Rupaliparda.com
চিকিৎসকক শ্ৰদ্ধাৰে এসাঁজ ভাত বিতৰণ আইমী বৰুৱাঃ 1

চিকিৎসকক শ্ৰদ্ধাৰে এসাঁজ ভাত বিতৰণ আইমী বৰুৱাঃ

বিগত দিনত চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাই ৰাজ্যজুৰি কঁপাই গৈছিল। তাৰ পিছতেই সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছিল প্ৰতিবাদ; হোজাইৰ উদালিৰ ক’ভিড কেয়াৰ চেন্টাৰত হোৱা উক্ত বৰ্বৰ আক্ৰমণৰ পিছত চিকিৎসকক লৈ নিজ শ্ৰদ্ধা প্ৰদৰ্শন অভিনেত্ৰী আইমী বৰুৱাই; কিছুদিন পূৰ্বে তেওঁ হেঙেৰাবাৰী চিকিৎসালয়ত উপস্থিত হৈ প্ৰদান কৰে প্ৰতিজন চিকিৎসক, নাৰ্ছকে আৰম্ভ কৰি সেৱাকৰ্মীক প্ৰদান কৰে এসাঁজ ভাত। আনহাতে, এইগৰাকী অভিনেত্ৰীয়ে হোম কোৱাৰেন্টাইনত থকা ৯৫০ টা পৰিয়ালৰ মাজতো তেওঁ বিগত দিনত ১০০০ টা খাদ্যৰ টোপোলা বিতৰণ কৰে। জনসাধাৰণৰ ফালৰ পৰা বহু সময়ত সমালোচনাৰ সন্মুখীন হ’লেও এইগৰাকী অভিনেত্ৰীয়ে কৰা মানৱ সেৱাও উল্লেখযোগ্য। শেহতীয়াকৈ তেওঁ চিকিৎসকক লৈ চচিয়েল মিডিয়া যোগে কয় যে, “অসুখৰ যন্ত্ৰনাটো মন্ত্ৰমুগ্ধ পৃথিৱীখনলৈ স্বাভাৱিক ভাবে আমাক উভতাই আনিব বুলি যাৰ ওপৰত আমি অগাধ বিশ্বাস কৰো তেওঁলোকেই – চিকিৎসাকৰ্মী.. আমাৰ উশাহক উশাহ কৰি ৰখাৰ বাবে অবিৰত চেষ্টাত মগ্ন থকা প্ৰতিজন চিকিৎসক আমি দুচকুৰে দেখা একোজন ভগৱান..সাম্প্ৰতিক ক’ভিডৰ প্ৰত্যাহ্বানে ভৰা এই সময়খিনিত নিজৰ পৰিয়াল,আত্মীয়-স্বজনক একাষৰীয়াকৈ থৈ অতি নিষ্ঠাৰে তেখেত সকলে পালন কৰি থকা দ্বায়িত্ব তথা সেৱাৰ বলতেই আমি আজি বুকুত হাত থৈ ক’ব পাৰিছোঁ ” ভাল দিনবোৰ আকৌ আহিব” আচলতে ভাষাৰে তেখেত সকলৰ সেৱাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মোৰ বাবে কঠিন হৈ পৰিছে! তেখেত সকলৰ এই ত্যাগ আৰু কষ্টৰ বিনিময় দিবলৈ অক্ষম আমি। তথাপিও তেখেত সকলৰ কাষলৈ গৈ কৃতজ্ঞতাৰ এষাৰ মাত দিয়াৰ অৰ্থে, কৃতজ্ঞতাৰ চিন স্বৰূপে নিজ হাতে ৰন্ধা এসাঁজ ভাত হেঙেৰাবাৰী চিকিৎসালয়ত গৈ চিকিৎসাকৰ্মী সকলক প্ৰদান কৰিলোঁ।

তেওঁ আগলৈ কয় যে, “এই সময়খিনিত প্ৰতিজনলৈ আহ্বান আমাৰ বাবে ইমানখিনি ত্যাগ আৰু কষ্ট কৰি থকা প্ৰতিজন চিকিৎসা কৰ্মীক আমি বিনিময়ত একো দিব নোৱাৰোঁ। কিন্তু মানুহ হোৱা গৌৰৱেৰে আহক তেখেত সকলক কৃতজ্ঞতাৰ এষাৰ মাত দিওঁ, হৃদয় ভৰা স্নেহ যাচোঁ। তেখেত সকলে আত্ম মগন হৈ সেৱা কৰিবৰ বাবে এটি পৰিৱেশ দিওঁ “।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform