Rupaliparda.com
বহু দিনৰ পিছত আকৌ এবাৰ মন্টুমণি শইকীয়াৰ জনপ্ৰিয়তাঃ 1

বহু দিনৰ পিছত আকৌ এবাৰ মন্টুমণি শইকীয়াৰ জনপ্ৰিয়তাঃ

আকৌ এটি নতুন গীতৰ সৈতে অনুৰাগীৰ মাজলৈ কণ্ঠশিল্পী মন্টুমণি শইকীয়া। প্ৰায় প্ৰত্যেকটো গীতেই জনপ্ৰিয় হোৱা এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যাও অধিক। “মৰম সাঁচিছো তোমাৰে নামতে মই” শীৰ্ষক এটি নতুন গীতটিয়ে মুক্তি লাভৰ পিছতেই লাভ কৰিছে জনপ্ৰিয়তা। অৱশ্যে বিগত বহু দিনৰ পৰা কণ্ঠশিল্পী গৰাকীৰ এটি নতুন গীতৰ বাবে অপেক্ষা কৰি ৰৈছিল তেওঁৰ অনুৰাগীয়ে। গীতটিত কথা দিছে মণ্টুমণি শইকীয়া আৰু ৰিতুমণিয়ে। সংগীত ধ্ৰুৱ ঠাকুৰীয়াৰ লগতে গীতটিত সুৰ কৰিছে ৰিতুমণি বৰদলৈয়ে। সহযোগী গীতিকাৰ হৈছে ৰাহুল গৌতম শৰ্মা; শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। গীতটিক সঁহাৰি জনাই বিভিন্ন জনে ইতিবাচক কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষত বৰ্নাত্যক সহায় আগবঢ়োৱা ক্ষেত্ৰতো আগবাঢ়ি আহিছিল কন্ঠশিল্পী গৰাকী; কেইগৰাকী মান সতীৰ্থ কন্ঠশিল্পীৰ সৈতে লগ হৈ তেওঁ বৰ্নাত্যলৈ আগবঢ়াইছিল সহায়।যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে “পাহি” এলবামটিৰ সৈতে ৰাইজৰ সমুখলৈ আহি পিছলৈ “জাপে দিম দিচাং ত” শীৰ্ষক গীতটিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈ পৰিছিল।


“চেল্ফী লে লে ৰে”, “ৰৈ ৰৈ চাওঁ তোক”, “বগী বগী ছোৱালী” ইত্যাদি তেওঁৰ গীত সমূহ বৰ্তমানেও জনপ্ৰিয় হৈ আছে সকলোৰে মাজত।সকলোকে সন্ত্ৰাসগ্ৰস্ত কৰি তোলা এই ক’ভিড মহামাৰীৰ মাজতেই সংগীতশিল্পী একোগৰাকীয়ে নিজৰ সৃষ্টিসমূহক এনেদৰে জনসাধাৰণৰ মাজলৈ উলিয়াই অনা কথাটোৱে এতিয়া উৎসাহিত কৰিছে সংগীতপ্ৰেমী শ্ৰোতাক। অকণমান মনোৰঞ্জন প্ৰদানৰ স্বাৰ্থত তেওঁলোক বিভিন্ন সময়ত সক্ৰিয় হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.