দিলীপ কুমাৰৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিছে বুলি ব্যক্ত কৰিছে এতিয়া একাংশই। ছবিজগতৰ পৰা এক কহিনুৰ হেৰাই গ’ল বুলিও মন্তব্য কৰিছে বহুতে; বি-টাউনৰ প্ৰতিজন চিলেব্ৰেটীয়ে ব্যক্তিগত ইনষ্টাগ্ৰাম যোগে “ট্ৰেজেদী কিং” গৰাকীলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে। দিলীপ কুমাৰক অন্তিমবাৰৰ বাবে মাতষাৰ দিবলৈ তেওঁলোকৰ ঘৰত প্ৰায় প্ৰত্যেকগৰাকী তাৰকাই উপস্থিত হৈছিল। তাৰ মাজতেই শ্বাহৰুখ খান হৈছে এনে এগৰাকী তাৰকা যাক দিলীপ কুমাৰ আৰু চাইৰা বানুয়ে নিজ পুত্ৰজ্ঞান কৰিছিল। গতিকে, এনেক্ষেত্ৰত শ্বাহৰুখ খানেও দিলীপ কুমাৰক শেষ বিদায় দিয়াৰ বাবে তাত উপস্থিত থাকে। ইয়াৰ পিছতেই চচিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ফটো; য’ত শ্বাহৰুখ খানে চানগ্লাছ যোৰ পিন্ধি চাইৰা বানুক সান্তনা দি থকা দেখিবলৈ পোৱা যায়। এই কথাটোত অভিনেতা গৰাকী বহুল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। য’ত এজনে কৈছে যে, “মৃতকৰ ঘৰত সময়ত চানগ্লাছ? বলীউড মিছা হয়!” তাতেই আকৌ আন এজনে মন্তব্য কৰিছে যে, “মাস্ক পৰিধান কৰাৰ প্ৰয়োজন আছিল কিন্তু সেয়া নকৰিলে; চানগ্লাছ পিন্ধিছে তাকো ঘৰৰ ভিতৰত। এওঁলোক বিজ্ঞানতকৈও উৰ্দ্ধত।” আজনে কৈছে যে, “সান্তনা দিবলৈ আহিছে নে পাৰ্টিত আহিছে।”
অৱশ্যে এই ক্ষেত্ৰত কিং খানৰ অনুৰাগী সকলেও পিছ হুহুঁকি যোৱা নাই। তেওঁলোকে কিং খানক এই সমালোচনা সমূহৰ পৰা ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। উল্লেখ্য যে, যোৱা ৩০ জুনত দিলীপ কুমাৰত হস্পিটেলত ভর্তি কৰোৱা হয়। মৃত্যুৰ সময়ত তেওঁৰ কাষত আছিল পত্নী চায়েৰা বানু।
ছয়টা দশকৰ অভিনয় জীৱন দিলীপ কুমাৰৰ। বলিউডত তেওঁ পৰিচিত আছিল ‘ট্ৰেজেডি কিং’ নামেৰে। ৬৫খনৰো অধিক ছবিত তেওঁ অভিনয় কৰিছে। তেওঁৰ অভিনীত আইকনিক ছবিবোৰৰ ভিতৰত উল্লেখযোগ্য ‘দেৱদাস’, ‘নয়া দৌৰ’, ‘মোগল-এ-আজম’, ‘গঙ্গা যমুনা’, ‘ক্রান্তি’ আৰু ‘কর্মা’। তেওঁক শেষবাৰ পর্দাত দেখা গৈছিল ১৯৯৮ চনত ‘কিলা’ ছবিত।
You may also like
Kok Kok Kokok | লুকানিয়াত অসমৰ চিনেমাৰ বিজয়
অসমীয়া চিনেমাৰ সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত ২০২৬ চনৰ আগষ্ট মাহে এটা গুৰুত্বপূৰ্ণ অধ্যায় সংযোজন কৰিলে। অসমৰ পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’-এ ইটালীৰ পিষ্টিচ্চিত অনুষ্ঠিত ২৭সংখ্যক লুকানিয়া ফিল্ম ফেষ্টিভেলত...
Breaking Barriers in Tradition: How Barun Sarma Empowered Assam’s First All-Women Vyas Ojapali Troupe—Prantik Deka
Barun Sarma-The silent devotee of Vyas Ojapali Assam’s folk culture is not merely a relic of the past; it is a vibrant, living stream of our spiritual and social existence. Notably, an inimitable and vital component of...
ভ্ৰাম্যমাণ থিয়েটাৰ ২০২৬-২৭ | খবৰ |
|বীৰেণ কলিতা ২০২৬-২৭ ভ্ৰাম্যমাণ নাট্যবৰ্ষৰ প্ৰায়বোৰ নাট্যদলৰ প্ৰস্তুতি, নাটক, নৃত্য, গীতৰ আখৰা সম্পূৰ্ণ হৈ উঠিছে। যোৱা জুলাই মাহত আৰম্ভ কৰা আখৰা এতিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰি এতিয়া দৰ্শক ৰাইজৰ...
Assamese YouTuber Bhukhan Pathak Steps Up for Assam Flood Victims, Distributes Relief Worth ₹3 Lakh in First Phase-Prantik Deka
Popular Assamese YouTuber and social media influencer Bhukhan Pathak has once again stepped forward to support flood-affected families in Assam, extending financial and humanitarian assistance to people struggling with...
‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ | সীমান্তৰ সিপাৰে মানুহৰ পৃথিৱী | চিনে-সংবাদ
সীমান্ত মানে কেৱল এখন ৰেখা নহয়। মানচিত্ৰত আঁকি দিয়া সেই ৰেখাই এখন দেশৰ পৰা আন এখন দেশ, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্য, এটা প্ৰশাসনিক অঞ্চলৰ পৰা আন এটা অঞ্চল পৃথক কৰে। কিন্তু মানুহৰ জীৱন সদায় মানচিত্ৰৰ নিয়মত নচলে। ভাষা...
নতুন চিনেমা | পাঞ্জা… | প্ৰথম খন ভাৰতীয় চিনেমা
|উৎপল মেনা “ভাইমনদা” -ৰ পৰিচালক শশাংক সমীৰে দ্বিতীয়খন চিনেমাৰ কাম আৰম্ভ কৰিছে। আশা কৰিছিলোঁ– প্ৰথম স্বাধীন পৰিচালনাতে সফলতাৰ কটা পৰিচালক গৰাকীৰ দ্বিতীয়খন পৰিচালনা জুবিন কেন্দ্ৰিক হ’ব! কিন্তু কালি...







Add comment