বি-টাউন অভিনেত্ৰী কংগনা ৰাণাওঁটে প্ৰায় প্ৰতিটো সময়ত দেশ তথা সমাজৰ ভিন্ন দিশত নিজ মন্তব্য কৰা দেখিবলৈ পোৱা যায়। তেওঁৰ এই মন্তব্য সমূহে যদিও ৰাইজৰ মাজত খলকনিৰ সৃষ্টি কৰে তথাপিও তেওঁ নিজ মন্তব্য কৰাৰ পৰা বিৰত নাথাকে। শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে ১৮ বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ বাবে কেন্দ্ৰ চৰকাৰে ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিব। ঘোষণাটোৰ পিছতেই বিভিন্ন জনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিষা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু, এই বিষয়ত ইনষ্টাগ্ৰাম ষ্টৰীত মন্তব্য কৰে কংগনা ৰাণাওঁটে। এই ভেকচিন বিনামূলীয়া কৰাৰ বাবদ চৰকাৰৰ ওপৰত কিমান অংকত বোজা পৰিব আৰু ইয়াৰ বাবে কেনেদৰে জনসাধাৰণে সহায় কৰিব পাৰে সেই বিষয়ে কয় অভিনেত্ৰী গৰাকীয়ে। কংগনাই কয় যে, “আদৰণীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি ১৮ বছৰ উৰ্দ্ধৰ প্ৰতিগৰাকী ব্যক্তিসকলক বিনামূলীকৈ দিয়াৰ কথা ঘোষণা কৰে। কিন্তু আপোনালোকে জাননে? এই বিনামূলীয়াকৰণে দেশৰ ওপৰত কিমান বোজা পেলাব! সেই সংখ্যাৰ হয়টো আপুনি অনুমানেই কৰিব নোৱাৰিব। গতিকে, মোৰ প্ৰত্যেকজন সচেতন নাগৰিকলৈ আহ্বান যাতে তেওঁলোকে ভেকচিন লোৱা পিছত যিয়ে যেনেদৰে পাৰে তেনেদৰেই যাতে ১০০, ২০০ অথবা ১০০০ টকাকৈ PM CARES FUND লৈ অৱদান আগবঢ়ায়।”


বিগত দিনত ক’ভিডৰ আগ্ৰাসনত সোমাইছিল অভিনেত্ৰী কংগনা ৰাণাওঁট নিজেও। তেওঁ নিজ বাসগৃহতেই কোৱৰেন্টাইনত আছিল; আৰু শেহতীয়াকৈ ক’ভিড ৰিক’ভাৰী সম্পৰ্কত তেওঁ এক ভিডিঅ’যোগে ব্যক্ত কৰে নিজ কথা। স্পষ্টবাদীতাৰ বাবে প্ৰায়ে চচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ থাকে কংগনা ৰাণাওঁট।
Add comment