Rupaliparda.com
ছবি সমাৰোহত প্ৰশংসিত প্ৰকাশ ডেকাৰ "জোনাকী পৰুৱা"; এইবাৰ Indian Film Festival of Los angeles লৈঃ 1

ছবি সমাৰোহত প্ৰশংসিত প্ৰকাশ ডেকাৰ “জোনাকী পৰুৱা”; এইবাৰ Indian Film Festival of Los angeles লৈঃ

চচিয়েল মিডিয়াত আজি-কালি খলকনি লগাটো সৰু কথা; এখন মিম প্ৰস্তু কৰিও চৰ্চা লাভ কৰিবলৈ সক্ষম হয় একোজন ব্যক্তি। কিন্তু, বিগত এটা বৰ্ষই দৰ্শকৰ মন-মগজুৰ লগতে চচিয়েল মিডিয়াত ঘূৰিছে এখন ছবি। ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পৰা আৰম্ভ কৰি Moviesaints.com ত ই মুক্তি লাভ কৰালৈ এই ছবিখনে আকৃষ্ট কৰি ৰাখিছে প্ৰত্যেককে। ছবিখনৰ নামটোক হয়টো আকৌ এবাৰ আপোনাক চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই; ছবিখন হৈছে নৱাগত স্বাধীন পৰিচালক প্ৰকাশ ডেকাৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জোনাকী পৰুৱা”। ছবিখনে এই ডিজিটেল প্লেটফৰ্মটোত মুক্তি লাভৰ পিছতেই দৰ্শকৰ প্ৰতিক্ৰিয়া আছিল উল্লেখনীয়; আনকি ছবিখনৰ কাহিনীভাগে বিদেশৰ দৰ্শককো নিজৰ ফলীয়া কৰিবলৈ আৰম্ভ কৰিছিল। কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সমাৰোহত মনোনয়ন লাভ কৰাৰ উপৰিও এইবছৰ হৈ যোৱা ৬৭ তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ (জুৰীৰ বিশেষ উল্লেখ) খিতাপ লাভ কৰিছে বেঞ্জামিন দৈমাৰীয়ে। কাশিস ফিল্ম ফেষ্টিভেলটো শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পাইছিল তেওঁ ।আনহাতে, “জোনাকী পৰুৱা” য়ে প্ৰাগ চিনে এৱাৰ্ড ২০২১ ৰ মুঠ ১২ শিতানৰ ৫ টা শিতানত লাভ কৰিছিল বঁটা। কিন্তু এইবাৰ আপোনালোকক দিবলৈ বিচাৰিছো ছবিখনৰ সৈতে জড়িত হৈ থকা আন এক সু-খবৰহে; “Indian Film Festival of Los angeles” ( IFFLA) ৰ এইবছৰ স্পেচিয়েল প্ৰগ্ৰেমৰ অন্তৰ্গত বিশেষ দৰ্শনী আৰু পেনেল ডিস্কাচনৰ বাবে এই ছবিখন অৰ্থাৎ ” Fireflies-জোনাকী পৰুৱা” ক আমন্ত্ৰণ জনোৱাৰ সমান্তৰালকৈ এই ছবিখনক UK Asian Film Festival টো কৰা হ’ব প্ৰদৰ্শন। এইখিনিতে উল্লেখ্য যে, “জোনাকী পৰুৱা” ক মুঠ ২৬ খনৰ পৰা ২৭ খন ছবি সমাৰোহলৈ প্ৰেৰণ কৰা হৈছিল আৰু ইয়াৰ মাজৰে ২২ খনকৈ ছবি সমাৰোহত এই ছবিখনে লাভ কৰিছে মনোনয়ন।

ছবি সমাৰোহত প্ৰশংসিত প্ৰকাশ ডেকাৰ "জোনাকী পৰুৱা"; এইবাৰ Indian Film Festival of Los angeles লৈঃ 2


মিলিন দত্ত আৰু Vortex Films ৰ যুঁটীয়া প্ৰযোজনাৰে নিৰ্মিত “জোনাকী পৰুৱা” ত সন্নিৱিষ্ট কাহিনীভাগে ৰাইজক ছবিখনৰ বিষয়বস্তুটোক লৈ খুলি কথা ক’বলৈ সাহস দিয়াৰ সমান্তৰালকৈ ছবিখনত অভিনীত প্ৰতিটো চৰিত্ৰৰ বৈশিষ্ট্য আছিল সুকীয়া তথা নিখুঁট; নহ’লেনো তেওঁলোকৰ অভিনয়ক লৈ প্ৰত্যেকে এনেদৰে প্ৰশংসা কৰা দেখা গ’লহেঁতেননে! অসমীয়া ছবি ক্ষেত্ৰৰ ভিতৰত প্ৰথমখন সমকামিতাৰ ছবি আছিল “জোনাকী পৰুৱা”; য’ত প্ৰযোজক মিলিন দত্তৰ সংযোজনে ছবিখনত আন এক পূৰ্ণতা দিবলৈ সক্ষম হৈছিল। বেঞ্জামিন দৈমাৰী, পলাশ মেছ, বিটপী দত্ত, নিবেদিতা কলিতা, মানস ৰঞ্জন আৰু আন বহুকেইজন ন-পূৰণি শিল্পীৰ সমাহাৰ ঘটিছিল এই ছবিখনত।পৰিচালক প্ৰকাশ ডেকাই নিজ প্ৰায় সাক্ষাৎকাৰতে ছবিখনক লৈ আশা প্ৰকাশ কৰাৰ লগতে তেওঁৰ নিজৰ সৃষ্টিত জনসাধাৰণৰ সঁহাৰি লাভ কৰিব বুলিও বিশ্বাস ৰাখিছিল। আচলতে, পৰিচালকগৰাকীৰ এনে বিশ্বাসেই ছবিখনক এক বহল পৰিসৰৰ মাজত থিয় হ’বলৈ সক্ষম কৰোৱাইছে।”জোনাকী পৰুৱা” ৰ দৰে কিছু বিষয়বস্তুৰ আঁত ধৰি আন কিছু প্ৰকল্পৰ নিৰ্মাণ হৈছে যদিও এইক্ষেত্ৰত উক্ত ছবিখন প্ৰথম।

ছবি সমাৰোহত প্ৰশংসিত প্ৰকাশ ডেকাৰ "জোনাকী পৰুৱা"; এইবাৰ Indian Film Festival of Los angeles লৈঃ 3


প্ৰকাশ ডেকাৰ আহিবলগীয়া প্ৰকল্পসমূহক লৈ বৰ্তমান অপেক্ষাৰত দৰ্শক। তেওঁৰ প্ৰথমখন ছবিৰ সফলতাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.