মনোৰঞ্জন নথকালৈ জীৱনৰ প্ৰত্যেকটো ৰসেই আধৰুৱা। সেইবাবেই হয়টো জনসাধাৰণে হতাশাতো এটা গান শুনিয়ে মন পাতলাবলৈ চেষ্টা কৰে; আমনিদায়ক হৈ থকা সময়কণতো আচলতে বহুতেই বিচাৰে সংগীত। ফলত, মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত সংগীত বিষয়টোৱে অধিক দৰ্শক আৰু শ্ৰোতাক নিজৰ পিনে টানি ৰখা বুলি ক’ব পাৰি। এই সংগীত ক্ষেত্ৰখনক লৈ আকৰ্ষিত বৰ্তমান বহু যুৱপ্ৰজন্ম; তথাকথিত “সংগীত” ৰ আখ্যা দিয়া কিছু গীতৰ তুলনাত একাংশ যুৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈয়ে মনকৰিবলগীয়া। বাধা-সংগ্ৰাম আদিবোৰ মানৱ জীৱনৰ একোটা এৰাব নোৱাৰা অংগ; এইসমূহক পিছত এৰি যদিও চাওঁ তেতিয়াহ’লে একাংশ যুৱপ্ৰজন্মৰ সৃষ্টি শলাগিবলগীয়া। অসমীয়া সংগীত ক্ষেত্ৰখন তেনেই জীপাল আৰু সক্ৰিয়। নতুন গীতৰ পয়োভৰৰ লগতেই একাংশ নৱপ্ৰজন্মই নিজৰ মূল সুঁতিটোকো এৰা নাই। থলুৱা গীত তথা থলুৱা সংগীতৰ প্ৰয়োগেৰে তেওঁলোকে সংগীতপ্ৰেমী শ্ৰোতাক সোঁৱাদ দিবলৈ চেষ্টা অব্যাহত ৰাখে। আমি ৰূপালীপৰ্দা যোগেদি যেতিয়া একাংশ নৱপ্ৰজন্মক তেওঁলোকৰ আগন্তুক প্ৰকল্পৰ বিষয়ে প্ৰশ্ন কৰোঁ তেতিয়া প্ৰায়ে তেওঁলোকৰ ফালৰ পৰা থলুৱা গীতৰ ক্ষেত্ৰত কাম কৰাৰ কথাই ব্যক্ত কৰা দেখিবলৈ পাওঁ।


এয়া একপ্ৰকাৰ আমাৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবে সুন্দৰ ইংগিত; এই প্ৰচেষ্টা- প্ৰয়াস নৱপ্ৰজন্মই যাতে অব্যাহত ৰাখে তাৰ বাবে আমি প্ৰথমতেই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহো আন এটা প্ৰসংগলৈ; শেহতীয়াকৈ তিনিগৰাকী অসমীয়া নৱপ্ৰজন্মৰ প্ৰতিভাৰ যুঁটীয়া প্ৰচেষ্টাৰে আহি আছে এক ব্যতিক্ৰমী প্ৰকল্প। থলুৱা সংগীতকলৈ আপোনালোকক ইতিমধ্যে আমি জনাইছো যে নৱপ্ৰজন্মই চেষ্টা কৰিছে; কিন্তু আপোনালোকে জানেনে যে আমাৰ থলুৱা বাদ্য-যন্ত্ৰ সমূহক লৈও একাংশই কিছুমান প্ৰকল্প সৃষ্টি কৰিবলৈ আগবাঢ়িছে। তাৰ মাজতেই এনে এক প্ৰকল্প হৈছে ” সুৰ তুমি”। নেপালী আৰু অসমীয়া জাতিৰ সৰ্বমুঠ ৯ বিধ থলুৱা বাদ্যক সংযোগ কৰি এই গীতটিক নিৰ্মাণ কৰি উলিওৱা হৈছে। গীতটিত কণ্ঠদান কৰিছে দেৱাগীৎজে আৰু ইয়াত কথা দিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা প্ৰতিভা মৃন্ময় কৌশিকে। আনহাতে গীতটিৰ সৈতে জড়িত হৈ আছে নেপালৰ এগৰাকী সংগীতজ্ঞ মনিশ নিৰুওলা; তেখেত নেপালী সম্প্ৰদায়ৰ সৈতে জড়িত হোৱাৰ লগতে স্থানীয় সংগীতৰ চৰ্চা কৰি আছে। আনহাতে, গীতটিত সুৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে এইগৰাকী মনিশ নিৰুওলাৰ সৈতে ৬ বছৰ বয়সৰ পৰা ঢোল, খোল, নাগাৰা, গগণা, পেঁপাৰ পৰা আৰম্ভ কৰি আন বহু বাদ্যযন্ত্ৰ বজোৱা বাদ্যযন্ত্ৰী তথা নৱপ্ৰজন্মৰ প্ৰতিভা ভাস্কৰ হাজৰিকাই। গীতটিৰ পৰিকল্পনা ভাস্কৰ হাজৰিকাৰেই। লগতে, গীতটিত এনিমেছন কৰিছে কাব্যশ্ৰী গগৈয়ে। গীতটিত লৈ শেহতীয়াকৈ উৎসাহিত হৈছে আন সংগীত প্ৰেমী শ্ৰোতাও।


গীতটি সম্পূৰ্ণ পৃথক হোৱাৰ দাবী কৰিছে গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীও। এটি নতুন গীতৰ সোঁৱাদ লাভৰ অপেক্ষাত অপেক্ষাৰত এতিয়া আমি প্ৰতিজন। ৰূপালীপৰ্দাৰ জৰিয়তে গীতটিৰ সৈতে জড়িত প্ৰতিজনকে জনাইছো শুভকামনা।
Add comment