কিছুদিন পূৰ্বে “তোমাকে চাই” শীৰ্ষক এটি ৰোমান্টিক গীতে আকৰ্ষণ কৰিছিল শ্ৰোতা-দৰ্শকক। সংগীত বুলিলেই এক অজান প্ৰশান্তি সকলোৰে মাজত দেখিবলৈ পোৱা যায়। সুৰীয়া কন্ঠ আৰু গ্ৰহণযোগ্য কথাৰ সংমিশ্ৰণেৰে নিৰ্মিত একোটা গীতত শ্ৰোতা-দৰ্শক নজনাকৈয়ে ঢাল খাই পৰে। মুঠতে, একোটা ভাল আৰু সুন্দৰ প্ৰকল্পৰ আদৰ অসমীয়া প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী জনসাধাৰণে কৰি আহিছে। শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ নতুন গীতৰ সৃষ্টি হৈছে; অৱশ্যে আমি দেখিবলৈ পোৱাত এয়াও সঠিক যে বৰ্তমান মুক্তিপ্ৰাপ্ত একাংশ গীতত নৱপ্ৰজন্মৰ প্ৰতিভাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ নৱপ্ৰজন্মৰ দলসমূহে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। উক্ত গীতটিৰ কথাৰ লগতে সুৰ দিয়াৰ উপৰিও ইয়াত কন্ঠদান কৰিছিল নৱপ্ৰজন্মৰ প্ৰতিভা টনী মেনুৱেলে। সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত টনী মেনুৱলক লৈ আনিছো এইবাৰ ৰূপালীপৰ্দাৰ জৰিয়তে আপোনালোকৰ মাজত। সংগীত ক্ষেত্ৰখনত আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত প্ৰতিভা গৰাকীয়ে কয় যে, “পোনপ্ৰথমতে, ৰূপালী পৰ্দাৰ সমূহ বিষয়ববীয়াৰ লগতে ৰীমা দত্ত বাইদেউলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ মোক এইকণ সুবিধা প্ৰদানৰ বাবে।”

তেওঁ আগলৈ কয় যে, “সংগীত ক্ষেত্ৰখনৰ সৈতে মই বাল্যকালৰ পৰাই জড়িত বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। কিয়নো মোৰ ঘৰখন তথা পৰিয়ালটিওঁ ওতঃপ্ৰোতভাৱে সংগীতক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। আৰু, মই সপ্তম মান শ্ৰেণীত পঢ়ি থাকোতেই “তুমি জানো মোৰ হ’বা” শীৰ্ষক এটি গীতে মোৰ শব্দ আৰু সুৰেৰে প্ৰাণ পাইছিল। আৰু, এই গীতটি মোৰ জ্যেষ্ঠ ভাতৃ তনবীৰ মাচুক’ৰ কন্ঠত মুক্তি লাভ কৰিছিল। তেতিয়াৰ পৰাই আচলতে মই মোৰ সংগীত জীৱন আৰম্ভ কৰিছিলোঁ। মোৰ দেউতাৰ অকাল বিয়োগ হোৱা হেতুকে মোৰ ঘৰৰ প্ৰতিজন সদস্যৰ লগতে মোৰ মায়ে এই ক্ষেত্ৰখনত আগুৱাই যোৱাত মোক যথেষ্ট পৰিমাণে প্ৰেৰণা আৰু উৎসাহ যোগাইছে। লগতে, মোৰ ভাতৃ তনবীৰ মাচুক আৰু ভগ্নী মেহনাজৰ অপাৰ প্ৰেৰণাত মই মোৰ সংগীত জীৱনৰ সৈতে জড়িত হোৱাৰ সমান্তৰালকৈ ইয়াত কাম কৰি যাবলৈ সুবিধা লাভ কৰিছো।” সদ্যমুক্তিপ্ৰাপ্ত “তোমাকে চাই” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তাক লৈ টনী মেনুৱেলৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “তোমাকে চাই” শীৰ্ষক এই গীতটিক শ্ৰোতা-দৰ্শকে আঁকোৱালি লোৱাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ! প্ৰথম প্ৰেমৰ কিছু অনুভূতি, যুগ্ম উশাহবোৰ গোট খুওৱাই মোৰ সুৰ,শব্দ আৰু কন্ঠৰে প্ৰকাশ পোৱা এটি গীত “তোমাকে চাই”। জীৱনৰ প্ৰেম, অজস্ৰ প্ৰেৰণা আৰু অমূল্য উৎসাহৰ কিছু ফচল হিচাপে “তোমাকে চাই” ৰ জন্ম হৈছিল। গীতটিৰ ভিডিঅ’ আৰু অডিঅ’ৰ সংলগ্ন ঘটাই কৰা কামখিনিয়ে অৱশ্যে গীতটিত ইমান অধিক গ্ৰহণযোগ্য কৰি তুলিছিল শ্ৰোতা-দৰ্শকৰ সমুখত। গতিকে, ৰূপালীপৰ্দাৰ জৰিয়তে গীতটিৰ সৈতে জড়িত প্ৰত্যেজন ব্যক্তিকেই মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।”

টনী মেনুৱেলৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আপোনালোকৰ যোগেদিয়েই মোৰ অনুৰাগী তথা শুভাকাংক্ষীসকলৰ লগতে শ্ৰোতা ৰাইজক জনাবলৈ পাই মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ যে অতি শীঘ্ৰেই মোৰ কথা,সুৰ আৰু সংগীতেৰে “পাৰিজাত”, “আহানা” “ফুলিব দিয়া”, “তুমি-তুমি লগা” “মিঠা-মিঠা” শীৰ্ষখ কেইটিমান গীতে মুক্তি পাবলৈ সাজু হৈছে।” এইখিনিতে, টনী মেনুৱেলৰ আগন্তুক প্ৰকল্প সমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।
Add comment