Rupaliparda.com
KC Digital Films সাজু "Love Birds" ক; আছে নতুন যুঁটি; থাকিব নতুন টুইষ্টঃ 1

KC Digital Films সাজু “Love Birds” ক; আছে নতুন যুঁটি; থাকিব নতুন টুইষ্টঃ

কেইবাটাও সফল তথা জনপ্ৰিয় প্ৰকল্প নিৰ্মাণৰ পিছতেই আকৌ এবাৰ আন এটি প্ৰকল্পৰ সৈতে সাজু হৈছে KC Digital Films। আমি এনেও একাংশ গ্ৰহণযোগ্য প্ৰকল্পক লৈ উৎসাহিত হৈ থাকো; তাতেই আকৌ এনে কিছু প্ৰকল্প যিয়ে মুক্তিৰ পূৰ্বেই খলকনিৰ সৃষ্টি কৰি ৰাখে। তেনেবোৰ প্ৰকল্পক লৈ ৰাইজ উৎকণ্ঠিত হোৱাটো একেবাৰই স্বাভাৱিক হৈ পৰে; আপোনালোকক এইখিনিতে ক’ব বিচাৰিছো আন এটা কথাও। যেতিয়া ১০-১৫ মিনিটৰ একোটা প্ৰকল্পই আমাক আগন্তুক ২-৩ ঘণ্টালৈ মোহাচ্ছন্ন কৰি ৰাখিব পাৰে তেতিয়াহ’লে তেনেবোৰ প্ৰকল্পৰ আঁৰত থকা প্ৰত্যেকগৰাকী কলা-কুশলীক লৈ ৰাইজৰ ইচ্ছা ততোধিক হৈ পৰিব। “Arranged”, “মায়া বাইদেউ” কে আৰম্ভ কৰি শেহতীয়াকৈ মুক্তি লাভ কৰা “গানে গানে” য়ে দৰ্শক সমাজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বুলি নক’লেও হয়টো আপোনালোকে বুজি পাইছে। আৰু এনে পৰিপ্ৰেক্ষিততে, এইবাৰ আন এখন চুটি ছবি “Love Birds” ৰ সৈতে আহি আছে উক্ত প্ৰযোজনা গোষ্ঠীটো। KC Digital Films ৰ বেনাৰত মুক্তি লাভ কৰা দুয়োখন চুটি ছবি ক্ৰমে “Arranged” আৰু “মায়া বাইদেউ” য়ে দৰ্শকক যি নতুনত্ব প্ৰদান কৰিলে সেয়াই আহিবলগীয়া “Love Birds” খনকলৈ জনসাধাৰণক অধিক হাৰত অপেক্ষাৰত কৰি ৰাখিছে। প্ৰি-প্ৰডাকচনত ব্যস্ত এই চুটি ছবিখনৰ পৰিচালনা সমুজ্জল কাশ্যপৰ; এই পৰিচালক গৰাকী জড়িত প্ৰতিটো প্ৰকল্পই উচ্চ মানদণ্ডৰ বুলি প্ৰশংসা কৰাৰ লগতে তেওঁৰ উপস্থাপন শৈলীত ব্যতিক্ৰমী চিন্তা আছে বুলিও একাংশ দৰ্শকে মন্তব্য কৰি আহিছে।

KC Digital Films সাজু "Love Birds" ক; আছে নতুন যুঁটি; থাকিব নতুন টুইষ্টঃ 2


“Love Birds” ত দৰ্শকবৃন্দই এটি নতুন যুঁটিকো দেখিবলৈ পাব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে চিনাকী লাভ কৰা অভিনেত্ৰী আলিস্মিতা গোস্বামীৰ লগতে ইয়াত আন এটি মূখ্য চৰিত্ৰত অভিনয় কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ খোজ পেলাই অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি লোৱা অভিনেতা অচিন্ত ৰাজ কাশ্যপে। আনহাতে, “Arranged” নামে চুটি ছবিখনত এটি বিশেষ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেতা তথা নৱপ্ৰজন্মৰ প্ৰতিভা হৰ্ষ সিদ্ধান্তৰ অভিনয় এইবাৰো এইখন চুটি ছবিৰ জৰিয়তে উপভোগ কৰিবলৈ পাব দৰ্শকে। লগতে, ইয়াত অভিনয় কৰিছে হিৰণ্য অধিকাৰীয়ে। আনুমানিক ১৫ মিনিট দৈৰ্ঘ্যতকৈ ওপৰত হ’বলগীয়া এই চুটি ছবিখনৰ কাহিনী তথা স্ক্ৰীপ্টৰ দায়িত্ব আছে ভাস্কৰজিৎ শইকীয়া লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ। অৱশ্যে, উক্ত চুটি ছবিখনৰ কাহিনীভাগত হৰ্ষ সিদ্ধান্তই ৰূপায়ন কৰা চৰিত্ৰটোৰ চিত্ৰনাট্য তেওঁ নিজাববীয়াকৈ লিখি উলিয়াইছে। চুটি ছবিখনৰ সহঃ পৰিচালক কাদম্বৰী কাশ্যপৰ লগতে ৰূপসজ্জা বিজিয়েতা পাটগিৰীৰ।মহানগৰীত কৰ্মব্যস্ততাৰ সৈতে জীৱন যাত্ৰা আগুৱাই লৈ গৈ থকা একাংশ নৱপ্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত চুটি ছবিখনৰ কাহিনীভাগ। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় দৃশ্যগ্ৰহণকাৰী নগেন বৈশ্যই।

KC Digital Films সাজু "Love Birds" ক; আছে নতুন যুঁটি; থাকিব নতুন টুইষ্টঃ 3

অতিশীঘ্ৰে ৰাইজৰ কাষ চাপিবলৈ সাজু হোৱা উক্ত প্ৰকল্পটোৰ সৈতে জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীকেই আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform