Rupaliparda.com
"নৈ" নামেৰে নামকৰণ নীলোৎপল বৰাৰ কন্যাৰঃ 1

“নৈ” নামেৰে নামকৰণ নীলোৎপল বৰাৰ কন্যাৰঃ

কণ্ঠশিল্পী নীলোৎপল বৰাই পিতৃসুখ লাভ কৰাৰ পিছৰে পৰা তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈ আহিছে। বিভিন্ন সময়ত তেওঁৰ ভিডিঅ’ তথা ফটো ভাইৰেল হৈ আহিছে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰিয়ম প্ৰিয়া হাজৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা নীলোৎপল বৰা বৰ্তমান এগৰাকী কন্যা সন্তানৰ পিতৃ। তেওঁৰ কন্যা শিশুটিয়ে জন্ম লাভ কৰাৰ পিছৰে নীলোৎপল বৰাই মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰায় প্ৰতিগৰাকী চিলেব্ৰেটীৰ পৰা লাভ কৰিছে শুভকামনা। শেহতীয়াকৈ, কণ্ঠশিল্পীগৰাকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কন্যা সন্তানটোৰ নাম। পিতৃসুখ লাভ কৰাৰ পিছৰ পিছতেই নীলোৎপল বৰাই তেওঁৰ কণমাণিটোক নিজ গীতেৰে নিচুকাই থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। তেওঁলোকে সন্তানটিৰ নাম দিছে “নৈ”; আৰু সকলোকে সেই নামটিৰেই শিশুটিক মাতিবলৈ আহ্বান কৰিছে। তেওঁ কয় যে, “পোনপ্ৰথমেই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ । আমাৰ জীৱনলৈ কণমানিজনী অহা দিনাৰে পৰা আমালৈ বহুতে ফোন, মেচেজ বা সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাই আহিছে,আমি বহুতকে ব্যক্তিগতভাৱে ধন্যবাদ জনাব পৰা নাই,তাৰ বাবে কোনেও যাতে বেয়া পাই নেথাকে ! সকলোৰে মৰম আৰু আশীৰ্বাদত দিনবোৰ আগবাঢ়িছে,জীৱন আগবাঢ়িছে।”

"নৈ" নামেৰে নামকৰণ নীলোৎপল বৰাৰ কন্যাৰঃ 2

তেওঁ আগলৈ কয় যে,”আজি কণমানিজনিৰ “বাজ/বাহিৰ/সূৰুয দেৱতা দেখুওৱা” কাৰ্যভাগ সম্পন্ন হয় । কণমানিজনীৰ নামটোও এইখিনিতে সকলোকে জনাওঁ ; ঘৰত মতা নাম আমি “নৈ” ৰাখিছোঁ , সকলোৱে যেন তাইক “নৈ” বুলিয়েই মাতে ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.