অসমীয়া সংগীত ক্ষেত্ৰখনত ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ অন্তৰ্ভূক্তি হোৱা কথাটোৱে আমাক উৎসাহিত কৰিছে। নহয়নে? আমি ইতিমধ্যে এনে বহু প্ৰতিভাক আপোনালোকৰ মাজলৈ ওলাই আনিবলৈ সক্ষম হৈছো। অসমীয়া সংগীত ক্ষেত্ৰখনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰা প্ৰয়াসৰ পৰা আৰম্ভ কৰি কন্ঠশিল্পী সমূহে থলুৱা গীতৰ সোঁৱাদ সমূহক পুনৰাই শ্ৰোতাৰ মাজলৈ লৈ অনাৰ বাবে কৰা চেষ্টালৈ এই মনোৰঞ্জন জগত খনে বহু নতুনত্বৰ অনুভৱ কৰিছে। সাম্প্ৰতিক বিভীষিকাময় পৰিস্থিতিটোৱে প্ৰতিজন ব্যক্তিৰ পৰা কোনো নহয় কোনো এটা গুৰুত্বপূৰ্ণ বস্তুক আঁতৰাই লৈ গৈছে; প্ৰাপ্তিতকৈ এই সময়কণত জনসাধাৰণৰ অপ্ৰাপ্তিৰ ৰেখাডাল ক্ৰমশ উৰ্দ্ধগামী হৈছে যদিও ইয়াৰ মাজতো যেন একাংশ হতাশগ্ৰস্ত নহয় অইন জনক মনোৰঞ্জন দিবলৈ নিজ চেষ্টা অব্যাহত ৰাখিছে। এইখিনি সময়ত যদিহে অকণমানো মনোৰঞ্জন পোৱা যায় তেতিয়াহ’লে ঋণাত্মক চিন্তা-ভাৱনা কিছু দেৰিৰ বাবে হ’লেও আঁতৰি থাকিব পাৰে। গতিকে, আমিও আপোনালোকক নতুন প্ৰজন্মৰ এনে প্ৰতিভাৰ বিষয়ে জনাবলৈ বিচাৰো; যাৰ দ্বাৰা আপোনালোক উৎসাহিত হ’ব অথবা এই প্ৰতিভাসকলৰ সৃষ্টি সমূহ উপভোগ কৰি আপ্লুত হ’বলৈ সক্ষম হ’ব। আজি আমি কোনো কন্ঠশিল্পী অথবা অভিনেতা-অভিনেত্ৰীৰ বিষয়ে নকওঁ; আজি আপোনালোকৰ মাজলৈ লৈ আনিছো এগৰাকী বাদ্যযন্ত্ৰীকহে। তেওঁৰ ইউটিউব চেনেল অথবা ইনষ্টাগ্ৰাম প্ৰফাইলত এবাৰ চকু ফুৰালেই আপোনালোকে বুজিব তেওঁৰ প্ৰতিভাৰ স্পষ্ট নিদৰ্শন। তেওঁৰ নাম হৈছে বিদ্যমান ভূঞা; আপোনালোকৰ বাবে তলত তেওঁৰ কিছুমান ভিডিঅ’ ক্লিপৰ লিংক দি দিয়া হৈছে। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক এই ক্ষেত্ৰখনত আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে,
“মই সৰুকালৰ পৰাই সাংস্কৃতিক পৰিৱেশৰ মাজতেই ডাঙৰ দীঘল হৈ আহিছো; মোৰ দেউতা প্ৰয়াত সূৰ্য কুমাৰ ভূঞা বিশিষ্ট তবলা বাদক তথা “সোনাতাঁৰ” উদ্ভাৱক আছিল। যি গৰাকী ব্যক্তিয়ে মোক এই জগত খনলৈ এখোজ দুখোজকৈ আগুৱাই লৈ আনে আৰু তেওঁৰ আদৰ্শৰেই মই বৰ্তমানলৈ এই ক্ষেত্ৰখনত নিজক সংযোজিত কৰি আগুৱাই যাবলৈ সক্ষম হৈছো তথা অনাগত দিনবোৰতো এনেদৰেই আগবাঢ়ি যাব খোজো; দেউতাই হাতত হাত ধৰি শিকোৱা সোনাতাঁৰ খনেৰেই ২০১৯-২০ বৰ্ষত কলাগুৰু ফেষ্টিভেলত এক অনুষ্ঠান প্ৰদৰ্শন কৰো। বিগত দিনবোৰত তবলাৰ সৈতে মোৰ বহু যাত্ৰা হৈছিল যদিও সোনাতাঁৰৰ সৈতে কৰা সেই অনুষ্ঠানটো আছিল মনোৰঞ্জন ক্ষেত্ৰখনত মোৰ যাত্ৰাৰ প্ৰথমটো খোজ ।সোনাতাঁৰৰ সৈতে বহু দূৰ যোৱাৰ সপোন মোৰ বহুদিনৰ; সেই যাত্ৰাক সফল কৰাৰ সাধনা অব্যাহত ৰাখিছো। সমান্তৰালকৈ, আহিবলগীয়া দিনবোৰতো দেউতাৰ শিক্ষাৰ খোজত খোজ মিলাই যোৱাৰ আশা পুঁহি ৰাখিছো।” বাদ্যযন্ত্ৰী ৰূপে আহিবলগীয়া প্ৰজন্মক তেওঁ কেনেদৰে উৎসাহিত কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এই ক্ষেত্ৰখনত আহিবলগীয়া প্ৰজন্মক এটাই কথা ক’ব খুজিছো যে তেওঁলোকৰ নিজৰ আগ্ৰহেৰেহে এই ক্ষেত্ৰখনত আগুৱাই যোৱা সম্ভৱ। বজোৱা, গোৱা, নচা ইত্যাদি সকলোৰে ক্ষেত্ৰত এটাই মন্ত্ৰৰ প্ৰয়োজন আৰু সেইয়া হ’ল “সাধনা । মই ভাবো সাধনাৰ বলত প্ৰায় সকলো কাম সম্ভৱ; লগতে, যি কোনো ক্ষেত্ৰতেই নিষ্ঠাৰে আৰু শুদ্ধ ভাৱে সাধনা কৰি যোৱাতোক প্ৰধান লক্ষ্য হিচাপে লৈ আগুৱাই যোৱাটো উচিত।” বিদ্যমান ভূঞাৰ আহিবলগীয়া প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই বৰ্তমান আহিবলগীয়া দুটিমান প্ৰকল্পৰ লগত জড়িত; কিন্তু বিগত দিনবোৰত সৰু-বৰ দুই এক প্ৰজেক্টৰ সৈতে মই জড়িত হৈ আছিলো। কিছুদিন পূৰ্বে, মোৰ সোনাতাঁৰৰ সুৰত আমাৰ জাতীয় সংগীতটি পৰিবেশন কৰিছিলো যিটো মোৰ ইউটিউব চেনেলত “S O N A T A R” ত উপলব্ধ। মই আশা কৰোঁ, মোৰ এই ভিডিঅ’টি ৰাইজে উপভোগ কৰি ভাল পাব।

তেওঁ আগলৈ কয় যে, “মোৰ পৰিকল্পনা সীমাহীন; তথাপিও ২০২১ বৰ্ষত যদি নেদেখা জনে সকলো সুকলমে নিয়ে তেতিয়াহ’লে মোৰ সোনাতাঁৰৰ সৈতে বৰ সুন্দৰ দুটি প্ৰকল্প ৰাইজে উপভোগ কৰিবলৈ পাব। আৰু, ভৱিষ্যত দিনবোৰত যদিহে প্ৰজেক্ট সমূহ আপোনালোকে চাব বিছাৰে তেতিয়াহ’লে অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেলটো চাবচক্ৰাইব কৰি থ’ব।”
Add comment