Rupaliparda.com
"শিল্পী" শব্দটো আচলতে বহু ওপৰৰ; ঢুকি পোৱা সহজ নহয়।"- পাৰ্থ গোস্বামী 1

“শিল্পী” শব্দটো আচলতে বহু ওপৰৰ; ঢুকি পোৱা সহজ নহয়।”- পাৰ্থ গোস্বামী

মনোৰঞ্জন ক্ষেত্ৰখনত বৰ্তমানৰ চৰ্চিত বিষয়টো হৈছে “Jibon Unplugged” ৰ হৃদয়স্পৰ্শী খণ্ডসমূহ। আমাৰ জীৱনৰ সৰু অথচ গভীৰ কথাবোৰক লৈ নিৰ্মাণ হোৱা এই খণ্ডসমূহৰ কাহিনীবোৰে আপ্লুত কৰিছে ৰাইজক। কাহিনীৰ আঁৰত থকা পাৰ্থ গোস্বামীয়ে যেন প্ৰতিজন দৰ্শকক কাহিনীভাগৰ ওপৰত ভাবিবলৈ আহৰি প্ৰদান কৰিছে। জীৱনৰ সৰু সৰু মূহুৰ্তসমূহক লৈ পাৰ্থ গোস্বামীয়ে লিখি উলিওৱা এই কাহিনীসমূহে মনোৰঞ্জন প্ৰেমী জনসাধাৰণৰ বহুল চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰেম, বন্ধুত্ব, আৱেগ তথা কিছু আশা-অনুভূতিৰে নিৰ্মিত “Jibon Unplugged” চিৰিজখনৰ ৪ টা খণ্ডই লাভ কৰিছে মুক্তি। প্ৰতিটো খণ্ডই কঢ়িয়াইছে ব্যতিক্ৰমী কাহিনী; ১০০ জন দৰ্শকৰ ভিতৰত ৭৫ গৰাকীৰ সৈতে ক’ৰবাত নহয় ক’ৰবাত খাপ খাইছে উক্ত চিৰিজখন। আপুনি খণ্ডসমূহৰ কমেণ্ট দেখিলেই বুজি উঠিব সকলো; Youthzkorner ৰ বেনাৰত নিৰ্মিত এই চিৰিজখনৰ প্ৰতিটো খণ্ড লিখি উলিয়াইছে পাৰ্থ গোস্বামীয়ে। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আমি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এইগৰাকী স্ক্ৰীপ্ট ৰাইটাৰক। তেওঁৰ পৰা জানিবলৈ বিচাৰিছিলোঁ কিছু কথা; চাওঁচোন আহকঃ

"শিল্পী" শব্দটো আচলতে বহু ওপৰৰ; ঢুকি পোৱা সহজ নহয়।"- পাৰ্থ গোস্বামী 2

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

পাৰ্থ গোস্বামীঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ লগত আমি সকলোৱেই পৰোক্ষভাৱে অথবা প্ৰত্যক্ষভাৱে সৰুৰ পৰাই জড়িত। লিখি ভাল পাওঁ; কলেজীয়া দিনত নাটকৰ কৰ্মশালা কৰাৰ দিনৰ পৰাই বহু কেইজন ব্যক্তিৰ সংস্পৰ্শলৈ অহা হৈছিল আৰু এনেকৈয়ে এদিন জড়িত হৈ পৰিছিলোঁ ৰং চেনেলৰ এখন ধাৰাবাহিকৰ লগত। যদিও, কামটো সম্পূৰ্ণ নহ’ল কিন্তু ই দি গ’ল লিখাৰ সাহস। গ্লেমাৰ অথবা বাণিজ্যিকভাৱে সফল কিবা এটাৰ পিছত দৌৰাতকৈ বুকুৰ কাষৰ শব্দবোৰক স্ক্ৰীপ্টৰ আকাৰ দিয়া আৰম্ভ কৰিলোঁ। “Jibon Unplugged” হৈছে আনতকৈ বেছি নিজৰ বাবে লিখা চিৰিজ।

"শিল্পী" শব্দটো আচলতে বহু ওপৰৰ; ঢুকি পোৱা সহজ নহয়।"- পাৰ্থ গোস্বামী 3

প্ৰশ্নঃ “Jibon Unplugged” ৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “আবেলিৰ ৰ’দালি” কাহিনী ভাগে জনসমাজত সমাদৰ লাভ কৰিছে। তোমাৰ কেনে অনুভৱ হয়?

পাৰ্থ গোস্বামীঃ অসমত এনে চুটি ছবিৰ ধাৰণা নতুন। মানুহে আঁকোৱালি ল’বলৈ অলপ সময় লাগিব। “Jibon Unplugged” প্ৰতিজন ব্যক্তিৰ কাহিনী; আমাৰ বাবেও “Jibon Unplugged” ৰ শ্বুটিং কৰাটো আছিল এটি সাহসৰ কাম কাৰণ ইয়াৰ প্ৰতিটো খণ্ড আছিল তেনেই সাধাৰণ। কোনো মছলা নাই, কমেডি নাই অথবা যৌনতা নাই। ইমান সাধাৰণ বস্তু এটাক মানুহে আঁকোৱালি লোৱাটো আমাৰ কষ্টৰ মূল্য।লক্ষ্য এটাই আছিল যদি দহজন দৰ্শকেও ইয়াক উপভোগ কৰে আৰু হৃদয়ত শব্দবোৰ অনুভৱ কৰিব পাৰে তেতিয়াহ’লে আমি সফল। মাৰ্কেটিঙৰ ভাষাত ইয়াক “niche marketing” কোৱা হৈছে; য’ত এক বিশেষ শ্ৰেণীৰ দৰ্শকক টাৰ্গেট কৰা হয়। নিশ্চয়কৈ, এই চিৰিজখন দৰ্শকে আঁকোৱালি লোৱা দেখি সাহস পাইছোঁ, নতুন সপোন দেখিবলৈ পাইছো।

"শিল্পী" শব্দটো আচলতে বহু ওপৰৰ; ঢুকি পোৱা সহজ নহয়।"- পাৰ্থ গোস্বামী 4

প্ৰশ্নঃ এগৰাকী প্ৰকৃত “শিল্পী” তোমাৰ কাৰণে কোন?

পাৰ্থ গোস্বামীঃ মোৰ বাবে “শিল্পী” হৈছে এক শক্তিশালী সত্ত্বা যিয়ে প্ৰতিজন ব্যক্তিক শিকাব পাৰে জীয়াই থাকিবলৈ। কেতিয়াবা শব্দই কথা ক’ব নোৱাৰে আৰু এইবাবেই হয়তো কলাৰ সৃষ্টি হৈছে। বুজাব নোৱাৰা, বুজিব নোৱাৰা বহু কথাক শিকাই যায় এগৰাকী শিল্পীয়ে, মানুহক মানুহ হোৱাত সহায় কৰে এজন শিল্পীয়ে, ভাগৰুৱা নয়নত সপোন আঁকিব শিকাই এজন শিল্পীয়ে। মোৰ বাবে, শিল্পী হৈছে তেওঁ যাৰ দায়বদ্ধতা আছে আনৰ প্ৰতি, যাৰ সৃষ্টি হৈছে পৰিবৰ্তন নামত। “শিল্পী” শব্দটো আচলতে বহু ওপৰৰ; ঢুকি পোৱা সহজ নহয়।

"শিল্পী" শব্দটো আচলতে বহু ওপৰৰ; ঢুকি পোৱা সহজ নহয়।"- পাৰ্থ গোস্বামী 5

প্ৰশ্নঃ তোমাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

পাৰ্থ গোস্বামীঃ কম দিনৰ ভিতৰতে জীৱন unplugged ৰ দ্বিতীয়টো সংস্কৰণৰ কাম কৰাৰ কথা ভাবি আছোঁ।এইবাৰ বিষয়বস্তু বেলেগ।লগতে, সমান্তৰালভাৱে দুই এখন স্ক্ৰীপ্টৰ কাম চলি আছে। “live Story telling” কৰা হৈছিল এটা সময়ত যদিও ক’ভিডৰ বাবে ই বৰ্তমান বন্ধ; সেইবাবেই এটা অপেন মাইক চেনেলৰ পৰিকল্পনা চলি আছে লগতে সকলো ঠিকে থাকিলে অহাবাৰৰ গ্ৰন্থ মেলাত এটি নতুন খবৰ দিবলৈ আগ্ৰহী। পেছাগত ভাৱে “Government funded company” এটাৰ co-founder হিচাপে কাম কৰি আছোঁ। গতিকে দুখন বেলেগ পৃথিৱীক একেলগে বান্ধি ৰখাটোৰ বাবে প্ৰয়োজনীয় সাহস গোটাই বৰ্তমান নিজক বিচৰাত ব্যস্ত

"শিল্পী" শব্দটো আচলতে বহু ওপৰৰ; ঢুকি পোৱা সহজ নহয়।"- পাৰ্থ গোস্বামী 6

ৰূপালীপৰ্দাঃ ধন্যবাদ পাৰ্থ গোস্বামী। আপোনাৰ কথা সমূহে নিশ্চয় আন বহুতক উপকৃত কৰিব।

পাৰ্থ গোস্বামীঃ ধন্যবাদ ৰূপালীপৰ্দা; মোক এইকণ সুবিধা দিয়াৰ বাবে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform