Rupaliparda.com
শ্ৰোতা-দৰ্শকক বহুল সমাদৰৰ সৈতে অমৰেন্দ্ৰ কলিতা "বৈয়ে যায়"- 1

শ্ৰোতা-দৰ্শকক বহুল সমাদৰৰ সৈতে অমৰেন্দ্ৰ কলিতা “বৈয়ে যায়”-

সংগীত ক্ষেত্ৰখনত সম্প্ৰতি সময়ছোৱাত যথেষ্ট নতুন প্ৰতিভাক দেখিবলৈ পোৱা গৈছে। আচলতে, ক’ৰণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউন” ত একাংশই নিজৰ মাজত থকা প্ৰতিভাক চিনি পাবলৈ আৰু ইয়াক জনসাধাৰণৰ মাজত উলিয়াই অনাৰ বহুল প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছিল। আচলতে, এটা দিশৰ পৰা চাবলৈ গ’লে বৰ ভাল লগা কথা এয়াই যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে নিতৌ নতুন সৃষ্টি আৰু প্ৰতিভাক চাবলৈ পাইছে। সপোন আঁকিবলৈ এচপৰা সাৰুৱা মাটিৰ প্ৰয়োজন হয়। খোলা চকুৰ সপোনক বুকুত বান্ধি কঢ়িয়াই লৈ ফুৰা জাক জাক ব্যক্তি ঘূৰি ফুৰে পৃথিৱীৰ চুকে-কোণে। কেতিয়াবা দিগভ্ৰষ্ট হয় হাৰ মানি লয় একাংশই; আন একাংশই কঠোৰ কষ্ট, সংগ্ৰামৰ মাজেৰে আগবাঢ়ে আহিবলগীয়া সময়লৈ। আমি মনোৰঞ্জন ক্ষেত্ৰখনতো এনে বহু প্ৰতিভাৰ উদাহৰণ দেখিছো; যিয়ে নিজৰ ব্যক্তিগত পেছাৰ সমান্তৰালকৈ মনোনিৱেশ কৰে নিজৰ নিচাটোক লৈও। সেইবাবে একোজন ডাক্তৰ, ইঞ্জিনিয়াৰ অথবা অইন পেছাৰ ব্যক্তিবিশেষে সুন্দৰ অভিনয় নহ’লে একোটা গীতত সুন্দৰ কন্ঠদান কৰি অনুৰাগীক উৎসাহিত কৰা দেখিবলৈ পোৱা যায়। বিগত বৰ্ষৰে পৰা আৰম্ভ কৰি বৰ্তমানলৈ বহু নঘটিবলগীয়া ঘটনা ঘটি প্ৰায় প্ৰত্যেকৰে মনবোৰ বিষাদপূৰ্ণ কৰি তুলিছিল। মনোৰঞ্জন ক্ষেত্ৰখনেও বহুকেইজন সুদক্ষ শিল্পীক হেৰুৱাই শোকাহত হৈ পৰিছে গতিকে এইটো সময়ত জনসাধাৰণক আমোদ প্ৰদান কৰাটো একপ্ৰকাৰ আৱশ্যকীয় হৈ পৰিছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। এনেক্ষেত্ৰত নৱপ্ৰজন্মৰ একাংশই কৰা চেষ্টা লেখত ল’বলগীয়া।


আমি আপোনালোকক কোৱা এই কথাখিনিৰ সৈতে সাঙুৰ খোৱাব বিচাৰিছো এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পীক; তেওঁৰ নাম হৈছে অমৰেন্দ্ৰ কলিতা। সদ্যমুক্তিপ্ৰাপ্ত “বৈয়ে যায়” শীৰ্ষক গীতটিয়ে জনসাধাৰণক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গীতটিয়ে আচলতে সংযোগ কৰিছে প্ৰত্যেককে। আমি আপোনালোকৰ মাজলৈ লৈ অনা বহু কেইটা সাক্ষাৎকাৰত কোনো কণ্ঠশিল্পী অথবা সংগীতশিল্পীয়ে একোটা গীতৰ কথাৰ ওপৰত অধিক মনোনিৱেশ কৰা বুলি তেওঁলোকে নিজেই প্ৰকাশ কৰিছিল। তেওঁলোকে প্ৰায়ে কয় যে, একোটা গীতৰ যেতিয়া কথা সাৱলীল হয় তেতিয়া ই শ্ৰোতা-দৰ্শকক অধিক হাৰত সংযোগ কৰিবলৈ সক্ষম হয় আৰু এই গীতটিও তেনেই এক বৈশিষ্ট্যৰে বশৱৰ্তী। গীতটিত কণ্ঠদান কৰিছে অমৰেন্দ্ৰ কলিতাই লগতে সংগীতৰ দায়িত্বত আছে চাউন ডেস। আনহাতে গীতটিত সুৰ কৰিছে বৰ্ণিল বৰা লগতে অমৰেন্দ্ৰ কলিতাই। গীতটিত কথা দিছে অমৰেন্দ্ৰ কলিতা আৰু প্ৰাণজিৎ ই হাজৰিকাই। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে টুফান মিউজিকে। সমান্তৰালকৈ, এই গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে নিতুপম দিহিঙিয়াই। ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে অম্লান জ্যোতি ৰাজখোৱাই।

শ্ৰোতা-দৰ্শকক বহুল সমাদৰৰ সৈতে অমৰেন্দ্ৰ কলিতা "বৈয়ে যায়"- 2
PHOTO- AMARENDRA KALITA


জিএফএক্স কৰিছে ভাস্কৰ ধাপুয়ে। সহঃদৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে জানদ্বীপ মেছে। ৰূপসজ্জা বনফুল বুঢ়গোহাঁইৰ। গীতটিৰ সফলতাৰ বাবে ইয়াৰ সৈতে জড়িত কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform