেণ্ড। এটা কথা ক’বই লাগিব যে ভগৱানে মোক শক্তি দিছিল যাতে মই আগবাঢ়ি যাবলৈ সক্ষম হওঁ। তেওঁৰ জনপ্ৰিয় গীত “চৌলী কে পিছে ক্যা হে” ৰ বিষয়ে এবাৰ কওঁতে তেওঁ সৰোজ খানৰ মৃত্যুক লৈ শোকস্তব্ধ হৈছিল। উক্ত গীতটি মুক্তি লাভ কৰা পিছতেই ই সচেতন মহলত খলকনি লগাইছিল যদিও ই পিছলৈ ঠিক হৈ যায়। গীতটিক লৈ নীনাই কয় যে,

"মোৰ পিতৃয়ে আছিল মোৰ বয়ফ্ৰেণ্ড"- নীনা গুপ্তা 2


“গীতটোৰ শ্বুটিং কৰি থকা সময়ত মই কি কৰো/কি নকৰো যেন হৈ পৰিছিলো; কাৰণ মই শুনিছিলো যে সৰোজ খানে বহু ডাঙৰ ডাঙৰ চিলেব্ৰেটীৰ সৈতে ইতিমধ্যে কাম কৰি আহিছে আৰু ইয়াৰ বিপৰীতে মাধুৰী দীক্ষিত হৈছে এগৰাকী প্ৰশিক্ষিত নৃত্যশিল্পী। গীতটোৰ শ্বুটিঙৰ প্ৰথমটো দিনাই মই বিচলিত হৈছিলো যদিও মাধুৰী দীক্ষিত আৰু সৰোজ খানে এইটোত গুৰুত্ব দিছিল যে মই এগৰাকী প্ৰফেচনেল ডেন্সাৰ নহয়। লাহে লাহে সৰোজ খানে মোক সহজ কৰি ল’লে আৰু তেওঁ মোক মই কৰি ল’ব পাৰিম বুলি আশ্বাস দিলে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.