Rupaliparda.com
প্ৰকৃতিকেন্দ্ৰিক নতুন গীত "আকাশ নীলা"- 1

প্ৰকৃতিকেন্দ্ৰিক নতুন গীত “আকাশ নীলা”-

প্ৰকৃতি আৰু আমাৰ কেউদিশৰ পৰিৱেশটোৱে আমাক বাৰুকৈয়ে আকৰ্ষণ কৰে। আমি প্ৰশান্তি লাভ কৰোঁ প্ৰকৃতিৰ বুকুত; অৱশ্যে প্ৰকৃতি বুলি ক’লেই আমি ইয়াত কেৱল গছ-গছনিকেই সন্নিৱিষ্ট নকৰোঁ। আমাৰ চাৰিওফালৰ পৰিৱেশটোৱে হৈছে ভগৱানৰ অন্যতম সৃষ্টি; সেয়া লাগিলে পোক-পতংগই নহওক কিয়! আমাৰ মাজৰ প্ৰায় প্ৰত্যেকগৰাকীয়ে প্ৰকৃতিৰ বুকুত জিৰণি ল’বলৈ বিচাৰোঁ, অইন শব্দ অথবা অইন কোলাহলৰ বাদে আমি প্ৰকৃতিৰ সুন্দৰ তথা অবিৰত কোলাহলৰ মাজতেই নিজক অকণমান আহৰি দিবলৈ বিচাৰোঁ। গছ-গছনি, জীৱ-জন্তুৰ পৰা পোক-পতংগ আদি প্ৰতিটো প্ৰকৃতিৰ উপাদানক আমি মানৱ জাতিয়ে সযতনে ৰখাটো আমাৰ দায়িত্ব; প্ৰকৃতি সংৰক্ষণকাৰী যাদৱ পায়েঙৰ উদাহৰণ আমি এই ক্ষেত্ৰত দিব পাৰোঁ। বিশ্ব দৰবাৰত ইতিমধ্যে তেওঁ অসমৰ নাম উজ্বলাই ৰাখিছে; তেওঁ সঁচাকৈ আমাৰ সকলোৰে বাবে আদৰ্শ তথা উৎসাহৰ কাৰণ। এই কথাখিনি টানি অনা প্ৰসংগত আছে এটা অইন কাৰণহে; প্ৰকৃতিক লৈ ইতিমধ্যে মনোৰঞ্জন ক্ষেত্ৰখনত যথেষ্ট প্ৰকল্পৰ সৃষ্টি হৈছে। এইবাৰ এই প্ৰকৃতিক মাধ্যম হিচাপেই লৈয়ে নৱপ্ৰজন্মৰ একাংশ প্ৰতিভাই নিৰ্মাণ কৰি উলিয়াইছে আন এটি নতুন গীত। গীতটিৰ নাম হৈছে “আকাশ নীলা”। গীতটিৰ জৰিয়তে সুন্দৰ প্ৰকৃতিৰ আভাষ দিবলৈ চেষ্টা কৰিছে এওঁলোক প্ৰত্যেকেই।


Ambience NE Records নামে ইউটিউব চেনেলত মুক্তি লাভ কৰা এই গীতটি নৱপ্ৰজন্মৰ দলটোৰ দ্বাৰা সৃষ্ট “হেঙুল(আকাশ এখন আমাৰ) নামে এলবামটোৰ অন্তৰ্গত। ইয়াৰ পূৰ্বেও, এই এলবামটোৰ অন্তৰ্গত দুটাকৈ গীতক মুকলি কৰি দিছে দলটোৱে। ইয়াৰ লগতে, প্ৰতিমাহে তেওঁলোকে একোটা গীত ৰাইজৰ মাজলৈ উলিয়াই আনিব বুলি জানিব পৰা গৈছে। “আকাশ নীলা” শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে অৰূপ দাসে লগতে গীতটিত সুৰ আৰু সংগীত কৰিছে বিশ্ব বিদ্যুৎ দাসে। আনহাতে, গীতটিত কথা ৰঞ্জু ভূঞাৰ। কণ্ঠত সহযোগ কৰিছে ক্ৰমে অনুৰাগ বৰুৱা, ভায়লিনা ফুকন আৰু বিশ্ব বিদ্যুৎ দাসে। শব্দ সংমিশ্ৰণ কৰিছে মুক্তি মূহুূৰ্ত হাজৰিকাই। নৱপ্ৰজন্মৰ প্ৰকল্প, তেওঁলোকৰ সৃষ্টি তথা তেওঁলোকৰ প্ৰতিভাই প্ৰতিজন সৰ্বসাধাৰণ লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জনপ্ৰিয়তাৰ মোহৰ নিজৰ নামৰ সৈতে লগ নালাগিলেও তেওঁলোকৰ প্ৰতিভাৰ কথা নুই কৰিব পৰা নাযায়। উক্ত দলটিও তেনে প্ৰতিভাৰ মাজৰে একোজন।নতুন গীত, নতুন কন্ঠৰ আদৰণি প্ৰত্যেকেই প্ৰত্যেকদিনাই কৰা আমি দেখি আহিছো। আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটা সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে।

প্ৰকৃতিকেন্দ্ৰিক নতুন গীত "আকাশ নীলা"- 2


যদিও সংগীতৰ ধাৰাৰ সাল-সলনি কৰা হৈছে, যদিও বৰ্তমানৰ কিছু সংগীতে নতুন ৰূপ লৈছে তথাপিও উঠি অহা কেইগৰাকী মান কন্ঠশিল্পীৰ সৃষ্টিত বিশ্বাস ৰাখিয়ে একাংশই তেওঁলোকৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform