দিলীপ কুমাৰৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিছে বুলি ব্যক্ত কৰিছে এতিয়া একাংশই। ছবিজগতৰ পৰা এক কহিনুৰ হেৰাই গ’ল বুলিও মন্তব্য কৰিছে বহুতে; বি-টাউনৰ প্ৰতিজন চিলেব্ৰেটীয়ে ব্যক্তিগত ইনষ্টাগ্ৰাম যোগে “ট্ৰেজেদী কিং” গৰাকীলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে। দিলীপ কুমাৰক অন্তিমবাৰৰ বাবে মাতষাৰ দিবলৈ তেওঁলোকৰ ঘৰত প্ৰায় প্ৰত্যেকগৰাকী তাৰকাই উপস্থিত হৈছিল। তাৰ মাজতেই শ্বাহৰুখ খান হৈছে এনে এগৰাকী তাৰকা যাক দিলীপ কুমাৰ আৰু চাইৰা বানুয়ে নিজ পুত্ৰজ্ঞান কৰিছিল। গতিকে, এনেক্ষেত্ৰত শ্বাহৰুখ খানেও দিলীপ কুমাৰক শেষ বিদায় দিয়াৰ বাবে তাত উপস্থিত থাকে। ইয়াৰ পিছতেই চচিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ফটো; য’ত শ্বাহৰুখ খানে চানগ্লাছ যোৰ পিন্ধি চাইৰা বানুক সান্তনা দি থকা দেখিবলৈ পোৱা যায়। এই কথাটোত অভিনেতা গৰাকী বহুল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। য’ত এজনে কৈছে যে, “মৃতকৰ ঘৰত সময়ত চানগ্লাছ? বলীউড মিছা হয়!” তাতেই আকৌ আন এজনে মন্তব্য কৰিছে যে, “মাস্ক পৰিধান কৰাৰ প্ৰয়োজন আছিল কিন্তু সেয়া নকৰিলে; চানগ্লাছ পিন্ধিছে তাকো ঘৰৰ ভিতৰত। এওঁলোক বিজ্ঞানতকৈও উৰ্দ্ধত।” আজনে কৈছে যে, “সান্তনা দিবলৈ আহিছে নে পাৰ্টিত আহিছে।”
অৱশ্যে এই ক্ষেত্ৰত কিং খানৰ অনুৰাগী সকলেও পিছ হুহুঁকি যোৱা নাই। তেওঁলোকে কিং খানক এই সমালোচনা সমূহৰ পৰা ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। উল্লেখ্য যে, যোৱা ৩০ জুনত দিলীপ কুমাৰত হস্পিটেলত ভর্তি কৰোৱা হয়। মৃত্যুৰ সময়ত তেওঁৰ কাষত আছিল পত্নী চায়েৰা বানু।
ছয়টা দশকৰ অভিনয় জীৱন দিলীপ কুমাৰৰ। বলিউডত তেওঁ পৰিচিত আছিল ‘ট্ৰেজেডি কিং’ নামেৰে। ৬৫খনৰো অধিক ছবিত তেওঁ অভিনয় কৰিছে। তেওঁৰ অভিনীত আইকনিক ছবিবোৰৰ ভিতৰত উল্লেখযোগ্য ‘দেৱদাস’, ‘নয়া দৌৰ’, ‘মোগল-এ-আজম’, ‘গঙ্গা যমুনা’, ‘ক্রান্তি’ আৰু ‘কর্মা’। তেওঁক শেষবাৰ পর্দাত দেখা গৈছিল ১৯৯৮ চনত ‘কিলা’ ছবিত।
You may also like
Powerful Spark! Farah Khan’s Viral YouTube Glam—Diamonds, Drama & Pure Delight
Farah Khan’s YouTube Escapades: Diamonds, Drama, and Dishing Out Deliciousness! In a world where the glimmer of cinema often overshadows genuine talent, Farah Khan-our beloved choreographer and filmmaker...
Saurabh Kumar Chaliha’s ‘Ayurekha’ Showcased at the 50th Anniversary Celebration of Aikyatan—Prantik Deka
In 1976, the visionary writer, journalist and playwright Pabitra Kumar Deka founded Aikyatan, which has evolved into a prominent cultural haven in Guwahati. Today, this cornerstone of Guwahati’s cultural scene...
উৎপল মেনালৈ “শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক”ৰ শিতানত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা-২০২১ | –অপূৰ্ব বৰুৱা
চিনেমা সমালোচক, ৰূপালী পৰ্দা ডট কমৰ সম্পাদক উৎপল মেনালৈ আগবঢ়োৱা হৈছে ২০২১ চনৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ সমালোচকৰ শিতানত মুনিন বৰুৱা বঁটা। সমালোচক গৰাকীয়ে যোৱা ১৫ ফেব্ৰুৱাৰী (২০২৬) তাৰিখে এই বঁটা গ্ৰহণ গ্ৰহণ...
Assamese film, ‘Prastabana – The Preamble’ set to grace the screens on January 16th –Prantik Deka
The arrival of the New Year brings promising news for fans of Assamese cinema. The Assamese film ‘Prastabana — The Preamble’, brought to life by JD and KP Productions – a directorial collaboration between Dilip Borah...
Unbreakable Truth: Pooja Bhatt’s Powerful Journey from Lonely Marriage to Self-Love
In the glimmering world of glitz and glam, where love stories are often painted in shades of fairy tales, Pooja Bhatt steps forward with a tale that is as raw and real as the cinematic journeys she’s crafted on screen...
কলকাতাত ভূপেন হাজৰিকাৰ বিষয়ক নাটকৰ বাবে গন্ধৰ্ব’ক আমন্ত্ৰণ
মালিগাঁও বৰিপাৰৰ অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ই ডিচেম্বৰত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত আয়োজিত তৃতীয় বাৰ্ষিক নাট মহোৎসৱত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আধাৰিত নাট ‘মই আৰু মোৰ ছাঁ’ নিবেদন কৰি...







Add comment