সদ্যমুক্তিপ্ৰাপ্ত “ৰ’দালিৰ উমেৰে” শীৰ্ষক এটি নতুন গীতে শেহতীয়াকৈ লাভ কৰিছে মুক্তি। বোকাখাতৰ জীয়ৰী প্ৰতীক্ষা শৰ্মাৰ কন্ঠৰে নিৰ্মিত গীতটিক আঁকোৱালি লৈছে শ্ৰোতা-দৰ্শকে। আমি প্ৰত্যেকে জীৱনৰ মৌলিক শিক্ষা গ্ৰহণ কৰো নিজ পৰিয়ালটোৰ পৰা; কোনো এটা বিষয়ক লৈ আকৰ্ষণো আমি নিজ পৰিয়ালটোৰ পৰাই কেতিয়াবা হওঁ। আমি যেনেদৰে পৰিয়ালৰ সদস্যসকলে কোৱা কথা-বতৰা সমূহ আয়ত্ব কৰি নিজেও ক’বলৈ চেষ্টা কৰো ঠিক তেনেদৰেই একোজন ব্যক্তিয়ে যেতিয়া নিজ পৰিয়ালটোতেই সাংস্কৃতিক পৰিৱেশ লাভ কৰে তেতিয়া তেওঁৰ বাবে মনোৰঞ্জন ক্ষেত্ৰখনত অনুপ্ৰাণিত হৈ আগবঢ়াত সুবিধা হয়। পৰিয়ালটোৰ পৰাই সাংস্কৃতিক দিশটোত নিজক সক্ৰিয় কৰি তোলা প্ৰতীক্ষা শৰ্মাও আছিল তেনে এগৰাকী প্ৰতিভা। অসমীয়া সংগীত ক্ষেত্ৰখন সঁচাকৈ জীপাল; সেইবাবেই হয়টো আমি আপোনালোকৰ মাজলৈ একোগৰাকীকৈ ন-ন প্ৰতিভাক প্ৰতিদিনেই লৈ আনিবলৈ সক্ষম হৈছো। শেহতীয়াকৈ আমি কথা পাতিছিলো নৱপ্ৰজন্মৰ কন্ঠশিল্পী প্ৰতীক্ষা বৰাৰ সৈতেও। তেওঁক সংগীতৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “সৰুৰে পৰা সংগীতৰ পৰিৱেশ এটা ঘৰত পাইছিলো। মোৰ ঘৰ বোকাখাতত; মা-দেউতা দুয়োজনেই সংগীত ভাল পাইছিল; আনকি মা এগৰাকী কন্ঠশিল্পীও আছিল। মাৰ পৰাই কিছুমান গীত শুনি গাবলৈ চেষ্টা কৰিছিলো বাবেই হয়টো সংগীতৰ প্ৰতি মোহটো মনত সোমাই গৈছিল। সমান্তৰালকৈ, মোৰ মামা পংকজজ্যোতি বৰুৱা যোৰহাটৰ এগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পী; গতিকে এই ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হ’বলৈ মই তেওঁৰ পৰা ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত তথা ৰাভা সংগীত আদি শিকিছিলো। ঘৰত মা হঁতে মোৰ সংগীতৰ প্ৰতি থকা ইচ্ছাক দেখি ৮-৯ মান বয়সত সংগীত বিদ্যালয়ত নামভৰ্তি কৰোৱাই দিছিল আৰু ৰীণা দত্ত শইকীয়া বাইদেউৰ পৰা মই ইণ্ডিয়ান ক্লাছিকেলৰ শিক্ষা অৰ্জন কৰিছিলো।”
প্ৰতীক্ষাই আগলৈ কয় যে, “ৰীণা বাইদেউৰ তাত মই আধুনিক গীতো শিকিছিলো। ইয়াৰ উপৰিও, মই বোকাখাতৰে অংকুৰ দেৱনাথ দাৰ তাত ৱেষ্টাৰ্ণ মিউজিকৰ ওপৰত জ্ঞান অৰ্জন কৰিছিলো। ভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰষ্কৃতও হৈছিলো, গতিকে এইটোৱে মোক অধিক উৎসাহিত কৰিছিল। ২০১৬ চনৰ পৰা মোৰ দেউতা শৰৎঞ্জন শৰ্মাই লিখা কিছুমান গীতত কন্ঠদান কৰি মুক্তি দিছিলো আৰু এই চেষ্টা বৰ্তমানেও অব্যাহত ৰাখিছো। শেহতীয়াকৈ কৰা মোৰ তেনে দুটা গান হৈছে ক্ৰমে “প্ৰেমৰ সুৱাস”; যিটো মই আৰু দীক্ষু দায়ে যুঁটীয়াভাৱে কন্ঠদান কৰিছো আৰু “ৰ’দালিৰ উমেৰে” শীৰ্ষক আন এটি মোৰ একক কন্ঠৰ গীত।” এটা গীতৰ সফলতা/বিফলতা কি বুলি প্ৰশ্ন কৰাত প্ৰতীক্ষা শৰ্মাই কয় যে, “এই বিষয়ে ক’বলৈ মই ইমান অভিজ্ঞ নাই হোৱা যদিও বৰ্তমানলৈ কৰা কামবোৰৰ ভিত্তিত ক’বলৈ গ’লে মই এটা গীত তেতিয়া সফল বুলি ভাবো যেতিয়া সেই গীতটি সম্পূৰ্ণকৈ শুনি আত্মসন্তুষ্টি লাভ কৰিব পৰা যায়। বাণিজ্যিক ভাৱে এটা গীত সফল হ’বলৈ হ’লে তাত ধৈৰ্য্য, কষ্ট আৰু সময়ৰ প্ৰয়োজন। মই এতিয়াও চেষ্টাহে কৰি গৈ আছো; কিন্তু মই ভাবো যে কালিৰ তুলনাত আজি মই যদি ভাল গাইছো অথবা নতুনকৈ কিবা এটা শিকি যদি গীতটিত সংযোগ কৰিব পাৰিছো তেতিয়াহ’লে মই অলপ হ’লেও সফল হৈছো। বিফলতাৰ কথা মই বৰ বেছি চিন্তা নকৰো যদিও ভাব হয় যে নিজক আগতকৈ আৰু এঢাপ ওপৰলৈ নিবলৈ মনোভাৱ কমি গ’লে তথা কোনো এটা বস্তুৰ প্ৰতি শিকাৰ আগ্ৰহ কমাটোৱে এটা গীতৰ ওপৰত প্ৰভাৱ পেলায় আৰু সেয়াই বিফলতা।” এটা গীতৰ কোনটো উপাদানত অধিক গুৰুত্ব দিয়া বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই সকলোবোৰ উপাদানতেই গুৰুত্ব দিওঁ; গীতটিৰ কথাৰ লগতে সুৰ মিলাটো অত্যন্ত জৰুৰী। ঠিক তেনেদৰে, গীতটি গাওঁতে ভাৱ প্ৰকাশ কৰিবলৈ চেষ্টা কৰো। গানটোৰ সৈতে শ্ৰোতাক সংযোগ কৰোৱাবলৈ চেষ্টা কৰো।”
আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “বৰ্তমান মই মু্ম্বাইত আছো আৰু ইয়াতেই যিমান পাৰো সংগীতৰ চৰ্চা অব্যাহত ৰাখিছো। গীতত কন্ঠদান কৰাৰ লগতে অলপ মিউজিক প্ৰডাকচনো শিকি আছো। ভৱিষ্যৎ পৰিকল্পনা বুলি ক’বলৈ গ’লে এয়াই যে আগন্তুক কালছোৱাত আজিৰ তুলনাত আৰু অধিক ভাল গান যাতে আগবঢ়াব পাৰো তাৰে আশা কৰিছো।” এইখিনিতে, এইগৰাকী কন্ঠশিল্পী প্ৰতীক্ষা শৰ্মালৈ যাঁচিছো ৰূপালীপৰ্দাৰ তৰফৰ পৰাও অশেষ শুভকামনা।
Add comment